সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

WhatsApp Follow

কোৱা হয় কুকুৰে মানুহক কামোৰাটো নিউজ নহয় কিন্তু মানুহে কুকুৰক কামোৰাটোহে নিউজ। ঠিক তেনে এটি ঘটনাই সংঘটিত হৈছে ছত্তিশগড়ত। ছত্তিশগড়ত সংঘটিত হোৱা ঘটনাটোৱে সকলোকে এতিয়া সচকিত কৰি তুলিছে। এটি ৮ বছৰীয়া এটি শিশুক সাপে খুটাৰ পাছতেই সাপটোৰ মৃত্যু ঘটিছে। ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা ৩৫০ কিঃমিঃ দূৰত্বত অৱস্থিত পণ্ডৰপধ গাঁৱত এই ঘটনা। পণ্ডৰপধ গাঁৱখনক বহুতেই নাগলোকৰ বাসিন্দা বুলিও কয়। এই গাঁৱখনত প্ৰায় ২০০ সাপে বুলি বহুতেই ক’ব খোজে। সেই গাওঁখনতেই সংঘটিত হৈছে এই অদ্ভুত ঘটনা।

প্ৰকাশিত তথ্যমতে কণমানি শিশুটোৱে নিজৰ ঘৰৰ পিছফালেই খেলি আছিল। খেলি থকাৰ সময়তে শিশুটোৰ ভৰিত সাপে খুঁটে। কেৱল খুঁটাই নহয় হাতত পকাই ধৰিছিল সাপটোৱে। শিশুটোৰ খুঁটাৰ পাছতেই হঠাতে পৰি যায় সাপটো। লগে লগেই সাপটোৰ মৃত্যু ঘটে। কিন্তু শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাতেই থাকে। ছত্তিশগড়ৰ এক স্থানীয় সংবাদ মাধ্যমে শিশুটিক এই বিষয়টোক লৈ কৰা প্ৰশ্নত শিশুটিয়ে কয়, ‘ মোৰ খুব বিষ হৈছিল। মোৰ হাতখন পকাই ধৰিছিল সাপটোৱে। কিন্তু মোক খুঁটাৰ পাছতেই সাপটো হাতৰ পৰা এৰাই পৰি যায়।

শিশুটিৰ কিয় মৃত্যু নহ’ল সেই সম্পৰ্কে চলোৱা গৱেষণাৰ অন্তত চিকিৎসকে প্ৰকাশ কৰা অনুসৰি কোনো বিষাক্ত সাপে খুঁটোতে যি বিষ নিৰ্গমন হয় সেয়া নিৰ্গমন হোৱা নাছিল। সেয়ে শিশুটিৰ শৰীৰত কোনোধৰণৰ প্ৰভাৱ নপৰিল।

Leave a Comment