গণৰাজ্য দিৱসত কেন্দ্ৰ চৰকাৰৰ কুইজ প্ৰতিযোগিতা, ২৫ হাজাৰ টকাৰ পুৰস্কাৰ !

WhatsApp Follow

গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত এখন কুইজ প্ৰতিযোগিতা। এই কুইজ প্ৰতিযোগিতাৰ মূল বিষয়বস্তু হৈছে “ভাৰত গণতন্ত্ৰৰ মাতৃ”। কুইজ প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে যুৱ প্ৰজন্ম আৰু দেশৰ নাগৰিকৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তোলা। একেখন প্ৰতিযোগিতাৰ বিজয়ীসকলক ২৫ হাজাৰ টকা পৰ্যন্ত পুৰস্কাৰৰ লগতে চার্টিফিকেত প্ৰদান কৰা হ’ব। এই প্ৰতিযোগিতাত কোনে অংশগ্ৰহণ কৰিব পাৰিব আৰু কেনেকৈ অংশগ্ৰহণ কৰিব পাৰিব সেই বিষয়ে বিতংভাৱে জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক –

গণৰাজ্য দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা

গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে “ভাৰত-গণতন্ত্ৰৰ মাতৃ” বিষয়ক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত সকলো নাগৰিকে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত মুঠ ২০টা প্ৰশ্নৰ উত্তৰ অংশগ্ৰহণকাৰী সকলে ৫ মিনিটৰ ভিতৰত উত্তৰ দিব লাগিব। বিজয়ী প্ৰতিযোগী সকলক চার্টিফিকেট লগতে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

বঁটাৰ পৰিমাণ

এতিয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ীসকলক কিমান টকা প্ৰদান কৰা হ’ব চাওঁ আহক –

প্রথম₹ ২৫,০০০ টকা
দ্বিতীয়₹ ১৫,০০০ টকা
তৃতীয়া₹ ১০,০০০ টকা
সান্ত্বনা পুৰস্কাৰ₹ ৫,০০০ টকা

কুইজ প্ৰতিযোগিতাৰ চৰ্ত আৰু নিয়ম

কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগতে আপুনি চৰ্ত আৰু নিয়মসমূহ জানিব লাগিব।

  • এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নূন্যতম বয়স ১৪ বছৰ হ’ব লাগিব।
  • এজন ব্যক্তিয়ে এবাৰতকৈ অধিক অংশগ্ৰহণ কৰিব নোৱাৰিব।
  • কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ এটা মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ প্ৰয়োজন হয় এবাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি প্ৰৱেশ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিব নোৱাৰিব।
  • কুইজ প্ৰতিযোগিতাৰ সৈতে পোনপটীয়াকৈ জড়িত কোনো ব্যক্তি বা কোনো চৰকাৰী বিষয়াই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব।

কুইজ প্ৰতিযোগিতাৰ ফলাফল

কুইজ প্ৰতিযোগিতাত মুঠ ২০টা প্ৰশ্ন থাকিব আৰু ইয়াৰ সময়সীমা হ’ব ৫ মিনিট। এই কুইজ প্ৰতিযোগিতাত নিৰ্বাচনৰ মাপকাঠী হ’ল “নূন্যতম সময়ত সৰ্বাধিক প্ৰশ্নৰ উত্তৰ দিয়া”।

আৰু পঢ়ক – অসম চৰকাৰে Tractor দিছে, কেনেকৈ আবেদন কৰিব !

কুইজ প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিব ?

গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ mygov ৱেবছাইটলৈ যাব লাগিব। ৱেবছাইটৰ তলৰ কুইজ শিতানত গণতন্ত্ৰ দিৱস উপলক্ষে “ভাৰত গণতন্ত্ৰৰ মাতৃ” কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে তলৰ লিংকটোত ক্লিক কৰি পোনপটীয়াকৈ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।

Participate Quiz Contest 👇👇

Click Here

Leave a Comment