মাত্ৰ ৪১৭ টকা জমা কৰি কোটিপতি হওক ! ডাকঘৰে আকৰ্ষণীয় আঁচনি !

ভৱিষ্যতৰ বাবে সঞ্চয় কৰিবলৈ কোনে নিবিচাৰে ! অৱশ্যে সঞ্চয়ৰ কথা আহিলে বেছিভাগ মানুহেই ভয় কৰে। ৰাজ্যত এতিয়াও জ্বলি আছে ‘চিট ফাণ্ড কেলেংকাৰী’ৰ স্মৃতি। এনে পৰিস্থিতিত একাংশ লোকে ৰিস্ক লৈ শ্বেয়াৰ মাৰ্কেটৰ দিশে খোজ দিয়ে যদিও বেছিভাগ মানুহেই তেতিয়াও ডাকঘৰৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এতিয়া এই নিৰ্ভৰযোগ্য কেন্দ্ৰীয় সংমণ্ডল ডাকঘৰটোৱে এটা আকৰ্ষণীয় আঁচনি উলিয়াইছে। য’ত মাত্ৰ ৪১৭ টকা বিনিয়োগ কৰি কোটি কোটি টকা পৰ্যন্ত ৰিটাৰ্ণ পোৱাৰ সুযোগ আছে। এই আঁচনি কি ?

এটা আকৰ্ষণীয় আঁচনি হ’ল ডাকঘৰৰ পি এফ একাউণ্ট আঁচনি, যিয়ে নিৰাপত্তাৰ লগতে ভাল ৰেট অৱ ৰিটাৰ্ণ প্ৰদান কৰে। সুতৰ হাৰৰ কথা চিন্তা কৰা নহ’ব। কাৰণ আঁচনি আৰম্ভ কৰাৰ মুহূৰ্তত জমাকাৰীয়ে বজাৰৰ সুতৰ হাৰত সুত পাব। কিন্তু এই আঁচনিখনত যৌথ একাউণ্ট খুলিব নোৱাৰি। কিন্তু যিসকল নাবালক, তেওঁলোকে এই আঁচনিখনত একাউণ্ট খুলিব পাৰে। কোনো প্ৰবাসী ভাৰতীয়ই এই সুযোগ নাপাব। এই আঁচনিৰ সময়সীমা ১৫ বছৰ। কিন্তু ইয়াক বৃদ্ধি কৰাৰ পৰিসৰ আছে। কিন্তু কোটিপতি কেনেকৈ হ’ব ?

হিচাপ কৰিলে দৈনিক ৪১৭ টকা বিনিয়োগ কৰি ৰিটাৰ্ণ হিচাপে বিপুল পৰিমাণৰ ধন লাভ কৰিব পাৰিব। সুতৰ হাৰ ৭.১%। প্ৰতিদিনে ৪১৭ টকা বিনিয়োগ কৰিলে ১৫ বছৰত আপোনাৰ মুঠ সঞ্চিত ধন হ’ব ২২.৫ লাখ টকা। ১৫ বছৰৰ পিছত ১৮.১৮ লাখ টকা আপোনাৰ একাউণ্টত জমা হ’ব যদিহে সুত কম্পাউণ্ড কৰা হয়। অৰ্থাৎ ১৫ বছৰৰ পাছত আপোনাৰ একাউণ্টত মুঠ ৪০.৬৮ লাখ টকা থাকিব। যদি আপুনি আপোনাৰ পিপিএফ একাউণ্ট আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰে তেন্তে আপোনাৰ একাউণ্টত মুঠ ১.০৩ কোটি টকা থাকিব।

গতিকে পলম কিয় ? ডাকঘৰলৈ গৈ একাউণ্টটো খুলিব। আৰু দৈনিক উপাৰ্জনৰ পৰা ৪১৭ টকা সঞ্চয় কৰি এই আঁচনিখনত জমা কৰক। কাৰ্যকালৰ শেষলৈকে আপুনি কোটিপতি হৈ পৰিব।

CopyAMP code

Leave a Comment