ডাকঘৰৰ ডাঙৰ আঁচনি, ২ লাখ টকা পাব ! কেনেকৈ জানক

WhatsApp Follow

Mahila Samman Savings Scheme – ভাৰত চৰকাৰে মহিলাসকলৰ বাবে কেইবাখনো আঁচনি আৰম্ভ কৰিছে। তাৰে এটা হ’ল মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ। যদি আপুনি এগৰাকী মহিলা আৰু আৰ্থিক সুৰক্ষাৰ বাবে বিনিয়োগৰ বাহন বিচাৰিছে, তেন্তে মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ আপোনাৰ বাবে একেবাৰে উপযুক্ত।

এই আঁচনিৰ বিশেষ বৈশিষ্ট্য হ’ল ইয়াত মাত্ৰ ২ বছৰৰ বাবে ২ লাখ টকা পৰ্যন্ত ৰিটাৰ্ণ প্ৰদান কৰা হয়। এই আঁচনিৰ বাবে কোনে আবেদন কৰিব পাৰে? কেনেকৈ আবেদন কৰিব? এই সকলোবোৰ বিষয় আজিৰ প্ৰতিবেদনত আলোচনা কৰা হৈছে। গতিকে পলম নকৰাকৈ মহিলা সন্মান সঞ্চয় আঁচনিৰ বিষয়ে বিতংভাৱে জানো আহক।

মহিলা সন্মান সঞ্চয়ৰ চার্টিফিকেট

মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সময়ত এই প্ৰকল্পৰ কথা ঘোষণা কৰে। ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা বলবৎ হয়। ই এক প্ৰকাৰৰ মাইক্ৰ’ চেভিংছ আঁচনি। এই আঁচনিখনত আপুনি ডাকঘৰৰ পৰা ধন বিনিয়োগ কৰি ২ বছৰত ২ লাখতকৈ অধিক টকাৰ ৰিটাৰ্ণ লাভ কৰিব পাৰিব।

কোনে আবেদন কৰিব পাৰিব ?

মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ কেৱল এই দেশৰ মহিলাসকলৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ভাৰতৰ যিকোনো প্ৰাপ্তবয়স্ক মহিলাই ইয়াত একাউণ্ট খুলিব পাৰে। ইয়াৰ বাহিৰেও যদি কোনো অভিভাৱকে নাবালক কন্যাৰ বাবেও মহিলা সন্মান সঞ্চয়ৰ চার্টিফিকেট আঁচনিৰ একাউণ্ট খুলিব বিচাৰে তেন্তেও খুলিব পাৰিব। কিন্তু ইয়াত কেৱল একক একাউণ্টহে খুলিব পাৰিব। যৌথভাৱে একাউণ্ট খুলিব নোৱাৰিব।

আৰু পঢ়ক – মাত্ৰ ১১ দিনত ৪০% লাভ, কম সময়তে ভাল ৰিটাৰ্ণ পোৱাৰ এক সুন্দৰ সুযোগ !

জমা ধনৰ পৰিমাণ

মহিলা সন্মান সঞ্চয় চার্টিফিকেট আঁচনিৰ ধন বিনিয়োগৰ নিৰ্দিষ্ট সীমা আছে। ইয়াত এগৰাকী মহিলাই নূন্যতম ১০০০ টকাৰ পৰা সৰ্বাধিক ২ লাখ টকালৈকে জমা কৰিব পাৰিব। এগৰাকী মহিলাই একাধিক একাউণ্ট খুলিব পাৰে। অৱশ্যে সকলো একাউণ্টতে মুঠ বিনিয়োগৰ পৰিমাণ ২ লাখ টকাতকৈ বেছি নহ’ব। মনত ৰাখিব, এটা একাউণ্ট খোলাৰ ৩ মাহৰ পিছত আপুনি আন এটা একাউণ্ট খুলিব পাৰিব।

আঁচনিৰ নিয়মাৱলী

মহিলা সন্মান সঞ্চয় চার্টিফিকেট আঁচনিৰ কাৰ্যকাল ২ বছৰ। এই দুবছৰৰ বাবে বিনিয়োগ কৰিব লাগিব আৰু কাৰ্যকালৰ শেষত আপুনি জমা ধন সুতৰ সৈতে ঘূৰাই পাব। বৰ্তমান এই আঁচনিখনে ৭.৫ শতাংশ হাৰত সুত লাভ কৰি আছে। এই সুতৰ পৰিমাণ প্ৰতি ত্ৰিমাসিকতে গণনা কৰা হয়। বিশেষ কথাটো হ’ল এই আঁচনিখনত অকাল বন্ধ কৰাৰ সুবিধা লাভ কৰিব। অৰ্থাৎ মেয়াদ উকলি যোৱাৰ আগতে টকা উলিয়াব পাৰিব। ইয়াৰ উপৰিও একাউণ্টধাৰীৰ মৃত্যু হ’লে এই আঁচনিৰ ধন মনোনীত ব্যক্তিৰ হাতত গতাই দিয়া হ’ব।

কিমান টকা পাব ?

এতিয়া তলৰ তালিকাখনৰ পৰা চাওক আপুনি কিমান টকা বিনিয়োগ কৰিব আৰু কিমান টকা ৰিটাৰ্ণ হিচাপে পাব। অৰ্থাৎ কিমান টকা ৰাখিলে চাওক ২ বছৰৰ পিছত কিমান টকা পাব।

বিনিয়োগৰ পৰিমাণৰিটাৰ্ণৰ পৰিমাণ
১০,০০০ টকা১১,৬০২ টকা
৫০,০০০ টকা৫৮,০১১ টকা
১,০০,০০০ টকা১,১৬,০২২ টকা
১,৫০,০০০ টকা১,৭৪,২৩৩ টকা
২,০০,০০০ টকা২,৩২,০৪৪ টকা

Disclaimer – এই লেখাটো কেৱল তথ্য আৰু শিক্ষাৰ উদ্দেশ্যে। ই কোনো কাৰণতে বিনিয়োগৰ পৰামৰ্শ নিদিয়ে। আপোনাৰ বিনিয়োগৰ সিদ্ধান্ত আপোনাৰ নিজৰ গৱেষণা আৰু বিপদ সহনশীলতাৰ ওপৰত ভিত্তি কৰি লোৱা উচিত। আপোনাৰ বিনিয়োগৰ ফলাফলৰ বাবে JibonorShongram.In কোনো কাৰণতে দায়বদ্ধ নহ’ব।

3 thoughts on “ডাকঘৰৰ ডাঙৰ আঁচনি, ২ লাখ টকা পাব ! কেনেকৈ জানক”

Leave a Comment