এই ৪ টা বেংকে ফিক্সড ডিপজিটত ৯% তকৈ অধিক সুত দিয়ে ! বিনিয়োগ কৰিলে বৃদ্ধি পাব টকা !

WhatsApp Follow

ফিক্সড ডিপ’জিট বা FD-ক বিনিয়োগৰ পছন্দৰ উৎস হিচাপে গণ্য কৰা হয়। কাৰণ FD-ক নিৰাপদ বিনিয়োগ বুলি গণ্য কৰা হয় আৰু ই নিশ্চিত ৰিটাৰ্ণ দিয়ে। আজিৰ সময়ত বিনিয়োগৰ বহু বিকল্প থকাৰ পিছতো এটা বৃহৎ অংশ ফিক্সড ডিপ’জিটৰ ওপৰত নিৰ্ভৰশীল।

কিন্তু আপুনি জানেনে যে বেংকত ধন জমা কৰিও বহুত ৰিটাৰ্ণ পাব পাৰি ? হয় আপুনি ঠিকেই শুনিছে। দৰাচলতে ভাৰতত ৪ টা বেংক আছে যিয়ে সুতৰ হাৰ বৃদ্ধি কৰিছে। এই চাৰিটা বেংকত যদি আপুনি ফিক্সড ডিপ’জিট কৰে তেন্তে আপুনি ভাল ৰিটাৰ্ণ পাব। শেহতীয়াকৈ RBI (ভাৰতীয় ৰিজাৰ্ভ বেংক)ৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

যোৱা সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এমপিচিৰ বৈঠকত এই অনুপাত বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আচলতে এতিয়া ৪টা বেংকে FD বিনিয়োগকাৰীৰ বাবে এটা ডাঙৰ উপহাৰ লৈ আহিছে। আচলতে এতিয়া এই চাৰিটা বেংকে আপোনাক FD-ৰ সৰ্বোচ্চ সুতৰ হাৰ ৯.১% পৰ্যন্ত প্ৰদান কৰিব। আচলতে এক্সিছ বেংকে এতিয়া নিজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক ডাঙৰ উপহাৰ উলিয়াইছে। এতিয়া ৭ দিনৰ পৰা ১০ বছৰৰ ভিতৰত FD-ৰ সুতৰ হাৰ ৩.৫%ৰ পৰা ৮.০৫%লৈ বৃদ্ধি কৰা হৈছে। এই নতুন সুতৰ হাৰ ২০২৪ চনৰ ১৪ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।

ফেডাৰেল বেংকেও FDৰ সুতৰ হাৰ বৃদ্ধি কৰিছে !

ফেডাৰেল বেংকে জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও মুকলি কৰিছে এক বিশেষ উপহাৰ। দৰাচলতে ফেডাৰেল বেংকে এতিয়া ১৩ মাহৰ কাৰ্যকালৰ FD-ৰ ওপৰত ৮.০৭% পৰ্যন্ত সুতৰ হাৰ আগবঢ়াব। ২০২৩ চনৰ ১৩ আগষ্টত ইয়াক কাৰ্যকৰী কৰা হৈছে।

লগতে চাওক – বেংক একাউণ্টত কিমান টকা ৰাখিব পাৰিব ? RBI-য়ে জাৰি কৰিলে নিয়ম !

কেনাৰা বেংকে FD সুতৰ হাৰ বৃদ্ধি কৰিছে !

কেনাৰা বেংকেও নিজৰ জ্যেষ্ঠ নাগৰিকসকলৰ সুতৰ হাৰ বৃদ্ধি কৰিছে। দৰাচলতে কেনাৰা বেংকে ৩.৭৫% সুতৰ হাৰ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে কেনাৰা বেংকে ৪% পৰ্যন্ত সুতৰ হাৰ আগবঢ়াইছিল, যিটো এতিয়া ৭.৭৫% লৈ বৃদ্ধি কৰা হৈছে। আচলতে বেংকে ২০২৩ চনৰ ১২ আগষ্টৰ পৰা ইয়াক কাৰ্যকৰী কৰিছে। অৱশ্যে ১৫ লাখ টকাৰ ওপৰৰ বিনিয়োগৰ বাবে ৫.৩৫%ৰ পৰা ৭.৯০%লৈকে সুতৰ হাৰ প্ৰদান কৰে।

সূৰ্য্যদয় ক্ষুদ্ৰ বিত্ত বেংকৰ FD সুতৰ হাৰ বৃদ্ধি !

সূৰ্য্যদয় ক্ষুদ্ৰ বিত্ত বেংকে জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও ঘোষণা কৰিছে যে যদি বিনিয়োগ ২ কোটি টকাৰ কম হয় আৰু ৭ দিনৰ পৰা ১০ বছৰত মেচিউৰ হয় তেন্তে আপুনি বেংকৰ পৰা ৪.৫০%ৰ পৰা ৯.১০% সুতৰ হাৰ লাভ কৰিব।

Leave a Comment