OTP অবিহনে বেংক একাউণ্ট খালী, চৰকাৰে দিলে বন্ধ কৰাৰ উপায়

WhatsApp Follow

আজিকালি চাইবাৰ অপৰাধ বাঢ়িছে। চাইবাৰ অপৰাধ বন্ধ কৰাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও নতুন পদক্ষেপ। ইয়াৰ পিছতো দিনক দিনে বৃদ্ধি পাইছে এই চাইবাৰ প্ৰৱঞ্চকৰ সংখ্যা। গতিকে স্বাভাৱিকতে ভাৰত চৰকাৰে প্ৰৱঞ্চকক ৰোধ কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিলে। নতুন সতৰ্কবাণী জাৰি কৰিছে চৰকাৰে। দেশবাসীক সচেতন আৰু সজাগ হ’বলৈ কোৱা বাৰ্তা –

চাইবাৰ প্ৰৱঞ্চকৰ পৰা মানুহক সুৰক্ষিত ৰাখিবলৈ ভাৰতৰ গৃহ মন্ত্ৰালয়ে এই নতুন সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণীত চাইবাৰ প্ৰৱঞ্চকৰ দ্বাৰা প্ৰৱঞ্চনাৰ এক নতুন পদ্ধতিৰ ওপৰত আলোকপাত কৰা হৈছে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা সতৰ্কবাণীত কোৱা হৈছে যে OTP নিবিচৰাকৈয়ে বেংক একাউণ্ট সম্পূৰ্ণ খালী হৈ যাব পাৰে।

মানুহক প্ৰতাৰণা কৰাৰ নতুন উপায়

প্ৰৱঞ্চকে মানুহক প্ৰতাৰণা কৰিবলৈ মোবাইলত বাৰ্তা প্ৰেৰণ কৰিছে। তাত লিখা আছে, মেছেজত দিয়া নম্বৰটো ডায়েল কৰক অন্যথা আপোনাৰ মোবাইল ফোনটো চুইচ অফ হৈ যাব। মেছেজটোত *401#99963….45 এনেকুৱা নম্বৰ আহিব পাৰে।

ইয়াৰ পিছত মেছেজটোত এইটোও লিখা আছে যে আপোনাৰ ফোনটোৰ দ্বাৰা আৰু কোনো কাম সম্পূৰ্ণ নহ’ব। বহুতে এই কথাটো বুজি নোপোৱাকৈ ডায়েল কৰি প্ৰৱঞ্চনাৰ জালত পৰে। যদি আপোনাৰ ফোনত এনেকুৱা মেছেজ আহিছেজদ যদি চৰকাৰে আপোনাক সাৱধান হ’বলৈ কৈছে।

আৰু পঢ়ক – ঘৰৰ নতুন তালিকা, তালিকাত নাম চাওক এইদৰে !

এটা নম্বৰ ডায়েল কৰিলে ঠিক কি হয় ?

যদি আপুনি প্ৰৱঞ্চকসকলে প্ৰেৰণ কৰা মেছেজত (massage)ত দিয়া নম্বৰটোত ফোন কৰে তেন্তে প্ৰৱঞ্চকসকলে প্ৰথমে আপোনাৰ ফোনত সকলো প্ৰৱেশ লাভ কৰিব। ফলত প্ৰৱঞ্চকে আপোনাৰ মোবাইল ফোনত কৰা সকলো কাম ট্ৰেক কৰিব পাৰে। ফলত আপোনাৰ বেংক একাউণ্ট OTP অবিহনে খালী হ’ব পাৰে।

এনে কেলেংকাৰিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

যদি আপুনি এই ধৰণৰ কেলেংকাৰী (Scam)ৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে প্ৰথমে এই ধৰণৰ বাৰ্তা (massage) এৰাই চলিব লাগে কোনো উত্তৰ দিব নালাগে। এই ধৰণৰ প্ৰৱঞ্চনাত ফোন বা চিম কাৰ্ড হেক হ’লে ফোনলৈ কোনো তথ্য নাহে।

লগতে কেতিয়াবা আপোনাক এটা এপ ডাউনলোড কৰিবলৈ কোৱা হয়। আচলতে সেই এপটো এটা ভিপিএন এপ। যাৰ জৰিয়তে প্ৰৱঞ্চকে আপোনাৰ ফোনটোৰ সকলো ডাটা চুৰি কৰিবলৈ সক্ষম হয়। গতিকে ভুল কৰিলেও অচিনাকি নম্বৰৰ পৰা পঠোৱা কোনো লিংকত ক্লিক নকৰিব।

2 thoughts on “OTP অবিহনে বেংক একাউণ্ট খালী, চৰকাৰে দিলে বন্ধ কৰাৰ উপায়”

Leave a Comment