মহিলাৰ বাবে ডাঙৰ পলিচি, ২৯ টকা বিনিয়োগ কৰি ৪০০০০০ টকা পাব !

WhatsApp Follow

বিনিয়োগৰ ক্ষেত্ৰত মানুহৰ প্ৰথম পছন্দ হৈছে LIC। কাৰণ LIC দেশৰ একমাত্ৰ চৰকাৰী বীমা কোম্পানী। এই কোম্পানীত বিনিয়োগ কৰিলে ভাল ৰিটাৰ্ণ পোৱা যায় কাৰণ ইয়াত ধন নিৰাপদ। আজি মই যিটো LIC-ৰ পৰিকল্পনাৰ কথা কৈছো, তাত টকা বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাব পাৰি। এই পলিচিৰ নাম হৈছে LIC আধাৰ শিলা প্লান।

এই প্লান বিশেষভাৱে মহিলা গ্ৰাহকৰ বাবে ডিজাইন কৰা হৈছে। এই প্লানত কিমান টকা বিনিয়োগ কৰিব পাৰি ? কোনে বিনিয়োগ কৰিব পাৰে ? ইয়াৰ উপকাৰ কি কি ? আৰু ২৯ টকা বিনিয়োগ কৰি ৪ লাখ টকা কেনেকৈ পাব ? তলত উল্লেখ কৰা হৈছে –

LIC আধাৰ শিলা প্লান (LIC Aadhaar Shila Plan 844)

আধাৰ শিলা প্লান ৮৪৪ LIC-ৰ নম্বৰ প্লান (lic aadhaar shila plan ৮৪৪)। বিশেষকৈ ভাৰতীয় মহিলাসকলৰ বাবে এই প্লান আৰম্ভ কৰা হৈছে। য’ত সঞ্চয় আৰু বীমাৰ কভাৰেজ একেলগে উপলব্ধ। পলিচিৰ ম্যাদত পলিচিধাৰীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়াল বা মনোনীত ব্যক্তিক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। পলিচিৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত মেচিউৰিটি বেনিফিট উপলব্ধ। এই পৰিকল্পনাত ধন বিনিয়োগ কৰিলে ঋণৰ সুবিধাও পোৱা যায়।

আৰু পঢ়ক – LIC AGENT কেনেকৈ হ’ব ? প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক আয়।

লাভসমূহ ( Benefits )

৮ বছৰৰ পৰা ৫৫ বছৰৰ ভিতৰৰ যিকোনো মহিলাই lic aadhaar shila plan কিনিব পাৰিব। প্ল্যানৰ নূন্যতম আৰু সৰ্বোচ্চ কাৰ্যকাল ক্ৰমে ১০ৰ পৰা ২০ বছৰ। পলিচীৰ সৰ্বোচ্চ মেচিউৰিটি সময়সীমা ৭০ বছৰ। ইয়াত আপুনি প্ৰতিমাহে, প্ৰতি তিনিমাহৰ মূৰে মূৰে, প্ৰতি ছমাহৰ মূৰে মূৰে বা প্ৰতি বছৰে প্ৰিমিয়াম জমা কৰাৰ সুযোগ পাব। বিশেষ কথাটো হ’ল এই পলিচীত ৭৫ হাজাৰ টকাৰ পৰা সৰ্বাধিক ৩ লাখ টকালৈকে ছাম এশ্বুৰেড পোৱা যায়।

৪ লাখ টকা কেনেকৈ উপাৰ্জন কৰিব ?

এতিয়া প্ৰশ্ন হয় এই পলিচিৰ পৰা আপুনি কেনেকৈ ৪ লাখ টকা উপাৰ্জন কৰিব ? ধৰক যদি আপুনি এই প্লেনটো কিনি ২০ বছৰৰ বাবে প্ৰতিদিনে ২৯ টকা বিনিয়োগ কৰে তেন্তে এবছৰত ১০৯৫৯ টকা আৰু দ্বিতীয় বছৰত ১০৭২৩ টকা জমা কৰিব লাগিব। যদি আপুনি এই নিয়ম বা কৌশল অনুসৰি বিনিয়োগ কৰিব পাৰে তেন্তে টাৰ্ম শেষত আপুনি 214696 টকা ৰাহি কৰিব আৰু টাৰ্ম শেষত আপুনি 397000 টকা পাব। আৰু এইদৰে আপুনি LIC Aadhaar Shila Plan ৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰিব পাৰিব।

Leave a Comment