ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

WhatsApp Follow

Loans up to Rs 10-50 lakh for goat and pig rearing ৰাজ্যৰ পশুপালকসকললৈ ভাল এটা ভাল খবৰ। পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ৫০ শতাংশ ৰাজসাহাৰ্যৰে ১০-৫০ লাখলৈ লোণ। ছাগলী আৰু গাহৰি পালনৰ বাবে উদ্যমিতা বিকাশ আঁচনিৰ অধিনত পশুপালকসকলে লাভ কৰিব এই ঋণ।

৫০ শতাংশ ৰাজসাহাৰ্যত এই আঁচনিৰ অধিনত ১০০ জনী মাইকী ছাগলী আৰু ৫ টা মতা ছাগলীৰ বাবে ১০ লাখ টকা, ২০০ জনী মাইকী ছাগলী আৰু ১০ টা মতা ছাগলীৰ বাবে ২০ লাখ টকা, ৩০০ জনী মাইকী ছাগলী আৰু ১৫ টা মতা ছাগলীৰ বাবে ৩০ লাখ টকা, ৪০০ জনী মাইকী ছাগলী আৰু ২০ টা মতা ছাগলীৰ বাবে ৪০ লাখ টকা একেদৰে ৫০০ জনী মাইকী ছাগলী আৰু ৫০ টা মতা ছাগলীৰ বাবে ৫০ লাখ টকা লাভ ঋণ পাব পশুপালকগৰাকীয়ে।

একেদৰে ৫০ জনী মাইকী আৰু ৫ টা মতা গাহৰিৰ বাবে ১৫ লাখ টকা, ১০ জনী মাইকী আৰু ১০ টা মতা গাহৰিৰ বাবে ৩০ লাখ টকাকৈ ৫০ শতাংশ ৰাজসাহৰ্যত ঋণ লাভ কৰিব কৃষকসকলে। অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ ৰাষ্ট্রীয় পশুধন অভিযান (National Livestock Mission), অসমৰ জৰিয়তে ৰূপায়িত এখন অভিলাষি আঁচনি উদ্যমিতা বিকাশ আঁচনি। এই আঁচনিৰ অধিনতে ব্যক্তি বিশেষৰ লগতে কৃষক উতপাদক গোট, আত্মসহায়ক গোটসমূহে লাভ কৰিব এই ঋণ।

আঁচনিৰ সবিশেষ জানিবলৈanimalhusbandry.assam.gov.in আৰু আবেদনৰ বাবে www.nlm.udyamimitra.in ত লগ ইন কৰক। বিতংভাবে জানিবলৈ জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া আৰু নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।

Leave a Comment