ফেব্ৰুৱাৰী মাহৰ এই দিনকেইটাত বেংক বন্ধ থাকিব, RBI-য়ে তালিকা প্ৰকাশ কৰিছে !

WhatsApp Follow

নতুন বছৰৰ প্ৰথম মাহটো শেষ। আমি ২০২৪ চনৰ দ্বিতীয় মাহত আছো। সময় যেন এনেকৈয়ে পাৰ হৈ যায়। কিন্তু আমাৰ জীৱনটো বন্ধ নহয়। গতিকে কাম, অফিচ, ব্যৱসায় সকলো কৰিব লাগিব। আৰু বিত্তীয় লেনদেন এই সকলোবোৰৰ লগত জড়িত। ফলত বেংকৰ বিষয়টো আহি পৰে। নতুন বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত বেংক কোন কোন তাৰিখে বন্ধ থাকিব জানক –

ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজৰ ৱেবছাইটত ফেব্ৰুৱাৰী মাহৰ বেংক ছুটীৰ তালিকা প্ৰকাশ কৰিছে। দেখা গৈছে যে জানুৱাৰী মাহত ছুটিৰ দিনকে ধৰি ১৬ দিনৰ বাবে বেংক বন্ধ আছিল যদিও ফেব্ৰুৱাৰী মাহত কিছু হ্ৰাস পাইছে। চলিত মাহত মুঠ ১১ দিন বেংক বন্ধ থাকিব।

প্ৰতি মাহৰ প্ৰতিটো দেওবাৰৰ উপৰিও দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ বেংক বন্ধ থাকে। ফেব্ৰুৱাৰী মাহত মুঠ ছটা উইকেণ্ড উপলব্ধ। ইয়াৰ উপৰিও বিভিন্ন কাৰণত আৰু ৫ দিনৰ বাবে বেংক বন্ধ থাকিব। কিন্তু অসমত বেংকৰ দুৱাৰ ১১ দিনৰ বাবে বন্ধ হৈ থকাটো সত্য নহয় কাৰণ ইয়াৰে কিছুমান ৰাজ্যভিত্তিক বন্ধৰ দিন। কিন্তু অসমত ফেব্ৰুৱাৰী মাহত বেংক বন্ধৰ দিনৰ সংখ্যা বৰ কম নহয়। অহা মাহত কেতিয়া আৰু কিয় বেংক বন্ধ হ’ব চাওঁ আহক।

ফেব্ৰুৱাৰী মাহত কোন কোন তাৰিখত বন্ধন্থাকিব বেংক ?

৪ ফেব্ৰুৱাৰী: দেওবাৰ (দেশজুৰি বেংকৰ বন্ধ)

১০ ফেব্ৰুৱাৰী: দ্বিতীয় শনিবাৰ (দেশজুৰি বেংক ছুটী)

১১ ফেব্ৰুৱাৰী: দেওবাৰ (দেশজুৰি বেংকৰ ছুটী)

১৪ ফেব্ৰুৱাৰী (বুধবাৰ): সৰস্বতী পূজা উপলক্ষে ত্ৰিপুৰা, পশ্চিম বংগ আৰু ওড়িশাত বেংক ছুটী পালন কৰা হ’ব।

১৫ ফেব্ৰুৱাৰী (বৃহস্পতিবাৰ): লুই-ঙাই-নী উপলক্ষে মণিপুৰত বন্ধ থাকিব বেংক।

১৮ ফেব্ৰুৱাৰী: দেওবাৰ (দেশজুৰি বেংকৰ বন্ধ)

১৯ ফেব্ৰুৱাৰী (সোমবাৰ): ছাত্ৰপতি শিৱাজী জয়ন্তী উপলক্ষে মহাৰাষ্ট্ৰত বেংক ছুটী থাকিব।

২০ ফেব্ৰুৱাৰী (মঙলবাৰ): ৰাজ্যিক দিৱসত মিজোৰাম আৰু অৰুণাচল প্ৰদেশত বেংক ছুটী।

২৪ ফেব্ৰুৱাৰী: চতুৰ্থ শনিবাৰ (দেশজুৰি বেংক ছুটী)

২৫ ফেব্ৰুৱাৰী: দেওবাৰ (দেশজুৰি বেংকৰ বন্ধ)

৬ ফেব্ৰুৱাৰী (সোমবাৰ): নৌকুম উপলক্ষে অৰুণাচল প্ৰদেশত বেংকৰ বন্ধ থাকিব।

আৰু পঢ়ক – OTP অবিহনে বেংক একাউণ্ট খালী, চৰকাৰে দিলে বন্ধ কৰাৰ উপায়

Leave a Comment