মোডী চৰকাৰে নতুন বছৰত মুকলি কৰিলে ৪০০ দিনৰ চেভিংছ কাৰ্ড। এইবাৰ ধুমুহাৰ গতিত ধন বাঢ়িব।

WhatsApp Follow

ফিক্সড ডিপ’জিট আঁচনিৰ জৰিয়তে ৫ বছৰত ধন দুগুণ হয় ! এই কথাষাৰ আমি সকলোৱে শৈশৱতে শুনি আহিছো। কিন্তু এতিয়া সেই দিনটো নহয়। কিন্তু এতিয়ালৈকে বহুতে নিজৰ কষ্টোপাৰ্জিত ধন Fixed Deposit ৰ জৰিয়তে জমা কৰি ৰাখিছে। আমি সকলোৱে বেংকত টকা ৰাখোঁ। আনকি বেছিভাগ মানুহেই আমাৰ দেশৰ আন প্ৰতিষ্ঠানৰ তুলনাত বেংকক নিজৰ ধন জমা কৰিবলৈ অধিক উপযুক্ত প্ৰতিষ্ঠান বুলি গণ্য কৰে।

Punjab National Bank Fixed Deposit

কাৰণ ইয়াৰ নিৰাপত্তা আছে আৰু আনফালে ৰকেটৰ গতিৰে ধন বৃদ্ধি পায়। Fixed Deposit ৰ পৰা MIS, Insurance আদিলৈকে আমি সকলো সুবিধা বেংকৰ পৰা লওঁ। গতিকে এই সকলোবোৰ সুবিধা যদি অধিক লাভজনক হয়, তেন্তে কোনে ভাল নাপায়? হয়, আজি আমি আপোনালোকক এনে এটা বিশেষ সুবিধাৰ বিষয়ে ক’ম য’ত আপুনি বেংকত যিকোনো ধনৰ Fixed Deposit-ৰ সুত পাব সৰ্বোচ্চ হাৰত।

এই কথা ঘোষণা কৰিছে ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক পঞ্জাৱ নেচনেল বেংকে। গতিকে পলম নকৰাকৈ এই বিষয়ে সবিশেষ জানো আহক। এই কথা পঞ্জাৱ নেচনেল বেংকৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জানিব পৰা গৈছে। এই Fixed Deposit-ৰ সন্দৰ্ভত কিছুদিনৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষই অনলাইনযোগে এখন জাননী প্ৰকাশ কৰিছে।

ইয়াৰ উপৰিও আন এটা ডাঙৰ খবৰ হ’ল বেংক কৰ্তৃপক্ষই ইতিমধ্যে কৈছে যে Fixed Deposit-ৰ এই নতুন সুতৰ হাৰ (Fixed Deposit Interest Rate) কাৰ্যকৰী কৰা হৈছে। শেহতীয়াকৈ এই জাননীত বেংক কৰ্তৃপক্ষৰ পৰা বিভিন্ন সুতৰ হাৰ ঘোষণা কৰা হৈছে। PNB-ৰ কোটি কোটি গ্ৰাহকৰ বাবে এয়া এক অতি সুখৰ খবৰ।

আৰু পঢ়ক – দৈনিক ২০ টকা সঞ্চয় কৰি কেনেকৈ কোটিপতি হ’ব পাৰি, জানি লওক

৪০০ দিনৰ ফিক্সড ডিপজিট

পঞ্জাৱ নেচনেল বেংকত সাত দিনৰ পৰা দহ বছৰলৈকে বিভিন্ন টেন’ৰৰ Fixed Deposit আছে। ইয়াৰ লগতে নতুন এফ ডি প্ৰৱৰ্তন কৰা হৈছে। যিটো ৪০০ দিনৰ এফ ডি আঁচনি। বৰ্তমান উচ্চ সুত দিয়া হৈছে। কোনে বিনিয়োগ কৰিব পাৰে ? PNB-ৰ মতে, ৪০০ দিনৰ এই Fixed Deposit আঁচনিখনত সাধাৰণ আৰু জ্যেষ্ঠ নাগৰিক উভয়ে বিনিয়োগ কৰিব পাৰিব।

PNB-য়ে বৰ্তমান এই ৪০০ দিনৰ Fixed Deposit-ৰ সুত তিনিটা ধৰণেৰে আদায় দিছে। সাধাৰণ নাগৰিকে লাভ কৰিব ৭.২৫ শতাংশ সুত। জ্যেষ্ঠ নাগৰিকে লাভ কৰিব ৭.৭৫% সুত। আৰু ছুপাৰ চিনিয়ৰ চিটিজেনক ৮.০৫ শতাংশ সুত দিয়া হ’ব। মূলতঃ এই আঁচনিৰ জৰিয়তে দেশৰ সকলো অৱসৰপ্ৰাপ্ত শ্ৰমিক বা জ্যেষ্ঠ নাগৰিকে যথেষ্ট উপকৃত হ’বলৈ গৈ আছে। আৰু জানো আহক –

কিমান বিনিয়োগৰ ওপৰত কিমান ৰিটাৰ্ণ ?

যদি আপুনি Fixed Deposit ১০ হাজাৰ টকাৰে বিনিয়োগ আৰম্ভ কৰে, তেন্তে ৪০০ দিনৰ পিছত ৰিটাৰ্ণ হ’ব সাধাৰণ নাগৰিকৰ বাবে ১০,৮১৯ টকা, জ্যেষ্ঠ নাগৰিকৰ বাবে ১০,৮৭৮ টকা আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ১০,৯১৩ টকা। যদি আপুনি ২০ হাজাৰ টকাৰে বিনিয়োগ আৰম্ভ কৰে তেন্তে ৪০০ দিনৰ শেষত ৰিটাৰ্ণ হ’ব সাধাৰণ নাগৰিকৰ বাবে ২১,৬৩৮ টকা, জ্যেষ্ঠ নাগৰিকৰ বাবে ২১,৭৫৫ টকা আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ২১,৮২৫ টকা।

যদি আপুনি ৫০ হাজাৰ টকাৰে Fixed Deposit Investment আৰম্ভ কৰে তেন্তে ৪০০ দিনৰ শেষত ৰিটাৰ্ণ হ’ব সাধাৰণ নাগৰিকৰ বাবে ৫৪,০৯৬ টকা, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫৪,৩৮৮ টকা আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ৫৪,৫৬৪ টকা। যদি আপুনি ১ লাখ টকাৰে বিনিয়োগ আৰম্ভ কৰে তেন্তে ৪০০ দিনৰ শেষত সাধাৰণ নাগৰিকৰ বাবে ১,০৮,১৯২ টকা, জ্যেষ্ঠ নাগৰিকৰ ১,০৮,৭৭৬ টকা আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকৰ ১,০৯,৩২৭ টকা হ’ব।

যদি আপুনি ৫ লাখ টকাৰে বিনিয়োগ আৰম্ভ কৰে তেন্তে এজন সাধাৰণ নাগৰিকে ৫ লাখ ৪০ হাজাৰ ৯৬২ টকা, জ্যেষ্ঠ নাগৰিকে ৫ লাখ ৪৩ হাজাৰ ৮৭৯ টকা আৰু ছুপাৰ চিনিয়ৰসকলে ৫ লাখ ৪৫ হাজাৰ ৬৩৬ টকাৰ ৰিটাৰ্ণ পাব। গতিকে পলম নকৰাকৈ ভাৰতীয় পঞ্জাব বেংক (PNB Fixed Deposit) ৰ সকলো একাউণ্ট ধাৰীক আজিয়েই আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰি এই সুবিধা ক্ষিপ্ৰতাৰে লাভ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

1 thought on “মোডী চৰকাৰে নতুন বছৰত মুকলি কৰিলে ৪০০ দিনৰ চেভিংছ কাৰ্ড। এইবাৰ ধুমুহাৰ গতিত ধন বাঢ়িব।”

Leave a Comment