হিন্দুস্তান পেট্ৰলিয়ামত কৰ্মচাৰী নিযুক্তি, দৰমহা ২৫,০০০/- টকা

WhatsApp Follow

HPCL Recruitment 2024 – হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডে প্ৰকাশ কৰিছে নিযুক্তিৰ নতুন অধিসূচনা। বিভিন্ন পদৰ বাবে HPCL Apprentices নিযুক্তি দিয়া হ’ব। সমগ্ৰ ভাৰতৰ লগতে অসমৰ যিকোনো জিলাৰ পৰা যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদন আৰম্ভ হৈছে, অনলাইন আবেদন কৰক।

কোনবোৰ পদত এপ্ৰেণ্টিছ নিযুক্তি দিয়া হৈছে সেই সম্পৰ্কে আজিৰ প্ৰতিবেদন চাওক। আজিৰ প্ৰতিবেদনত শিক্ষাগত অৰ্হতা, বয়সৰ প্ৰয়োজনীয়তা, দৰমহা/ষ্টাইপেণ্ড, কেনেকৈ আবেদন কৰিব আৰু এই সকলোবোৰ পদৰ বাবে আৱেদন কৰাৰ শেষ তাৰিখৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

এই পদসমূহত আবেদন কৰিবলৈ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। লগতে অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীয়ে ৫ বছৰৰ বয়সৰ শিথিলতা আৰু অবিচি-এনচিৰ প্ৰাৰ্থীয়ে ৩ বছৰৰ বয়সৰ শিথিলতা লাভ কৰিব। আৰু PwBD প্ৰাৰ্থীয়ে এই সকলোবোৰ পদৰ বাবে ১০ বছৰৰ বয়সৰ শিথিলতা লাভ কৰিব।

আৰু পঢ়ক – ভাৰতীয় ৰেলৱে নিযুক্তিৰ, দৰমহা ২৫,৫০০/- টকা

এই পদসমূহৰ প্ৰাৰ্থীক ২৫ হাজাৰ টকাৰ মাহিলী দৰমহা/ষ্টাইপেণ্ড দিয়া হ’ব। এই সকলোবোৰ পদৰ বাবে আবেদন কৰিবলৈ উল্লেখ কৰা শিক্ষাগত অৰ্হতাটো হ’ল প্ৰাৰ্থীয়ে যিটো বিষয়ৰ বাবে আবেদন কৰিছে তাত Graduate কৰিব লাগিব, ইয়াৰ উপৰিও আন কিছুমান অৰ্হতাৰ কথা উল্লেখ কৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন কৰাৰ আগতে চৰকাৰী জাননী পৰীক্ষা কৰক।

HPCL এ Apprentices হিচাপে কাম কৰিবলৈ প্ৰাৰ্থীয়ে প্ৰথমে অনলাইন আবেদন কৰিব লাগিব। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে, ইয়াৰ বাবে আপুনি এই লিংক https://jobs.hpcl.co.in/Recruit_New/recruitlogin.jsp লৈ গৈ অনলাইন আবেদন সম্পূৰ্ণ কৰিব লাগিব। ১৩/০১/২০২৪ লৈকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ আগতে অফিচিয়েল ৱেবছাইট আৰু জাননীৰ পৰা সবিশেষ পৰীক্ষা কৰক।

Important Links –

Official NotificationDownload
Apply LinkClick Here

2 thoughts on “হিন্দুস্তান পেট্ৰলিয়ামত কৰ্মচাৰী নিযুক্তি, দৰমহা ২৫,০০০/- টকা”

Leave a Comment