ছাত্ৰ-ছাত্ৰীয়ে বছৰি লাভ কৰিব ৪০,০০০ টকা ! অনলাইনত কেনেকৈ আবেদন কৰিব ?

WhatsApp Follow

আকৌ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এক নতুন পদক্ষেপ। পঞ্জাৱ নেচনেল বেংকৰ হাউছিং ফাইনেন্স বিভাগে পেহলে ফাউণ্ডেশ্যন আৰু বিদ্যাসাৰথি পৰ্টেলৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত সহায় কৰিবলৈ এক নতুন স্কলাৰশিপ আৰম্ভ কৰিছে।

মেধা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বছৰি ১০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈকে স্কলাৰশিপ লাভ কৰিব পাৰিব। ব্যক্তিগত স্কলাৰশিপ হোৱাৰ বাবে আন স্কলাৰশিপৰ সৈতে আবেদন কৰিব পাৰি। কেনেকৈ আবেদন কৰিব লাগিব তাৰ বাবে সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক –

PNB Housing Finance Protsahan Scholarship 2024

PNB হাউছিং ফাইনেন্সে ২০১৯-২০ বৰ্ষৰ পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ আয়োজন কৰে। এই আঁচনিখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিকভাৱে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াবলৈ এই স্কলাৰশিপ আৰম্ভ কৰা হৈছিল।

আবেদনকাৰীৰ যোগ্যতা

১. ডিপ্লমা পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে আকাংক্ষিত ছাত্ৰ-ছাত্ৰীয়ে মাধ্যমিকত ৬০% আৰু উচ্চতৰ মাধ্যমিকত নূন্যতম ৬০% আৰু প্ৰাসংগিক পৰীক্ষাত ৬০% নম্বৰ লাভ কৰিব লাগিব।
২. আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় ৩০,০০০ টকাতকৈ কম হ’ব লাগিব।
৩. প্ৰাৰ্থীয়ে BA, BCA, BSC, B.Com-ৰ দৰে পূৰ্ণকালীন পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব।
৪. আবেদনকাৰীৰ নিজাকৈ বৈধ বেংক একাউণ্ট থাকিব লাগিব।

আৰু পঢ়ক – TATA-ৰ কেৰিয়াৰ কোৰ্চ সম্পূৰ্ণ বিনামূলীয়াকৈ, চাৰ্টিফিকেটৰ সৈতে !

আবেদনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ

  • আবেদনকাৰীৰ পাছপ’ৰ্ট আকাৰৰ ফটো
  • প্ৰাৰ্থীৰ নিজৰ পৰিচয় প্ৰমাণ
  • স্থায়ী ঠিকনাৰ প্ৰমাণ
  • পৰিয়ালৰ আয়ৰ প্ৰমাণ
  • প্ৰাথমিক শিক্ষা বৰ্ষৰ মাৰ্কশ্বীট
  • শিক্ষানুষ্ঠানত নামভৰ্তিৰ প্ৰমাণ
  • চলিত বৰ্ষত মাচুলৰ জাননী।

কোন কোন বিভাগত কিমান স্কলাৰশিপ দিয়া হ’ব !

শ্রেণীপ্ৰতি বছৰে স্কলাৰশিপ
নবম শ্রেণী১০,০০০ টকা
দশম শ্রেণী১০,০০০ টকা
একাদশ ও দ্বাদশ শ্রেণী১২,৫০০ টকা
ITI অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে১৫,০০০ টকা
ডিপ্লমা ছাত্ৰ-ছাত্ৰীৰ বাবে২৫,০০০ টকা
স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে৩০,০০০ টকা
MTech ছাত্ৰ-ছাত্ৰীসকলৰ বাবে৩০,০০০ টকা
স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে৪০,০০০ টকা

আবেদনৰ পদ্ধতি (Application Process)

ইচ্ছুক প্ৰাৰ্থীয়ে বিদ্যাভাৰতীৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ পঞ্জীয়ন কৰক আৰু আবেদন পত্ৰত সকলো সবিশেষ সঠিকভাৱে পূৰণ কৰক –

সবিশেষ জানি লওকDetails
অনলাইন আবেদন লিংকApply Here

Leave a Comment