যদি আধাৰ কাৰ্ড আছে তেন্তে মোদীয়ে ১০ লাখ টকা দিব, এই নথি-পত্ৰসমূহ উপস্থিত থাকিব লাগিব

WhatsApp Follow

আপোনাৰ নিচ্ছয় আধাৰ কাৰ্ড আছে, ইফালে চাকৰিৰ বজাৰখন বেয়া । চাকৰি নোপোৱাকৈ ব্যৱসায় কৰাৰ চিন্তা। কিন্তু ক’ৰ পৰা আহিব টকা? চিন্তা নকৰিব, আপোনাৰ সেই আধাৰ কাৰ্ড দেখুৱাই ১০ লাখ টকাৰ ঋণ পাব ! আচৰিত হলে নেকি ? কিন্তু এই কথা সঁচা। আধাৰ কাৰ্ড থাকিলেহে ব্যৱসায় কৰাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়াইছে মোডী চৰকাৰে। এই ঋণ পৰিশোধৰ ক্ষেত্ৰতো কেন্দ্ৰটোৱে ৩৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰিছে।

সকলো মিহলি হৈ গ’ল? দৰাচলতে Prime Minister Employment Generation Programme বা PMEGP আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকক আধাৰ কাৰ্ড থাকিলে ক্ষুদ্ৰ বা মজলীয়া ব্যৱসায় আৰম্ভ কৰিবলৈ ২ৰ পৰা ১০ লাখ টকাৰ ৰাজসাহায্যযুক্ত ঋণ দি আছে।

এনে পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতৰ যুৱ প্ৰজন্মক চাকৰিৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীলতাৰ দিশত আগুৱাই নিয়া। ইয়াৰ উপৰিও এই পদক্ষেপে দেশত কৰ্মসংস্থাপনৰ সৃষ্টিতো সহায় কৰিব। কিন্তু কেন্দ্ৰৰ পৰা এই ঋণ ল’বলৈ কিছু চৰ্ত আছে।

আধাৰ কাৰ্ড দেখুৱাই ১০ লাখ টকাৰ ঋণ কোনে পাব ?

  • (১) ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।
  • (২) অন্ততঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
  • (৩) এই ঋণ কেৱল ব্যৱসায় আৰম্ভ বা ব্যৱসায় সম্প্ৰসাৰণৰ বাবেহে উপলব্ধ।
  • (৪) যিসকলে ইতিমধ্যে কেন্দ্রীয় বা ৰাজ্য চৰকাৰৰ অন্য আঁচনিৰ পৰা ব্যৱসায়ৰ বাবে ঋণ লৈছে তেওঁলোকক পিএমইজিপি আঁচনিৰ অধীনত যোগ্য বুলি গণ্য কৰা নহ’ব।

আৰু পঢ়ক – দৈনিক ২০ টকা সঞ্চয় কৰি কেনেকৈ কোটিপতি হ’ব পাৰি, জানি লওক

PMEGP আঁচনিৰ ধন লাভৰ চৰ্ত

  • (১) ২ৰ পৰা ১০ লাখলৈ ব্যৱসায়িক ঋণ লাভ কৰিব।
  • (২) ঋণৰ সুতৰ হাৰ ১১-১২ শতাংশৰ ভিতৰত হ’ব।
  • (৩) ঋণ পৰিশোধ কৰিবলৈ ৩ৰ পৰা ৭ বছৰৰ সময় থাকিব।
  • (৪) এই ঋণ পৰিশোধৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজসাহায্য প্ৰদান কৰে। গ্ৰামাঞ্চলত ৰাজসাহায্যৰ পৰিমাণ ৩৫ শতাংশ আৰু চহৰ অঞ্চলত ৰাজসাহায্যৰ পৰিমাণ ২৫ শতাংশ।

PMEGP আঁচনিৰ অধীনত ধন পাবলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন ?

  • (১) আধাৰ কাৰ্ড
  • (২) কাষ্ট চাৰ্টিফিকেট
  • (৩) পেন কাৰ্ড
  • (৪) আৰম্ভ হ’বলগীয়া ব্যৱসায়ৰ প্ৰকল্পৰ প্ৰতিবেদন
  • (৫) শিক্ষাগত অৰ্হতাৰ প্ৰমাণ
  • (৬) ডমিচাইল চাৰ্টিফিকেট বা ৰেচিডেণ্ট চাৰ্টিফিকেট
  • (৭) বেংকৰ পাছবুক

PMEGP আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব ?

  • (১) এই দুটা ৱেবছাইটৰ যিকোনো এটাত www.kviconline.gov.in বা www.my.msme.gov.in ত লগইন কৰক।
  • (২) এতিয়া তাত PMEGP Portal ত ক্লিক কৰক।
  • (৩) এতিয়া Application For Individual বিকল্পত ক্লিক কৰক।
  • (৪) এতিয়া প্ৰ-পত্ৰত সকলো তথ্য শুদ্ধকৈ পূৰণ কৰক। শেষত Save Applicant Data বিকল্পত ক্লিক কৰক।
  • (৫) পৰৱৰ্তী পদক্ষেপত ওপৰত উল্লেখ কৰা প্ৰয়োজনীয় নথিপত্ৰসমূহৰ চফ্ট কপিসমূহ যথাযথভাৱে আপলোড কৰক। তাৰ পিছত Submit বুটামত ক্লিক কৰক। আপোনাৰ আবেদন জমা দিয়া হৈছে। এতিয়া তাত উল্লেখ কৰা মোবাইল নম্বৰত এটা Application ID আৰু Password পঠিওৱা হ’ব, সাৱধানে ৰাখক। পিছত উপযোগী হ’ব।

Leave a Comment