১০ লাখ টকা পৰ্যন্ত ঋণ দিব চৰকাৰ, আজিয়ে আবেদন কৰক !

WhatsApp Follow

Government will provide loans up to Rs 10 lakh, apply today: যোৱা ৯ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন শিতানৰ বাবে বহু আঁচনি আৰম্ভ কৰিছে। তেনে এক আঁচনি হৈছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। এই আঁচনিৰ উদ্দেশ্য হৈছে মানুহক আত্মনিয়োগ বা নিজাকৈ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰা। এই আঁচনিৰ অধীনত চৰকাৰে নূন্যতম নথি-পত্ৰত সস্তা সুতৰ হাৰত ১০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰে।

পিএমএমৱাইৰ অধীনত বেংক, নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান (এনবিএফচি), ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (এমএফআই)ৰ জৰিয়তে ১০ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব। এই ঋণ তিনিটা ভাগত দিয়া হয়। তিনিওটা কেটাগ্যাৰি ঋণৰ পৰিমাণ বেলেগ বেলেগ।

৫০ হাজাৰ টকা পৰ্যন্ত ক্ষুদ্ৰ ঋণ।
৫০ হাজাৰ টকাৰ ওপৰত আৰু ৫ লাখ টকাতকৈ কম ঋণ।
৫ লাখ টকাৰ ওপৰত আৰু ১০ লাখ টকা পৰ্যন্ত ঋণ।

যুৱক-যুৱতীসকলৰ মাজত উদ্যোগীকৰণৰ বিকাশৰ বাবে চৰকাৰে ক্ষুদ্ৰ শ্ৰেণীৰ ঋণক অগ্ৰাধিকাৰ দিছে। তাৰ পিছত বাকী দুটা শ্ৰেণীক ঋণ দিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। সুতৰ হাৰৰ কথা ক’বলৈ গ’লে আৰ বি আইৰ নিৰ্দেশনা অনুসৰি ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে সিদ্ধান্ত লয়। এই আঁচনিৰ অধীনত মুদ্ৰা কাৰ্ডো উপলব্ধ। ডেবিট কাৰ্ডৰ দৰেই।

এই আঁচনিৰ অধীনত আবেদন কৰিবলৈ পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ, আইডি, ঠিকনা প্ৰমাণৰ দৰে নথি-পত্ৰৰ প্ৰয়োজন। বিতং তথ্যৰ বাবে https://www.mudra.org.in/offerings ত গৈ আবেদন কৰিব পাৰিব। এই ঋণৰ বাবে সাধাৰণ মানুহৰ মাজত বিপুল চাহিদা। তথ্য অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে এই আঁচনিৰ অধীনত মুঠ ঋণ প্ৰদানৰ পৰিমাণ আছিল ১,৯১,৮৬৩ কোটি টকা, যিটো যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত ১,৩৭,৭৮৫ কোটি টকা।

1 thought on “১০ লাখ টকা পৰ্যন্ত ঋণ দিব চৰকাৰ, আজিয়ে আবেদন কৰক !”

Leave a Comment