দৈনিক ২০ টকা সঞ্চয় কৰি কেনেকৈ কোটিপতি হ’ব পাৰি, জানি লওক

WhatsApp Follow

You Can Become A Millionaire By Saving 20 Rupees Daily – কোনে কোটিপতি হ’ব নিবিচাৰে, কিন্তু কোটিপতি হ’বলৈ যি লাগে, সেয়া কোনে জানে ? যদি আপুনিও কোটিপতি হ’ব বিচাৰে তেন্তে আজিৰ প্ৰতিবেদন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। আজি মই যি পদ্ধতিৰ কথা ক’ম, সেই পদ্ধতি অনুসৰণ কৰিলে আপুনিও কোটিপতি হ’ব পাৰিব। কেনেকৈ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন –

দৈনিক ২০ টকা সঞ্চয় কৰিলে আপুনি কোটিপতি হ’ব পাৰে। এই ২০ টকাৰ সৈতে বহুতে দিনে দুবাৰকৈ চাহ-বিড়ী বা চিগাৰেট খাই উৰুৱাই দিয়ে। ই স্বাস্থ্যৰ ক্ষতি কৰে। কিন্তু আজিৰ প্রতিবেদন পঢ়াৰ পাছত এই ২০ টকা চাহ, চিগাৰেট বা বিড়ীত খৰছ কৰাৰ পৰিবর্তে এই ২০ টকা বিনিয়োগ কৰিলে স্বাস্থ্য ভালে থাকিব লগতে কোটিপতি হ’ব পাৰিব ৷

বিনিয়োগৰ বিষয়টো আহিলে প্ৰথমে মনলৈ আহে মিউচুৱেল ফাণ্ড আহে । আজিকালি বহুতে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো পছন্দ কৰে। এই পুঁজিসমূহত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে উচ্চ ৰিটাৰ্ণ পোৱা যায়। এই মিউচুৱেল ফাণ্ডৰ পদ্ধতিগত বিনিয়োগ পৰিকল্পনাৰে যদি আপুনি দৈনিক ২০ টকা অৰ্থাৎ প্ৰতিমাহে ৬০০ টকা বিনিয়োগ কৰে তেন্তে কাৰ্যকালৰ শেষত আপুনি কোটিপতি হ’ব। SIP-ৰ জৰিয়তে নূন্যতম ৫০০ টকাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰিব। বহুতে ইয়াৰ পৰা ২০ শতাংশ পৰ্যন্ত ৰিটাৰ্ণ লাভ কৰিছে। বেছিভাগ ফাণ্ডেই নূন্যতম ১২ৰ পৰা ১৪ শতাংশ ৰিটাৰ্ণ লাভ কৰে।

আৰু পঢ়ক – ডাকঘৰৰ ডাঙৰ আঁচনি, ২ লাখ টকা পাব ! কেনেকৈ জানক

এতিয়া প্ৰশ্ন হৈছে দৈনিক ২০ টকা সঞ্চয় কৰি এজন ব্যক্তি কেনেকৈ ১ কোটিৰ মালিক হ’ব পাৰে? আহক অলপ বুজাই দিওঁ। এজন ২০ বছৰীয়া যুৱকে প্ৰতিদিনে ২০ টকা সঞ্চয় কৰে আৰু মাহে ৬০০ টকা সঞ্চয় কৰে। এই ৬০০ টকা যদি আপুনি SIP-ত ৩৫ বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে কাৰ্যকালৰ শেষত গড়ে ১৫.৫ শতাংশ হাৰত ১ কোটি টকাৰ ৰিটাৰ্ণ পাব।

আনহাতে, ৪০ বছৰলৈ দৈনিক ২০ টকা সঞ্চয় কৰিলে ১০ কোটি টকাৰ মালিক হ’ব পাৰে। ধৰি লওক এজন যুৱকে ২০ বছৰ বয়সৰ পৰা দৈনিক ২০ টকা SIP ত বিনিয়োগ কৰে, তেতিয়া ৪০ বছৰৰ পিছত তেওঁৰ বিনিয়োগৰ পৰিমাণ ২ লাখ ৮৮ হাজাৰ টকা। এই বিনিয়োগৰ ওপৰত ১৫ শতাংশ হাৰত ১.৮৮ কোটি টকা উপাৰ্জন কৰা হ’ব আৰু যদি সুতৰ হাৰ ২০ শতাংশ হয় তেন্তে কাৰ্যকালৰ শেষত লাভ ১০.২১ কোটি হ’ব।

আচলতে SIP-ৰ ওপৰত চক্রবৃদ্ধি সুত পোৱা যায়। সেইবাবেই কম মূলধনেৰে সৰু বিনিয়োগেও বিপুল ৰিটাৰ্ণ দিয়ে। কিন্তু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো আৰ্থিকভাৱে বিপদজনক হ’ব পাৰে। গতিকে বিনিয়োগ কৰাৰ আগতে এজন বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লওক।

2 thoughts on “দৈনিক ২০ টকা সঞ্চয় কৰি কেনেকৈ কোটিপতি হ’ব পাৰি, জানি লওক”

Leave a Comment