(Know the 5 good and bad signs of your body) আমাৰ ভাৰতীয় সংস্কৃতিত শুভ – অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয় । আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত ক’ব পাৰে । আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভবিষ্যতৰ লগত আছে । আমাৰ শৰীৰৰ গঠন, তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে । ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে । ৰং-ৰূপ, স্বভাৱ, বিচাৰ বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয় । জ্যোতিষ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয় ।
(Assamese Facts) আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুত কথা জানিব পাৰো । তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ শুভাগ্যশালী হোৱাৰ কাৰণ বুলিও কোৱা যায় । আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায় । আৰু এই কেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা…
বগা আৰু চাফা দাঁত, বগা আৰু চাফা দাঁত সকলোৱে পছন্দ কৰে তাৰোপৰিও যদি দাঁতৰ মাজত কোনো ধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে । কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি শুভাগ্যশালী হয় । তেওঁলোক আর্থিকভাৱেও সবল হয়, আৰু চাকৰিক্ষেত্ৰত উচ্চপদস্থ হয় । ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয় তেওঁলোক অলপ জিদ কৰা, আৰু বেছি কথা কোৱা স্বভাৱৰ হয়। কিন্তু এওঁলোক ভাগ্যশালিও হয়।
শৰীৰত তিল থকা, আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে, সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে । দুয়োজুৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক শুভাগ্যৰ প্ৰতীক বুলি কোৱা হয় । ঠিক এনেদৰেই সোঁহাত, সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয় ।
দীঘল নাক, দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয় । যিসকল লোকৰ কান সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয় । আৰু এই ব্যক্তি সকলৰ কেতিয়াওঁ ধন – সম্পদৰ অভাৱ নহয় ।
হাতৰ তলুৱা, হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয়, আৰু সমতলীয় হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয়, তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয় । হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালি হোৱাৰ প্ৰতীক । দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয় । ভৰিৰ তলুৱাত সূৰ্য্য, চন্দ্ৰ, নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয় ।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
দীঘল আৰু ওখ মূৰ, দীঘল আৰু ওখ মূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে, তেওঁলোকৰ বহুত সুভাগ্য হয় । তেওঁলোকৰ টকা – পইচাৰ কেতিয়াওঁ অভাৱ নহয় ।
Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Jibonor Shongram এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।