ফিক্সড ডিপ’জিটতকৈ বেছি সুত, ডাকঘৰত এই একাউণ্ট খুলিলে লাভ হ’ব দ্বিগুণ !

WhatsApp Follow

২০২৩-২৪ চনৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলাসকলৰ বাবে এক বিশেষ সঞ্চয় আঁচনিৰ কথা ঘোষণা কৰে। মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ (MSSC) নামৰ আঁচনিখনে মহিলাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ডাকঘৰলৈ গৈ এই সঞ্চয় আঁচনিখনত একাউণ্ট খুলিছিল।

বিশেষকৈ মহিলাসকলৰ বাবে চৰকাৰে এই আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখনত বছৰি ৭.৫ শতাংশ হাৰত সুত আদায় দিয়া হ’ব। যোৱা ২৬ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সংগসাদ মাৰ্গ ডাকঘৰ পৰিদৰ্শন কৰিছিল। তাতে আনৰ লগত শাৰী পাতি থিয় হৈ একাউণ্টটো খুলিলে। আজাদী কা অমৃতা মহোৎসৱ অভিযানৰ অধীনত বিত্তমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে।

লগতে চাওক – মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ আগতে এইবোৰ কথা মনত ৰাখক !

স্মৃতি ইৰাণীয়ে এক্স হেণ্ডেলত লিখিছে, “মই সকলো মহিলা আৰু যুৱতীক (MSSC) আঁচনিৰ অধীনত একাউণ্ট খুলি এই মাইক্ৰ’ চেভিংছ আঁচনিৰ সুবিধা ল’বলৈ আহ্বান জনাইছো।” মাত্ৰ ১০০০ টকাৰ পৰাই এই আঁচনিখনত বিনিয়োগ কৰিব পাৰি। এই আঁচনিৰ সময়সীমা দুবছৰ। কিন্তু তাৰ আগতেও অকালতে উলিওৱাৰ সুবিধা থাকিব।

বাজেট ভাষণৰ সময়ত বিত্তমন্ত্রীয়ে এই প্রকল্প দুবছৰৰ পৰা আৰম্ভ হোৱা বুলি অৱগত কৰে৷ এই প্ৰকল্পত ২০২৫ চনৰ ৩১ মাৰ্চলৈকে বিনিয়োগ কৰিব পাৰিব। যিকোনো বয়সৰ মহিলাই এই আঁচনিত বিনিয়োগ কৰিব পাৰিব। এই আঁচনিখনত সৰ্বাধিক ২ লাখ টকা বিনিয়োগ কৰিব পাৰিব। দেশৰ ১.৫৯ লাখ ডাকঘৰৰ ভিতৰত যিকোনো ডাকঘৰলৈ গৈ এই একাউণ্ট খুলিব পাৰিব।

Leave a Comment