চিলিণ্ডাৰত কিমান গেছ আছে কেনেকৈ জানিব পাৰি !

WhatsApp Follow

চিলিণ্ডাৰত কিমান গেছ আছে কেনেকৈ জানিব ! চিলিণ্ডাৰৰ গেছ ব্যৱহাৰ কৰা সকলৰ এটা মোটামুটি ধাৰণা আছে, এটা গেছ চিলিণ্ডাৰত কিমান দিন ৰন্ধা সম্ভৱ। প্ৰতিদিনে কিমান সময় ৰান্ধিব তাৰ ওপৰত নিৰ্ভৰ কৰে। বহু সময়ত ঘৰত বেছিকৈ ৰান্ধিলে গেছও সোনকালে শেষ হৈ যায়। ৰন্ধা-বঢ়াৰ মাজতে গেছ শেষ হোৱাটো আন এক সমস্যা।

আমাৰ বহুতেই চিলিণ্ডাৰৰ ওজন চাই বা হাতেৰে ধৰি লৈ কিমান গেছ বাকী আছে সেইটো বুজিবলৈ চেষ্টা কৰোঁ। কিন্তু সেইটোও নিশ্চিত কৰিব নোৱাৰি। এটা পদ্ধতি ব্যৱহাৰ কৰি চিলিণ্ডাৰত কিমান গেছ বাকী থাকে সেয়া সহজে বুজিব পৰা যায়। জানি লওঁ –

প্ৰথমে চিলিণ্ডাৰটো তিতা কাপোৰেৰে খুব ভালকৈ মচিব লাগে। চিলিণ্ডাৰত যাতে ধূলিৰ আৱৰণ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। চিলিণ্ডাৰটো মচি দিয়াৰ ২-৩ মিনিটৰ পিছত দেখা যাব যে চিলিণ্ডাৰৰ কিছু অংশ শুকাই গৈছে আৰু বাকীখিনি তিতি গৈছে। চিলিণ্ডাৰৰ যিটো অংশ শুকুৱাবলৈ বেছি সময় লৈ আছে, সেই অংশটোৱেই হৈছে গেছ থকা অংশ। আৰু যিটো অংশ সোনকালে শুকাই গৈছে, তাত কোনো গেছ নাই।

কাৰণ তৰল পদাৰ্থ থকা চিলিণ্ডাৰটোৰ উষ্ণতা খালী ঠাইতকৈ অলপ কম হয়। ফলত চিলিণ্ডাৰৰ যিটো অংশ গেছ থাকে, সেই অংশটো শুকুৱাবলৈ বেছি সময় লাগে কাৰণ উষ্ণতাৰ তাৰতম্য হয়। গতিকে, আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা চিলিণ্ডাৰত কিমান গেছ আছে সঠিকভাৱে জানিব বিচাৰিলে নিজে পৰীক্ষা কৰক।

Leave a Comment