তথ্য প্ৰযুক্তি কাৰ্যবাহী চাকৰি, দৰমহা ৩০,০০০/- টকা

WhatsApp Follow

ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ভাস্কৰাচাৰ্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনছ এণ্ড জিঅ’-ইনফৰ্মেটিক্সে ৫৪টা খালী পদত নিযুক্তি দিব। প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব লাগিব।

প্ৰথম অৱস্থাত এই নিযুক্তি এবছৰৰ চুক্তিৰ ভিত্তিত হ’ব। আবেদন প্ৰক্ৰিয়া, নিযুক্তি প্ৰক্ৰিয়া আদিৰ বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰা হৈছে –

নিযুক্তি দিবলগীয়া পদ – IT Executive (তথ্য প্ৰযুক্তিৰ কাৰ্যবাহী)

খালী পদ – মুঠ ৫৪টা পদ খালী।

অৰ্হতা – আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে Computer Science বা তথ্য Information Technology ত B.Sc. ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব। অথবা Computer Application স্নাতক (B.C.A) ডিগ্ৰী।

মাহিলী দৰমহা – ইয়াত প্ৰাৰ্থীসকলক মাহিলী দৰমহা ৩০ হাজাৰ টকা দিয়া হ’ব।

আৰু পঢ়ক – অইল ইণ্ডিয়াত জ্যেষ্ঠ বিষয়া নিযুক্তি, দৰমহা ৫০,০০০/- টকা

নিযুক্তি প্ৰক্ৰিয়া – অধিসূচনাত ইয়াৰ কোনো উল্লেখ নাই।

আবেদনৰ পদ্ধতি – প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব লাগিব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ সৈতে বিশদ চিভি, সংলগ্ন প্ৰয়োজনীয় নথি-পত্ৰ, ফটোগ্ৰাফ আৰু স্বাক্ষৰযুক্ত পিডিএফ তৈয়াৰ কৰিব লাগিব। সেই PDF তলৰ mail id লৈ পঠিয়াব লাগে।

আবেদন প্ৰেৰণ কৰিবলৈ মেইল ​​কৰক hello@ethosgroup.biz

আবেদনৰ অন্তিম তাৰিখ – মেইল যোগে আবেদন প্ৰেৰণৰ অন্তিম তাৰিখ- ১২/০১/২০২৪ বিয়লি ৫ বজাত।
চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক ইমেইল বা ফোনযোগে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে অৱগত কৰা হ’ব।

Important Links –

Official NoticeDownload
Official websiteClick Here

1 thought on “তথ্য প্ৰযুক্তি কাৰ্যবাহী চাকৰি, দৰমহা ৩০,০০০/- টকা”

Leave a Comment