LIC AGENT কেনেকৈ হ’ব ? প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক আয়।

Daily Job Update Follow

How to become a LIC Agent – যদি আপুনি ঘৰৰ পৰাই উপাৰ্জন কৰিব বিচাৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। বৰ্তমান চাকৰিৰ পৰিস্থিতি অতি বেয়া। সকলোৱে অলপ বেছি টকা উপাৰ্জন কৰিব বিচাৰে। এই পৰিস্থিতিত কম বেছি পৰিমাণে মানুহে ধন উপাৰ্জনৰ বিকল্প উপায় বিচাৰে। চাকৰিৰ মাজৰ ব্যৱধানত যদি মাহৰ শেষত ভাল টকা উপাৰ্জন কৰে, তেন্তে সেয়া বেয়া নহয়। আজি মই আপোনালোকৰ বাবে এনে এটা বিকল্প পথ লৈ আহিছো। যাৰ জড়িয়তে মাহৰ শেষত কেনেকৈ ডাঙৰ টকা উপাৰ্জন কৰিব পাৰি। সেই বাটটো কি? সেই কথা জানিবলৈ গোটেই প্ৰতিবেদনখন পঢ়ক –

LIC AGENT কেনেকৈ হ’ব ?

LIC-ৰ নাম নিশ্চয় শুনিছে। ভাৰতৰ একমাত্ৰ চৰকাৰী বীমা কোম্পানী LIC, মানুহে এই সংগঠনটোক বিশ্বাস কৰে। কাৰণ ইয়াত টকা বিনিয়োগ কৰিলে, টকা নিৰাপদে থাকে, টাৰ্ম শেষত ভাল ৰিটাৰ্ণ পায়। ইয়াত বিনিয়োগ কৰি ডাঙৰ টকা উপাৰ্জন কৰা বহুত আছে। ইয়াত টকা বিনিয়োগ কৰিও ভাল টকা উপাৰ্জন কৰিব পাৰিব।

কিন্তু আজি মই যিটো বিকল্প উপাৰ্জনৰ উপায়ৰ বিষয়ে আলোচনা কৰিছো, সেয়া বিনিয়োগ বিনিয়োগ নহয়। আপুনি LIC-ত বীমা AGENT হিচাপে কেনেকৈ যোগদান কৰিব পাৰে তাৰ বিষয়ে। এই কামটো আপুনি আজৰি সময়ত বা পূৰ্ণকালীন চাকৰি হিচাপে কৰিব পাৰে। এনে কৰিলে প্ৰতিমাহে ৫০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। ইয়াত আপুনি পলিচি বক্রী কৰি ধন উপাৰ্জন কৰিব পাৰিব। লগতে তলত আবেদন কৰাৰ লিংক দিয়া আছে তাতে ক্লিক কৰি আবেদন কৰিব পাৰিব 👇👇

কি কি অৰ্হতাৰ প্ৰয়োজন ?

LIC AGENT হিচাপে যোগদান কৰিবলৈ বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’লেই আবেদন কৰিব পাৰিব। এজেণ্ট হ’বলৈ হ’লে কমেও ১৮ বছৰ হ’ব লাগিব। এই IRDA পৰীক্ষাৰ বাবে দিব লাগিব।

আৰু পঢ়ক – BSNL অফিচত নিযুক্তি, সাক্ষাৎকাৰৰ জৰিয়তে চাকৰি।

কি কি নথি-পত্ৰৰ প্ৰয়োজন ?

এতিয়া চাওঁ আহক কোনবোৰ নথিপত্ৰ আপুনি LIC AGENT হ’বলৈ সাজু কৰি ৰাখিব লাগিব। AGENT হিচাপে যোগদান কৰিবলৈ হ’লে ৰঙীন পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ, জন্মৰ প্ৰমাণ পত্ৰ, শিক্ষাৰ প্ৰমাণ পত্ৰ, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড জমা দিব লাগিব।

মাহে কিমান টকা উপাৰ্জন হ’ব ?

LIC AGENT হিচাপে যোগদান কৰিলে ৩৫ শতাংশ পৰ্যন্ত কমিচন পোৱা যায়। এই কমিচনৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি পায়। বিশেষ কথাটো হ’ল ইয়াত পলিচিটো এবাৰ বিক্ৰী কৰিলে পলিচিটো যিমান দিনলৈকে থাকিব তেতিয়ালৈকে ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিব। প্ৰতি সপ্তাহত দুখন পলিচি বিক্ৰী কৰিলে প্ৰতিমাহে ৫০ হাজাৰ টকা উপাৰ্জন কৰিব। ইয়াৰ বাবে প্ৰতিমাহে ২.৪ লাখ টকাৰ বীমা পলিচিৰ প্ৰয়োজন।

আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

Apply Now

2 thoughts on “LIC AGENT কেনেকৈ হ’ব ? প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক আয়।”

Leave a Comment