এই TVS ই-স্কুটাৰখনে বজাৰত আলোড়নৰ সৃষ্টি কৰিছে

WhatsApp Follow

This TVS e-scooter created a stir in the market: ভাৰতীয় অটোমোবাইল নিৰ্মাতা কোম্পানী tvs মুকলি কৰিছে এখন নতুন ইলেক্ট্ৰিক স্কুটাৰ। TVS ক্ৰিয়েন নামৰ এই ইলেক্ট্ৰিক স্কুটাৰখনত স্মাৰ্ট ফিচাৰ আছে। অৰ্থাৎ স্মাৰ্টৱাচৰ সহায়ত স্কুটাৰখন লক কৰি আনলক কৰিব পাৰিব।

TVS ভাৰতত মাত্ৰ এখন ইলেক্ট্ৰিক স্কুটাৰ আইকিউব বিক্ৰী কৰে। এই লাইন আপ বৃদ্ধিৰ বাবে TVS নতুন ইলেক্ট্ৰিক স্কুটাৰ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বজাৰত জল্পনা-কল্পনা TVS ক্ৰিয়েন বজাৰত আহিব। ২৩ আগষ্টত মুকলি কৰা হ’ব এই স্কুটি।

এই স্কুটাৰখন একেবাৰে নতুন কনচেপ্টৰ ওপৰত ভিত্তি কৰি আহিব। TVS প্ৰথমে ডুবাইত মুকলি কৰিব এই স্কুটি। শেহতীয়াকৈ কোম্পানীটোৱে দুচকীয়া বাহনখনৰ এটা টিজাৰ ভিডিঅ’ মুকলি কৰিছে। এই ইলেক্ট্ৰিক স্কুটাৰখনৰ ইনষ্ট্ৰুমেণ্ট কনছ’ল আৰু এল ই ডি হেডলেম্পৰ আভাস পোৱা গৈছে।

স্কুটাৰখনৰ টাৰ্ণ চিগনেল আৰু পিছফালৰ প্ৰফাইল দেখা গৈছিল। নেটত বহুতে দাবী কৰিছে যে এই স্কুটাৰখনত TVS আইকিউতকৈ অধিক বৈশিষ্ট্য থাকিব আৰু কোম্পানীটোৰ ফ্লেগশ্বিপ স্কুটাৰ হ’ব।

অটো ৰিপ’ৰ্টছৰ মতে, এই স্কুটীখনত তিনি ধৰণৰ লিথিয়াম-আয়ন বেটাৰী পেক থাকিব পাৰে। এই স্কুটাৰখন ঘণ্টাত ০ৰ পৰা ৯৬ কিলোমিটাৰলৈ গতি কৰিবলৈ ৫.১ ছেকেণ্ড সময় লাগিব। TVS ক্ৰিয়েনে সম্পূৰ্ণ চাৰ্জত ৮০ কিলোমিটাৰ ৰেঞ্জ দিব পাৰে। দ্ৰুত চাৰ্জিঙৰ সৈতে বেটাৰী ০ৰ পৰা ৮০ শতাংশ চাৰ্জ হ’বলৈ ১ ঘণ্টাৰো কম সময় লাগিব।

ৰেঞ্জৰ ক্ষেত্ৰত এই স্কুটাৰখন ভাৰতৰ বৰ্তমানৰ মডেলতকৈ যথেষ্ট কম। গতিকে আশা কৰা হৈছে যে টপ স্পেক ভেৰিয়েণ্টে ১৫০ কিলোমিটাৰ ৰেঞ্জ পাব। টিজাৰত আৰু এটা বৈশিষ্ট্য নিশ্চিত কৰা হৈছে। স্মাৰ্টৱাচৰ সহায়ত ৰাইডাৰসকলে এই স্কুটাৰখন আনলক কৰিব পাৰিব।

এই ইলেক্ট্ৰিক স্কুটাৰত ডিজিটেল ডিছপ্লে, ব্লুটুথ, স্মাৰ্টফোন আৰু স্মাৰ্টৱাচ সংযোগ আৰু এল ই ডি লাইটিং থাকিব পাৰে। টিভিএছে ২০১৮ চনত প্ৰথমবাৰৰ বাবে এই ক্ৰিয়েন আনিছিল।

Leave a Comment