ডাকঘৰৰ চেভিংছ একাউণ্ট আঁচনি কি জানেনে? ইয়াৰ পৰা আপুনি কি লাভ পাব পাৰে ? নাজানিলে জানি লওক !

WhatsApp Follow

Post Office Saving Scheme: ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সকলোৱে ধন সঞ্চয় কৰে। আৰু সেইবাবেই সকলোৱে বেংক, LIC-ৰ পৰা বিভিন্ন চেভিংছ একাউণ্টত ধন সঞ্চয় কৰি থাকে। বেছিভাগ মানুহেই ধন সঞ্চয়ৰ বাবে ডাকঘৰৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিগতভাৱে বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে ডাকঘৰৰ চেভিংছ একাউণ্ট আঁচনি (Post Office Saving Scheme) তাৰ ভিতৰত অন্যতম। ই নিৰ্দিষ্ট হাৰত সুত আদায় কৰে।

বিশেষকৈ এই আঁচনিখন গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে অতি সুবিধাজনক। আৰু এই আঁচনিখনত ধন জমা কৰাটোও সকলোৰে বাবে সুৰক্ষিত। বহু ঠাইত বেংকিং সেৱাৰ অভাৱ যদিও তাত এই ডাকঘৰৰ চেভিংছ একাউণ্টটো অতি উপযোগী। ডাকঘৰৰ চেভিং একাউণ্ট আঁচনি খোলাৰ বাবে কিছুমান চৰ্ত আছে। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক –

ডাকঘৰৰ চেভিংছ একাউণ্ট আঁচনিৰ সুবিধা কি কি ?

  • বছৰৰ ভিতৰত যিকোনো সময়তে এই একাউণ্টটো বন্ধ কৰিব পাৰিব।
  • প্ৰয়োজন হ’লে একাউণ্টৰ টকা সম্পূৰ্ণ বা আংশিকভাৱে উলিয়াব পাৰিব।
  • আপুনি যিকোনো সময়তে আপোনাৰ একক একাউণ্টক যৌথ একাউণ্টলৈ ৰূপান্তৰ কৰিব পাৰে।
  • আকৌ আপুনি আপোনাৰ চেভিংছ একাউণ্টটো এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ সহজে ট্ৰেন্সফাৰ কৰিব পাৰিব।
  • এই আঁচনিৰ জৰিয়তে এটিএম আৰু চেক টু ডেবিট কাৰ্ড সেৱাৰ জৰিয়তে লেনদেনৰ ব্যৱস্থা কৰা হৈছে।
  • এই একাউণ্টৰ সুতৰ হাৰ চাৰি শতাংশ (৪ %)।
  • ই-বেংকিং বা মোবাইল বেংকিংৰ সুবিধা উপলব্ধ।
  • অটল পেঞ্চন যোজনা (এ পি ৱাই)ৰ সুবিধাসমূহ উপলব্ধ হ’ব।
  • প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ (PMSBY) ৰ অধীনত সুবিধাসমূহ উপলব্ধ ।
  • প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY)ৰ সুবিধাসমূহ উপলব্ধ।

লগতে চাওক – প্ৰতিদিনে ১৫১ টকা জমা কৰি ৩১ লাখ টকা ৰিটাৰ্ণ লাভ কৰিব, ছোৱালীৰ বাবে LIC-ৰ বাম্পাৰ আঁচনি !

ডাকঘৰৰ চেভিংছ একাউণ্ট আঁচনি খোলাৰ চৰ্ত কি কি ?

১/ কেৱল নগদ ধন বিনিয়োগ কৰি ডাকঘৰৰ সঞ্চয় একাউণ্ট আঁচনি (ডাকঘৰ সঞ্চয় আঁচনি) মুকলি কৰা হয়।

২/ নাবালকৰ নামতো এই একাউণ্ট খুলিব পাৰিব। মূলতঃ ১০ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে এই একাউণ্টটো খুলিব পাৰে।

৩/ ডাকঘৰৰ সঞ্চয় একাউণ্ট পৃথকে পৃথকে অৰ্থাৎ একক একাউণ্ট খুলিব পাৰি, আৰু ২ বা ৩ জন প্ৰাপ্তবয়স্কই একেলগে এই একাউণ্টটো সহজে খুলিব পাৰে।

৪/ আৰু এই একাউণ্টটো তিনিবছৰত এবাৰ হ’লেও সক্ৰিয় কৰি ৰাখিবলৈ।

ডাকঘৰৰ চেভিংছ একাউণ্ট আঁচনিত কেনেকৈ একাউণ্ট খুলিব ?

এই একাউণ্টটো আপোনাৰ ওচৰৰ ডাকঘৰৰ পৰা চেভিংছ আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰি ৫০০ টকা জমা কৰি খুলিব পাৰিব। সকলো প্ৰয়োজনীয় নথি-পত্ৰৰ জেৰক্স কপি আৰু অৰিজিনেল লৈ যাবলৈ নাপাহৰিব।

ডাকঘৰ চেভিংছ আঁচনিত প্ৰয়োজনীয় নথিপত্ৰ !

  • আধাৰ কাৰ্ড
  • নিজৰ পাছপ’ৰ্ট আকাৰৰ ফটো।
  • ৰেচন কাৰ্ড।
  • স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা পাছপ’ৰ্ট বা পৰিচয় পত্ৰ।

ডাকঘৰ সঞ্চয় আঁচনিৰ বিষয়ে অধিক জানিবলৈ ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ৱেবছাইট চাওক বা ইয়াত ক্লিক কৰক ।

Leave a Comment