পৰিয়ালৰ মানুহে বুজাই তোৰ ভাগ্য খনেই ভাল ল’ৰা চৰকাৰী চাকৰিয়াল আৰু কি লাগে, বয়সটো অলপ বেছি যদিও…

WhatsApp Follow

বিবাহ স্থলীত এনে বহু কইনা দেখো, যিয়ে মাক-দেউতাকৰ মুৰৰ বোজা কমাবলৈ.,মুখত মেকআপ সানি নিজৰ মনৰ দুখ আৰু অসহায়তাক শেতা নিৰৱ হাঁহি টোৰে ঢাকিবলৈ আপ্ৰান চেষ্টা কৰে ।

মাকে বুজাই আমি জীয়াই থাকোতেই বিয়া খন হৈ ল’.,পাছত ককায়েৰৰ বিয়া পাতিলে বৌয়েৰাই লেইলেই চেইচেই কৰিব ।

বাপেকে বুজাই ভাল ঘৰৰ ভাল ল’ৰা জাতি-গোষ্ঠী মিলিছে বিয়া হ’.,নিজে কাৰোৱাক চাই থৈছ যদি আজিৰ পৰা সেইবোৰক পাহৰি যা.,দেখিছ নহয় বায়েৰৰ অৱস্থা..,শাহু-শহুৰক ভালকৈ শুশ্ৰূষা কৰিবি.,তই পঢ়িব খোজা কথাটোও কৈছো.,চিন্তা কৰিম বুলি কৈছে ।

বায়েকে বুজাই দেখিছ নহয় নিজৰ মতে বিয়া হৈ আজি মোৰ কি অৱস্থা.,দেউতাই যি কৰিছে ভাল কৰিছে.,বিয়া হ’ ।

ককায়েকে বুজাই বিয়া হ’লি এতিয়া আমাৰ সন্মান টো ৰক্ষা কৰিবি বেলেগৰ ঘৰ.,কেতিয়াবা ঘৰত আহিব মন গ’লে ফোন কৰিবি মই গৈ লৈ আহিম দুই-এদিন থাকি যাবিহি ।

পৰিয়ালৰ মানুহে বুজাই তোৰ ভাগ্য খনেই ভাল ল’ৰা চৰকাৰী চাকৰিয়াল আৰু কি লাগে.,বয়সটো অলপ বেছি যদিও.,একেলগে থাকিলে লাহে লাহে সব মিলি যায় । আমাৰ অমুকৰ দেখা নাই জানো।

শাহুয়েকে বুজাই মোৰ এটাই ল’ৰা বৰ মৰমৰ.,এতিয়া তুমি এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী হ’লা.,ঘৰৰ মৰ্য্যদা খিনি ৰাখি.,ভাল বোৱাৰী হৈ থাকিবা । বাকী মোক ধুনীয়া নাতি পোৱালী দুটা দিলেই হ’ল আৰু মোক একো নালাগে ‌।

শহুৰেকে বুজাই আমাৰ ঘৰৰ বোৱাৰী হোৱাটো ভাগ্যৰ কথা.,বহুত‌ ছোৱালী আহিছিল আমাৰ পোনাটোলৈ.,পিছে সি তোমাক পছন্দ কৰিলে.,এতিয়া ঘৰৰ সুখ শান্তি দায়িত্ব আৰু সন্মান তোমাৰ হাতত.! তোমাৰ দেউতাৰাই তোমাৰ কলেজত পঢ়িব মন থকা বুলি কৈছে.,পিছে আমাৰ ঘৰৰ বোৱাৰী বেলেগ ল’ৰাৰ লগত বহি সমানে কলেজ যোৱাটো মোৰ পছন্দ নহয় । বাকী তুমি পোনাৰ লগত কথা পাতি ল’বা সি কি কয়…!

গিৰিয়েক বুজায়.,আজিৰ পৰা অলপ বেছি বেছিকৈ খাবা.,অলপ শকত হ’বা.,নহ’লে বয়সটো বৰ সৰু সৰু লাগিব । বিয়াত‌‌ দিয়া গহনা কেইটা মাৰ হাততে থৈ দিবা.,তোমাক লাগিলে খুজি পিন্ধিবা.,মায়ো ভাল পাব । তোমাৰ বুলে পঢ়িবলৈ মন দেউতাই কৈছে.,পিছে তাৰ আগত মাৰ আইতা হোৱাৰ সপোনটো পূৰা কৰি ল’লে কেনে হয় । এনেও ইমান পঢ়ি শুনি কি কৰিবা । মইটো ইনকাম কৰোৱেই ‌। ৰাতিপুৱা সোনকালে উঠি গা-পা ধুই.,পূজা পাতল কৰি সবকে চাহ পানী দি ভাত খিনি ৰান্ধাৰ দায়িত্বটো তুমিয়েই লৈ লোৱা মাৰো অলপ সহায় হ’ব.,তোমাৰো ঘৰলৈ মনত পৰি নাথাকিব ।

এনেদৰে সকলোৱে বুজাই.,বুজাই আৰু বুজাই । কিন্তু কোনেও নুবুজে.,কোনেও নুসুধে…
তই বাৰু সুখী নে..? তই কি বিচাৰ..???
কাৰণ যদি তাই কিবা বিচাৰে…সেইখিনি দিয়াৰ সামৰ্থ কৰোঁ নাই…।।।

Disclaimer: এই কাহিনীটো দেৱশ্ৰী গোস্বামী নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. Assameseblogger039.Gmail.Com

Leave a Comment