নূন্যতম অৰ্হতাৰে এই দুটা ডাঙৰ বেংকে ডিচেম্বৰ মাহত নিযুক্তি, আজিয়ে আবেদন কৰক

WhatsApp Follow

With minimum qualifications, these two major banks are hiring in December: ভাৰতৰ দুটা বৃহৎ বেংকে সম্প্ৰতি সমগ্ৰ ভাৰততে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰি থকাৰ সময়তে বেংকিং চাকৰিৰ প্ৰতি আগ্ৰহী চাকৰি প্ৰত্যাশীসকলৰ বাবে এক সুন্দৰ সুযোগ। এই বেংক দুটাৰ আনুষ্ঠানিক জাননীৰ বিষয়ে আজি এই প্ৰতিবেদনত আলোচনা কৰা হ’ব। গতিকে নিশ্চয় যিসকল প্ৰাৰ্থীয়ে বেংকৰ চাকৰিৰ প্ৰতি আগ্ৰহী তেওঁলোকক তলৰ প্ৰতিবেদনখন ভালদৰে অনুসৰণ কৰিবলৈ কোৱা হৈছে। নিযুক্তিৰ বাবে চৰকাৰী অধিসূচনা প্ৰকাশ কৰা বেংক দুটাৰ নাম তলত দিয়া হ’ল-

১) ইউনাইটেড কমাৰ্চিয়েল (uco) বেংকে প্ৰকাশ কৰা অধিসূচনাত কোৱা হৈছে যে বেংকে মেনেজাৰ পদত নিযুক্তি দিব আৰু মুঠ ১৪২টা পদ খালী হৈছে। শিক্ষাগত অৰ্হতা জানিবলৈ তলত চৰকাৰী জাননীৰ লিংক দিয়া হৈছে, তাৰ পৰাই চৰকাৰী জাননীখন ডাউনলোড কৰিব পাৰিব।

ইয়াত লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ভিত্তিত আপোনাক নিযুক্তি দিয়া হ’ব। দৰমহা হিচাপে প্ৰতিমাহে ৪৮০০০ টকা পাব। আবেদনৰ অন্তিম তাৰিখ ২০২৩ চনৰ ২৭ ডিচেম্বৰ। আৱেদন প্ৰক্ৰিয়াৰ সবিশেষ তলৰ লিংকৰ পৰা জানিব পাৰিব।

Apply Online – Click Here
Official Notice – Click Here

২) Bank of Baroda (Bank Of Baroda) য়েও নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে য’ত মুঠ ২৫০ টা পদ খালী হৈছে। কেৱল গ্ৰেজুৱেচন পাছহে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপোনাৰ বয়স ২৮ৰ পৰা ৩৭ বছৰৰ ভিতৰত হয় তেন্তে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতো আপোনাক প্ৰথমে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি দিয়া হ’ব।

দৰমহা হিচাপে আপুনি মাহে ৬৩ হাজাৰ ৮৪০ টকা পাব। সবিশেষ জানিবলৈ তলত দিয়া লিংকৰ পৰা চৰকাৰী জাননী আৰু আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৬ ডিচেম্বৰ ২০২৩।

Apply Online – Click Here
Official Notice – Click Here

1 thought on “নূন্যতম অৰ্হতাৰে এই দুটা ডাঙৰ বেংকে ডিচেম্বৰ মাহত নিযুক্তি, আজিয়ে আবেদন কৰক”

Leave a Comment