আপোনাৰ জীৱনৰ মূল্য কিমান ! জানক এই কথাত

WhatsApp Follow

এবাৰ এটা ল’ৰাই তেওঁৰ দেউতাক শুদিছিল মোৰ জীৱনৰ কি মূল্য ? তেতিয়া তাৰ দেউতাই ক’লে- যদি তুমি তোমাৰ জীৱনৰ মূল্য বুজিব বিচৰা, তেনেহলে এই পাথৰটো লৈ বজাৰত যোৱা যদি কোনোবাই এই পাথৰৰ মূল্য শুধিলে তেতিয়া একো নকবা। অকল দুই আঙুলি ওপৰলৈ তুলিবা, ল’ৰাজনে বজাৰলৈ গ’ল, গৈ কিছু সময় বহি থাকিল। তাৰ পাছত এজনী বুঢ়ি তাৰ ওচৰত আহিল, আহি সেই পাথৰৰ মূল্য শুধিলে কিন্তু ল’ৰাটো একো নোকোৱাকৈ দুই আঙুলি ওপৰলৈ তুলিলে। তেতিয়া সেই বুঢ়ি মহিলা জনীয়ে ক’লে ২০০ টকা। ঠিক আছে এই পাথৰ মই তোমাৰ পৰা কিনি লম, তেতিয়া ল’ৰাটো আচৰিত হ’ল যে এই পাথৰৰ দাম ২০০ টকা।

ল’ৰাটো এই কথা শুনি তাৰ লগে লগে তাৰ দেউতাৰ ওচৰত গ’ল, কাৰণ পাথৰ প্রায় সকলো জাঘাতে পোৱা যায়। আৰু সেই পাথৰৰ মূল্য দিছে ২০০ টকা। ল’ৰাটো দেউতাৰ ওচৰত যাই ক’লে দেউতা বজাৰত এজনী বুঢ়ি মহিলা পাইছিলো, আৰু এই পাথৰৰ মূল্য ২০০ টকা দিব বিচাৰিছিল।

তেতিয়া দেউতাজনে কলে- এতিয়া এই পাথৰৰ দোকানত লৈ যোৱা, যদি কোনোবাই মূল্য শুধে তেতিয়া একো নকবা। অকল দুই আঙুলি ওপৰলৈ তুলিবা, ল’ৰাজনে দোকানলৈ গ’ল, গৈ কিছু সময় বহি থাকিল। তাৰ পাছত এজন মানুহ আহিল, আহি সেই পাথৰৰ মূল্য শুধিলে কিন্তু ল’ৰাটো একো নোকোৱাকৈ দুই আঙুলি ওপৰলৈ তুলিল। তেতিয়া সেই মানুহজনে ক’লে ২০,০০০ টকা। ঠিক আছে এই পাথৰ মই তোমাৰ পৰা কিনি লম।

ল’ৰাটো এই কথা শুনি লগে লগে তাৰ দেউতাৰ ওচৰত গ’ল, ল’ৰাটো দেউতাৰ ওচৰত যাই ক’লে দেউতা দোকানত এজন মানুহ পাইছিলো, আৰু এই পাথৰৰ মূল্য ২০,০০০ টকা দিব বিচাৰিছিল।

এতিয়া তাৰ দেউতাই কলে- তোমাক শেষ জাঘাত পথাবলৈ লৈছো, এতিয়া তুমি যাবা দামী পাথৰৰ মিউজিয়ামত। দেউতাৰ কথা মতে দামী পাথৰৰ মিউজিয়ামত ল’গ, কাউন্টাৰৰ পিছ এজন বুঢ়া মানুহ থিয় হৈ আছিল। পাথৰটো দেখাৰৰ লগে লগে আচৰিত হৈ গ’ল, ল’ৰাটোৰ কাষত আহি ক’লে-

হে ভগৱান এই পাথৰটো বিচাৰোতে মোৰ গোটেই জীৱন শেষ হৈ গ’ল। ক’ত পাইছা এই পাথৰ ? এই পাথৰৰ মূল্য কিমান ? কিমান টকা ল’বা এই পাথৰৰ কাৰণে ? সেই ল’ৰাজন তেতিয়াওঁ কোনো কথা নোকোৱাকৈ দুই আঙুলি ওপৰলৈ তুলিল। তেতিয়া সেই মানুহজনে ক’লে ২০০,০০০ টকা। ঠিক আছে এই পাথৰ মই তোমাৰ পৰা কিনি লম। এই কথা শুনি লগে লগে তাৰ দেউতাৰ ওচৰত গ’ল, ল’ৰাটো দেউতাৰ ওচৰত যাই ক’লে দেউতা মিউজিয়ামত এজন বুঢ়া মানুহ পাইছিলো, আৰু এই পাথৰৰ মূল্য ২০০,০০০ টকা দিব বিচাৰিছিল।

তেতিয়া দেউতাজনে ক’লে এতিয়া তুমি বুজিছা তোমাৰ জীৱনৱ মূল্য ! জীৱনটো এনেকুৱাই, আপোনাক বুজিব লাগিব আপুনি ২০০ টকাৰ পাথৰ হ’ব নে ২০০,০০০ টকাৰ ।

জীৱনত এনেকুৱাও মানুহ পাব যিয়ে আপোনাক বহুব ভাল পাব মৰম কৰিব। আৰু এনেকুৱাও মানুহ পাব যিয়ে আপোনাক অকল ব্যৱহাৰ কৰিব। এতিয়া আপুনি ভাৱিব লাগিব আপোনাৰ জীৱনৰ মূল্য কিমান ।

Leave a Comment