বিনামূলীয়াকৈ ১টা গেছ চিলিণ্ডাৰ পাওক! এনেদৰে অনলাইন আবেদন কৰক

WhatsApp Follow

আধাৰ নম্বৰক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সৈতে সংযোগ কৰাৰ কাম সমগ্ৰ দেশতে চলি আছে। অৱশ্যে প্ৰথম পৰ্যায়ত এই লিংকটো মূলতঃ উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ বাবে কাম কৰি আছে। পৰৱৰ্তী পদক্ষেপ হ’ব আধাৰ নম্বৰটো বাকী এল পি জি গ্ৰাহকৰ গেছ সংযোগৰ সৈতে সংযোগ কৰা হ’ব।

প্ৰথম অৱস্থাত এই লিংকটোৰ কাম কৰাৰ বাবে গেছ ব্যৱসায়ীৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰী থিয় হৈ আছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত অনলাইনত LPG-Aadhaar Link প্ৰৱৰ্তনৰ লগে লগে সেই ভিৰ এতিয়া বহুত পাতল হৈ পৰিছে। কিন্তু আপুনি জানেনে যে কেৱল LPG-Aadhaar Link-ই নহয়, এতিয়া বিনামূলীয়া গেছ সংযোগৰ বাবে অনলাইনযোগেও আবেদন বা পঞ্জীয়ন কৰিব পাৰিব ?

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত দেশৰ মহিলাসকলক বিনামূলীয়াকৈ গেছ সংযোগ প্ৰদান কৰা হয়। গেছ চিলিণ্ডাৰ আৰু অভেনও বিনামূলীয়াকৈ পায়। তথ্য অনুসৰি ভাৰতৰ এল পি জি গ্ৰাহকৰ এক তৃতীয়াংশই উজ্জ্বলা যোজনাৰ অধীনত গেছ সংযোগ লৈছে। উজ্জ্বলা যোজনা আঁচনিৰ সুবিধাসমূহ ভাৰতীয়ৰ মাজত অধিক ব্যাপকভাৱে বিয়পাই দিয়াৰ স্বাৰ্থত চৰকাৰে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উজ্জ্বলা যোজনা বিনামূলীয়া গেছ সংযোগৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব ?

(১) প্ৰথমে এই লিংক https://www.pmuy.gov.in/ ত ক্লিক কৰি ৱেবচাইটত প্ৰৱেশ কৰক।

(২) এতিয়া Apply for New Ujjwala 2.0 Connection বিকল্পত ক্লিক কৰক।

(৩) এতিয়া আধাৰ নম্বৰ আৰু আধাৰৰ লগত লিংক কৰা মোবাইল নম্বৰ দিয়ক।

(৪) তাৰ পিছত Send OTP অপচনত ক্লিক কৰক লাভ কৰা OTP টো আপোনাৰ মোবাইল ফোনত ৰাখক।

(৫) আবেদনকাৰীয়ে নিজৰ নাম, ঠিকনা আৰু অন্যান্য প্ৰয়োজনীয় তথ্য শুদ্ধকৈ দিব লাগে। শেষত Submit অপচনত ক্লিক কৰক। তেতিয়াহে আপোনাৰ উজ্জ্বলা যোজনাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

(৬) কিন্তু ইচ্ছা কৰিলে ওচৰৰ গেছ ডিলাৰৰ কাৰ্যালয়ত গৈ অফলাইন উজ্জ্বলা যোজনাৰ বাবে আবেদন কৰিব পাৰিব।

আৰু পঢ়ক – প্ৰধানমন্ত্ৰীয়ে ১৮ হাজাৰ টকা দিছে শৌচাগাৰ নিৰ্মাণৰ বাবে, অনলাইন আবেদন কৰক

উজ্জ্বলা যোজনাৰ বিনামূলীয়া গেছৰ সুবিধা কোনে লাভ কৰাৰ যোগ্য ?

(১) উজ্জ্বলা যোজনাৰ গেছ সংযোগৰ বাবে আবেদনকাৰী মহিলা হ’ব লাগিব।

(২) আবেদনকাৰীৰ বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।

(৩) আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় নিৰ্দিষ্ট সীমাৰ ভিতৰত হ’ব লাগে। গ্ৰামাঞ্চলৰ বাবে এই সীমা বছৰি ১ লাখ টকা আৰু চহৰ অঞ্চলৰ বাবে এই সীমা বছৰি ২ লাখ টকা।

(৪) যদি ঘৰখনত ইতিমধ্যে এল পি জি সংযোগ আছে, তেন্তে উজ্জ্বলা যোজনাৰ বাবে আবেদন কৰিব নোৱাৰিব।

উজ্জ্বলা যোজনাৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ

(১) উজ্জ্বলা যোজনাৰ আৱেদনৰ বাবে আবেদনকাৰীৰ আধাৰ কাৰ্ড প্ৰয়োজন।

(২) আবেদনকাৰীৰ পৰিয়ালৰ বাকী সদস্যসকলকো আধাৰ কাৰ্ডৰ প্ৰয়োজন হ’ব।

(৩) আবেদনকাৰীৰ বেংক একাউণ্টৰ পাছবুক।

(৪) আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাণ পত্ৰ।

মন কৰিবলগীয়া যে বৰ্তমান য’ত সাধাৰণ এল পি জি গ্ৰাহকে প্ৰায় ৯০০ টকা মূল্যত এটা চিলিণ্ডাৰ ক্ৰয় কৰি আছে, তেনে ঠাইত চৰকাৰী ৰাজসাহায্যৰ বাবে উজ্জ্বলা যোজনাৰ গ্ৰাহকে প্ৰতি চিলিণ্ডাৰত প্ৰায় ৬০০ টকা দিব লগা হৈছে।

উজ্জ্বলা যোজনাৰ আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

Apply Now

2 thoughts on “বিনামূলীয়াকৈ ১টা গেছ চিলিণ্ডাৰ পাওক! এনেদৰে অনলাইন আবেদন কৰক”

Leave a Comment