PM কিষাণৰ পৰৱৰ্তী কিস্তি কেতিয়া পাব ?

WhatsApp Follow

আমাৰ দেশ কৃষিভিত্তিক। গতিকে এই দেশৰ বহু লোকে কৃষিক পেছা হিচাপে লৈ জীয়াই থাকিবলৈ চেষ্টা কৰে। কৃষকসকলে গোটেই বছৰটো বহুত কষ্ট কৰে যদিও তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা এতিয়াও দুৰ্বল। কিন্তু কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু নিজ নিজ ৰাজ্য চৰকাৰে বহু আঁচনি পৰিচালনা কৰে।

বৰ্তমান আমাৰ অসমৰ কৃষকৰ বাবে বিভিন্ন আৰ্থিক সাহায্য আঁচনি আছে। কৃষকসকলকো আৰ্থিক সাহায্য প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত জনকল্যাণমূলক আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আৰ্থিক সাহায্য আঁচনি। ইয়াক কেৱল দেশৰ কৃষকৰ বাবেহে পৰিচালিত কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনত দেশৰ কোটি কোটি কৃষকক বছৰি ৬ হাজাৰ টকা দিয়া হয়। মুঠ ২০০০ টকা কৃষকৰ একাউণ্টত তিনিটা কিস্তিত আহে। এই আঁচনিৰ পৰা এতিয়ালৈকে কৃষকসকলে ১৬টা কিস্তি লাভ কৰিছে। এতিয়া তেওঁলোকে ১৭ কিস্তিৰ বাবে অপেক্ষা কৰি আছে।

কৃষকসকলে কেতিয়া পাব ১৭ কিস্তি ?

সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ ধন প্ৰতি চাৰি মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। প্ৰথম টাকাটি এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত আহে। দ্বিতীয় কিস্তি আগষ্ট-নৱেম্বৰ মাহত দিয়া হয়। তৃতীয়টো ডিচেম্বৰ-মাৰ্চ মাহত আহে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ১৬ সংখ্যক কিস্তিৰ ধন প্ৰদান কৰা হৈছিল। এই কাৰণতে সপ্তদশ কিস্তিৰ ধন মে’ মাহৰ যিকোনো দিনাই কৃষকৰ একাউণ্টত সোমাব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি এতিয়ালৈকে কোনো কথা নিৰ্দিষ্ট কৰা হোৱা নাই।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ তালিকাত নামটো থাকিলে কেনেকৈ বুজিব?

  • প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট চাওক https://pmkisan.gov.in/
  • পৃষ্ঠাৰ সোঁফালে থকা ‘Beneficiary list’ টেবত ক্লিক কৰক।
  • ড্ৰপ ডাউনৰ পৰা আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু গাঁও নিৰ্বাচন কৰক আৰু ‘Get report’ টেবত ক্লিক কৰক।
  • ইয়াত আপুনি সন্মুখৰ পৰ্দাত সম্পূৰ্ণ তালিকাখন দেখিব। তাৰ পৰাই আপোনাৰ নাম তালিকাত আছে নে নাই পৰীক্ষা কৰিব পাৰিব

Leave a Comment