বন্ধু-বান্ধী সকল আপোনালোকে জানে যে মাটিৰ খাজনা দিবলৈ মৌজাদাৰৰ ওচৰত যাব লাগে ! কিন্তু এতিয়া আৰু মৌজাদাৰৰ ওচৰত যাব নালাগে । ঘৰতে বহি অনলাইন যোগে খাজনা পৰিশোধ কৰিব পাৰিব।
এতিয়া অকৃষিভূমিৰ খাজনা দিবলৈ দীঘলীয়া শাৰী পাতিব নালাগে। কোনো অফিচলৈ যোৱাৰ প্ৰয়োজন নাই। অকৃষি ভূমিৰ খাজনা ঘৰতে বহি দিব পাৰিব। ইয়াৰ বাবে আপোনাৰ হাতত মাত্ৰ এটা স্মাৰ্টফোন থাকিব লাগিব। সাধাৰণ জনতাই উপকৃত হোৱাৰ লগতে ৰাজ্য চৰকাৰৰ আৰ্থিক গাঁথনিও কিছু পৰিমাণে সুদৃঢ় হ’ব।
অকৃষি ভূমিৰ খাজনা কেনেকৈ অনলাইনত দিব ?
চৰকাৰী সূত্ৰৰ মতে, অকৃষি ভূমিৰ খাজনা অনলাইনযোগে দিবলৈ হ’লে প্ৰথমে ‘অসমৰ ভূমি’ পৰ্টেললৈ যাব লাগিব। নাগৰিক সেৱা বিকল্পলৈ গৈ তাত লগ ইন কৰক। তাৰ পিছত এখন ৰেজিষ্ট্ৰেচন ফৰ্ম ওলাব। এই ফৰ্মত আপুনি আপোনাৰ নাম, ঠিকনা, মোবাইল নম্বৰ আৰু ই-মেইল ঠিকনা দিব লাগিব। সেইটো কৰিলেই মাটিৰ মৌজা, ডাঘ আৰু খাটিয়ান নম্বৰৰ সৈতে ভাড়া সম্পৰ্কীয় তথ্য জানিব পাৰিব। তালৈ গৈ বাকী থকা মাচুল সহজেই দিব পাৰিব। সেই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈয়ে খাজনাৰ ৰচিদখন পাব।
কেনেকৈ অনলাইনত খাজনা পৰিশোধ কৰিব লাগে তাৰ বিষয়ে ভিডিও দিয়া হ’ল, আপোনালোকে এই ভিডিও চাই ঘৰতে আপোনাৰ মোবাইলৰ সহায়ত খাজনা পৰিশোধ কৰিব পাৰিব।