ডাকঘৰত ১০ হাজাৰ টকা বিনিয়োগ কৰি ১৬ লাখ লাভ কৰক

WhatsApp Follow

বৰ্তমান সময়ত মানুহে যেনেকৈ টকা উপাৰ্জন কৰি আছে, বিনিয়োগৰ প্ৰতিও গুৰুত্ব দিছে। বিভিন্ন স্থানত বিভিন্ন ধৰণৰ বিনিয়োগ আঁচনিৰ ব্যৱস্থা আছে আৰু ইয়াৰ পৰাও ভাল ৰিটাৰ্ণো পোৱা যায়। কিন্তু বিনিয়োগৰ কথা আহিলে প্ৰথমে জনাটো ভাল যে বিনিয়োগত ৰিস্ক থাকে।

অধিক ৰিটাৰ্ণ থকা আঁচনিসমূহত অধিক ৰিস্ক থাকে। গতিকে বহুতে ৰিস্কৰ ভয়ত বিনিয়োগ কৰিব নিবিচাৰে। আৰু ডাকঘৰে এই বিপদমুক্ত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে। শেহতীয়াকৈ ডাকঘৰে এটা অতি ভাল আঁচনি উলিয়াইছে য’ত আপুনি আপোনাৰ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব।

জনা যায় যে এতিয়া ডাকঘৰত মাত্ৰ ১০০ টকা দি পুনৰাবৃত্তিমূলক জমা একাউণ্টত বিনিয়োগ কৰিব পাৰিব। এইটো এটা সৰু সঞ্চয় প্ৰকল্প। ইয়াত আপুনি আপোনাৰ বাজেট অনুসৰি বিনিয়োগ কৰিব পাৰে। এই আঁচনি অনুসৰি ৫ বছৰৰ বাবে একাউণ্ট খুলিব পাৰিব। আপুনি জমা কৰা সুতৰ পৰিমাণ বছৰি হিচাপ কৰা হ’ব। বৰ্তমান এই পুনৰাবৃত্তিমূলক জমা আঁচনিয়ে ৫.৮ শতাংশ সুত দি আছে। এই সুতৰ হাৰ ১ এপ্ৰিল ২০২০ৰ পৰা প্ৰযোজ্য আছিল।

আৰু পঢ়ক – মোডী চৰকাৰে নতুন বছৰত মুকলি কৰিলে ৪০০ দিনৰ চেভিংছ কাৰ্ড। এইবাৰ ধুমুহাৰ গতিত ধন বাঢ়িব।

এই পুনৰাবৃত্তিমূলক জমা ধনত ডাকঘৰে প্ৰতি তিনিমাহৰ মূৰে মূৰে আপোনাৰ সঞ্চয়ৰ সুতৰ হাৰ গণনা কৰিব। সেই অনুসৰি যদি আপুনি ১০ বছৰৰ বাবে ডাকঘৰত প্ৰতিমাহে ১০ হাজাৰ টকা বিনিয়োগ কৰে, তেন্তে ১০ বছৰৰ পিছত ৫.৮ শতাংশ সুতৰ হাৰত ১৬ লাখতকৈ অধিক টকা পাব। কিন্তু যদি আপুনি আপোনাৰ পুনৰাবৃত্তিমূলক জমা একাউণ্টত সময়মতে ধন জমা নকৰে তেন্তে আপুনি জৰিমনা ভৰিব লাগিব। একেৰাহে ৪ বাৰ কিস্তি জমা নকৰিলে একাউণ্ট বন্ধ হৈ যাব।

Leave a Comment