২২ বছৰৰ ভিতৰত বিয়া নহলে ছোৱালীয়ে এই ৭ টা সমস্যাৰ মুখামুখি হয় !

WhatsApp Follow

নাৰী পুৰুষৰ সমানে অধিকাৰ লৈ সমাজত সদায় বিতৰ্ক থাকে, সমাজ বহু সলনি হৈছে যদিওবা বহু কিছু প্ৰচলিত ধ্যান ধাৰণা আজিও সমাজত বিৰাজমান হৈ আছে। এতিয়াও সমাজে কব বিচাৰে যে এজনী ছোৱালীৰ প্ৰধান লক্ষ্য হৈছে বিবাহ। আজিও এই ধাৰণাটো মানুহৰ মাজত কুসংস্কাৰৰ দৰে ৰৈ আছে। কথাতে কয় যে ছোৱালী কুৰিতে বুঢ়ী।

দেখা যায় আজিও ২২ বছৰ বয়স হোৱা মাত্ৰকে ছোৱালীৰ ওপৰত অনেক ধৰণৰ চাপ আহিবলৈ ধৰা। কোনো ছোৱালীৰ অকণমান বয়স বাঢ়িলেই তেওঁৰ পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ আৰু প্ৰতিবেশীয়ে নানান ধৰণৰ প্ৰশ্ন কৰে যিটো অবিবাহিত ছোৱালীজনীৰ বাবে অস্বস্তিৰ কাৰণ হৈ দৌৰে। এই বয়স সীমাৰ ভিতৰত বিয়া নোহোৱা ছোৱালীয়ে সন্মুখীন হোৱা সমস্যা সমূহ হৈছে –

১) ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰাই কথাই কথাই প্ৰতিদিনে বহু মা পিতাই ছোৱালী জনী বিবাহ হ’ব নোৱাৰাৰ বাবে হুমুনিয়াহ কাঢ়ি থকা শুনা যায়। অনেক সময়ত মা দেউতাৰ তেনে চিন্তা দেখি ছোৱালীজনী নিজেই অপৰাধী যেন ভাবিবলৈ বাধ্য হৈ পৰে।

২) যেতিয়া সেই ছোৱালী জনী কোনো কামৰ প্ৰসংগত বাহিৰলৈ যায় সেই ঠাইৰ লোকৰ মুখত প্ৰশ্নৰ সন্মুখীন হবলগীয়া হয় যে কিয় তাইৰ এতিয়ালৈ বিয়া হোৱা নাই। যি প্ৰশ্ন ছোৱালী জনীৰ বাবে সঁচাই মাৰাত্মক অস্বস্তিৰ কাৰণ হৈ উঠে।

৩) কোনো বিয়াৰ ঘৰত বা কোনো অইন অনুষ্ঠানত যাওঁতে অবিবাহিত ছোৱালী জনী পৰে অস্বস্তিত। সেই ঠাইতো সন্মুখীন হয় প্ৰশ্নৰ, তাৰ বাবেই তেওঁ সেই ঠাইত ভালদৰে খোৱা লোৱা আৰু স্ফূৰ্তি আনন্দৰ পৰা দূৰৈত ৰৈ যায়।

৪) অকণমান বয়স হৈছে বুলি এতিয়া তেওঁ কেনে পোছাক পৰিধান কৰিব সেই লৈ হয় মনত অনেক দণ্ড। বেছি ৰংচঙীয়া পোছাক পিন্ধিলে কোনোৱে আদেশ দিব নিপিন্ধিবলৈ আৰু কোনোৱে ঠাট্টা কৰিব, ইতিকিং কৰিব ।


আৰু পঢ়ক
>> জীৱনত সফল হ’ব বিচাৰিলে স্বামী বিবেকানন্দৰ এই কথাবোৰ মানি চলক।
>> স্মাৰ্ট মানুহৰ কিছু গোপন কথা জানেনে ?


৫) যদি আৰু অকণমান বয়স বেছি হৈছে তেন্তে কাৰোবাৰ ঘৰৰ কোনো অনুষ্ঠানলৈ গৈ অস্বস্তিত পৰে ছোৱালী জনী। সেই অনুষ্ঠানত যেতিয়া তেওঁৰ সম বয়সৰ বিবাহিতা ছোৱালী জনী নাইবা তেওঁৰ বয়সতকৈ কম বয়সৰ বিবাহিতা ছোৱালীজনী গিৰিয়েকৰ লগত আহে তেতিয়া তেওঁ বাৰুকৈয়ে অস্বস্তিত পৰে, হীনমান্যতাত ভোগে আৰু নিসংগ বুলি মনতে অনুভৱ কৰে।

৬) যদি বয়স ২২ বছৰ বাঢ়ি গৈ আৰু অলপ বেছি হৈছে তেতিয়া ছোৱালী জনীৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ শংকা আহি পৰে ; এই মহিলা খিনিক বহু অসৎ অভিপ্ৰায়ী পুৰুষে সহজলভ্য বুলি জ্ঞান কৰি নানান কুপ্ৰস্তাব দিবলৈ কুণ্ঠাবোধ নকৰে। আনকি তেনে বয়সত বহু ছোৱালী অসৎ পুৰুষৰ চিকাৰৰ বলি হৈ পৰা দেখা যায়।

৭) কোনো ছোৱালী বিয়া নোহোৱাই ৰৈছে বুলি তেওঁক বহুতে অকণমান বেঁকা চকুৰে চাবলৈ লয়, আনকি বহু পুৰুষ মহিলাই সেই ছোৱালী জনীৰ বিষয়ে নানান মিথ্যা বদনাম গাবলৈ আৰম্ভ কৰে ।

Leave a Comment