টকা দুগুণ হ’ব ! ডাকঘৰৰ এই আঁচনিৰ বিষয়ে বহুতে নাজানে

WhatsApp Follow

Kisan Vikas Patra Scheme in Post Office – যদি আপুনি দীৰ্ঘম্যাদী বিনিয়োগ পছন্দ কৰে তেন্তে ভাৰতীয় ডাকঘৰে আপোনালোকৰ বাবে লৈ আহিছে কিষাণ বিকাশ পাত্ৰ আঁচনি নামৰ এখন ডাঙৰ আঁচনি। এই আঁচনিত বিনিয়োগ সম্পূৰ্ণ বিপদমুক্ত। এই আঁচনিৰ বিষয়ে আজিৰ প্ৰতিবেদনত অধিক জানিব পাৰিব, সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব…

যদি আপুনি কিষাণ বিকাশ পাত্ৰ আঁচনিত বিনিয়োগ কৰে তেন্তে ১২০ মাহৰ ভিতৰত আপোনাৰ বিনিয়োগ দুগুণ হ’ব। যদি আপুনি ভৱিষ্যতৰ কথা মনত ৰাখি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এইটো আপোনাৰ বাবে এটা ভাল সুযোগ।

ডাকঘৰৰ কিষাণ বিকাশ পাত্ৰ আঁচনিৰ ৭.৫০ শতাংশ সুতৰ হাৰ দিয়া হয়। পূৰ্বে এই আঁচনিখনত ৭.০০ শতাংশ সুত দিয়া হৈছিল যিটো এতিয়া বৃদ্ধি কৰা হৈছে। এই কিষাণ বিকাশ পাত্ৰ আঁচনিত বিনিয়োগ কৰিলে ১০ বছৰৰ ভিতৰত সেই ধন দুগুণ হ’ব।

কিষাণ বিকাশ পাত্ৰ আঁচনিত আপুনি মাত্ৰ ১০০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰিব। কিষাণ বিকাশ পাত্ৰ আঁচনিৰ কোনো সৰ্বোচ্চ বিনিয়োগৰ সীমা নাই যাৰ অৰ্থ হৈছে আপুনি যিমান পাৰে বিনিয়োগ কৰিব পাৰে। (Kisan Vikas Patra)ত সকলো শ্ৰেণীৰ লোকে বিনিয়োগ কৰিব পাৰিব।

আৰু পঢ়ক – মিউচুৱেল ফাণ্ড কি? সুবিধা আৰু অসুবিধা, সবিশেষ চাওক –

কিষাণ বিকাশ পাত্ৰ আঁচনি (Kisan Vikas Patra) আপুনি একক (Single) বা যৌথ একাউণ্ট (Double Account)ত বিনিয়োগ কৰিব পাৰে। মেয়াদ উকলি যোৱাৰ আগতে অৰ্থাৎ যদি বিনিয়োগকাৰী অৰ্থাৎ যাৰ নামত একাউণ্ট খোলা হৈছিল কোনো কাৰণত মৃত্যু হয় তেন্তে মনোনীত ব্যক্তিয়ে ধন দাবী কৰিব পাৰে। আপুনি এই কিষাণ বিকাশ পাত্ৰ আঁচনিৰ একাউণ্ট খুলিব পাৰে অতি সহজ পদ্ধতিৰে।

এই আঁচনি (Kisan Vikas Patra)ত একাউণ্ট খুলিবলৈ বিনিয়োগকাৰীৰ নূন্যতম বয়স ১০ বছৰৰ অধিক হ’ব লাগে। যদি আপুনি ১৮ বছৰৰ তলৰ ব্যক্তিৰ নামত এই কিষাণ বিকাশ পাত্ৰ আঁচনিত বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি অভিভাৱকৰ সৈতে যৌথভাৱে কিষাণ বিকাশ পাত্ৰ একাউণ্ট খুলিব লাগিব।

যদি আপুনি কিষাণ বিকাশ পাত্ৰ আঁচনিত বিনিয়োগ কৰিব বিচাৰে তেন্তে আপোনাৰ ওচৰৰ ডাকঘৰলৈ যাব পাৰে। প্ৰথমে ফৰ্মখন পূৰণ কৰি একাউণ্ট খুলি আবেদনৰ ধন জমা দিব। কিষাণ বিকাশ পাত্ৰ আঁচনিৰ একাউণ্ট খুলিলে কিষাণ বিকাশ পাত্ৰৰ প্ৰমাণ পত্ৰ লাভ কৰিব।

১৯৮৮ চনত ডাকঘৰে প্ৰথমে এই প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত কিষাণ বিকাশ পাত্ৰ আঁচনিখন ভালদৰে পৰিচালিত হৈছিল যদিও পিছলৈ শ্যামলা গোপীনাথৰ নেতৃত্বত এখন সমিতিয়ে ভাৰত চৰকাৰক এই আঁচনি (Kisan Vikas Patra Scheme) বন্ধ কৰিবলৈ আহ্বান জনাইছিল।

শ্যামলা গোপীনাথ সমিতিৰ পৰামৰ্শ মতে কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্প বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। ২০১১ চনত বন্ধ কৰি দিয়া হৈছিল কিষাণ বিকাশ পত্ৰ আঁচনি। এই আঁচনি (কিষাণ বিকাশ পাত্ৰ) ২০১৪ চনত নতুন চৰকাৰ শাসনলৈ অহাৰ লগে লগে পুনৰ আৰম্ভ কৰা হৈছিল।

2 thoughts on “টকা দুগুণ হ’ব ! ডাকঘৰৰ এই আঁচনিৰ বিষয়ে বহুতে নাজানে”

Leave a Comment