নতুন ভোটাৰ তালিকাত বহু নাম বাদ পৰিছে, আপোনাৰ নাম আছেনে ? এইদৰে পৰীক্ষা কৰক

WhatsApp Follow

বছৰ আৰাম্ভ হোৱাৰ লগে লগে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। সেই বাবে ভোটাৰ তালিকা এই লোকসভাৰ আগত প্ৰকাশ কৰা হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰৰ তালিকা অনুসৰি অসমত কেইবালাখ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু সুত্রৰ মতে একে সময়তে ভোটাৰ তালিকাৰ পৰা কিছুমান ভোটাৰৰ নাম বাদ পৰিছে।

এই ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলে ভয়ৰ কোনো কথা নাই। কাৰণ এতিয়াও চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পঞ্জীয়ন কৰাৰ সুযোগ আছে। ইয়াৰ বাবে দ্ৰুত পৰ্যালোচনাৰ বাবে আবেদন সম্পূৰ্ণ কৰিব লাগিব। ২০২৪ চনৰ ৫ জানুৱাৰীত প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা।

যিসকলে এইবাৰ নতুন ভোটাৰ তালিকা বা ভোটাৰ কাৰ্ড সংশোধনৰ বাবে আবেদন কৰিছে তেওঁলোকে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাত নাম আছে নে নাই পৰীক্ষা কৰক। ইয়াৰ বাবে ঘৰতে বহি থাকি মোবাইল ফোনৰ জৰিয়তে ভোটাৰ তালিকাত নাম আছে নে নাই সেয়া সহজেই পৰীক্ষা কৰিব পাৰিব। কেনেকৈ চাব আজিৰ প্ৰতিবেদনত দিয়া হৈছে –

আৰু পঢ়ক – বাজেটত ডাঙৰ ঘোষণা। ১১ কোটি লোকে লাভ কৰিব ১ লাখ টকাকৈ। ষ্টেট বেংকত একাউণ্ট থাকিলে আবেদন কৰক।

ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব ?

প্ৰথমে নিৰ্বাচন আয়োগৰ চৰকাৰী ৱেবছাইটত যাওক। তলত লিংক দিয়া আছে
ইয়াত আপুনি তিনিটা ধৰণেৰে আপোনাৰ নাম তালিকাত আছে নে নাই পৰীক্ষা কৰিব পাৰে,
১) সবিশেষৰ দ্বাৰা সন্ধান কৰক: নাম, ঠিকনা, জন্ম তাৰিখৰ ওপৰত ভিত্তি কৰি
২) Search by EPIC দ্বাৰা সন্ধান কৰক: ভোটাৰ কাৰ্ড নম্বৰৰ ওপৰত ভিত্তি কৰি
৩) Search by Mobile: ভোটাৰৰ ওপৰত ভিত্তি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰ।

তলত ক্লিক কৰি ভোটাৰ তালিকাত পৰীক্ষা কৰক 👇👇

Check Now

Leave a Comment