দাঁতৰ মাজত ফাঁক থকা ছোৱালীৰ ভাগ্যত এই সমূহ থাকে, ( সমুদ্ৰ শাস্ত্ৰ )

WhatsApp Follow

বহু লোকৰ দাঁতৰ মাজত ফাঁক থাকে আৰু কিছুমানৰ নাথাকে। আৰু দাঁতৰ মাজত ফাঁক থাকিলে বহু মানুহে সেই দাঁত ধুনীয়া বুলি নকয়। কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসৰি দাঁতৰ মাজত ফাঁক থকা পৰিঘটনা টি সম্পূৰ্ণ বেলেগ।
সমুদ্ৰ শাস্ত্ৰ অনুসৰি যিসকল লোকৰ দাঁতৰ মাজত ফাঁক আছে সেইসকল লোক বহুত ধৈৰ্য্যশীল স্বভাৱৰ হয়, এই লোকসকল স্পষ্টবাদী আৰু খোলা মনৰ অধিকাৰী হয়।

দাঁতত ফাঁক থকা লোক এজনে খুব খোলা মনেৰে মানুহৰ সৈতে কথা বতৰা পাতিবলৈ পছন্দ কৰে , আৰু সন্মুখত থকা জনক আনন্দ দি ভাল পায়, এই লোকসকলে সৰু কথাতে বিবাদ সৃষ্টি কৰিবলৈ পছন্দ নকৰে লগতে এনে লোক সকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায়ে থাকে। এওঁলোক স্বভাৱ আৰু চৰিত্ৰৰ ক্ষেত্ৰত বহুত বহুত মাৰ্জিত থাকে। চাকৰি আৰু ব্যৱসায়ত এনে লোক সকলে বহুদূৰ সফলতা পায়।

দাঁতৰ মাজত ফাঁক থকা লোকসকলে কোনো কাম আৰু কথাত হাৰ নামানে, যিমানেই কঠিন কাম নহওঁক কৰিবলৈ সামৰ্থ ৰাখে। যিসকল লোকৰ দাঁতৰ মাজত ফাঁক ঠাকে সেইসকল লোকে আৰ্থিক অভাৱত নপৰে আৰু আৰ্থিক অভাৱ দেখা দিয়াৰ আগতেই বেলেগ পথ বিচাৰি উলিয়াব পাৰে । এই লোকসকল বহুত বুদ্ধিমান স্বভাৱৰ হয়, এওঁলোকে যিকোনো কথাৰ সিদ্ধান্ত খুব ততাতৈয়াকৈ লোৱাৰ পৰিবৰ্তে ভাবি চিন্তি সিদ্ধান্ত লোৱাত বিশ্বাস ৰাখে।

মহিলাসকলৰ দাঁতৰ মাজত ফাঁক থাকিলে লক্ষ্মী বুলি মনা হয়, এনে ছোৱালীৰ বিবাহৰ পিছত ৰাজভোগৰ যোগ দেখিবলৈ পোৱা যায়।

3 thoughts on “দাঁতৰ মাজত ফাঁক থকা ছোৱালীৰ ভাগ্যত এই সমূহ থাকে, ( সমুদ্ৰ শাস্ত্ৰ )”

Leave a Comment