দাৰিদ্ৰতাক জয় কৰি মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

WhatsApp Follow

সৰুৰে পৰা দৰিদ্ৰতা আছিল নিত্যসংঙ্গী৷ আৰ্থিক অনাটনৰ বাবে পঢ়াশুনাৰ ক্ষেত্ৰতো বহু বাধা আহিছিল৷ কিন্তু কোনো বাধাৰ ওচৰতেই শিৰনত নকৰিলে তেওঁ৷ সপোন পূৰণপ লক্ষ্যত তেওঁ অবিচল৷ সেয়ে সমস্ত প্ৰতিবন্ধকতাক নেওচি মাত্ৰ ২১ বছৰ বয়সতে তেওঁ আই এ এছ অফিচাৰ হ’ল৷ প্ৰথমবাৰ চিভিল চাৰ্ভিছ পৰীক্ষা দিয়েই সফল হয় আনছাৰ শেখ৷

ভাৰত তথা বিশ্বৰ কঠিনতম পৰীক্ষাসমূহৰ মাজত এটা হৈছে ভাৰতীয় চিভিল চাৰ্ভিছ পৰীক্ষা৷ ইউনিয়ন পাব্লিক চাৰ্ভিছ কমিছনত আয়োজিত এই পৰীক্ষাত পাছ কৰিলেহে আইএএছ আইপিএছৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰে৷ প্ৰতি বছৰেই অসংখ্য প্ৰাৰ্থীয়ে চিভিল চাৰ্ভিছ পৰীক্ষা দিয়ে৷

কিন্তু ছীটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত উজলি উঠা ব্যক্তিসকল নিশ্চয়কৈ অতি মেধাসম্পন্ন৷ আনছাৰেও এই পৰীক্ষাত সফলতা লাভ কৰি সকলোৰে দৃষ্টি কাঢ়িছে৷ তেওঁৰ সফলতাৰ কাহিনী জানিবলৈ বহুজন আগ্ৰহী হৈ উঠিছে৷ আনছাৰৰ শিশুকাল অইন পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ দৰে নহয়৷ আনচাৰৰ পিতৃ ইউনুছ শ্বেখ আহমেদ পেছাত অটোচালক৷ মহাৰাষ্ট্ৰৰ জালনা গাওঁৰ বাসিন্দা আনছাৰ পাৰিবাৰিক অৱস্থা অতি বেয়া৷ দাৰিদ্ৰতাৰ মাজতো কিন্তু কেতিয়াও হাৰি নহল আনছাৰ৷

য’ত চিটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত প্ৰতিভাৱান এইগৰাকী আনছাৰৰ সাফল্যৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰিছে৷ চিভিল চাৰ্ভিছ পৰীক্ষাত সাফল্যৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন৷ সৰুৰেপৰাই মেধাৱী আছিল আনছাৰ৷ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত আনছাৰে ৯১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল৷

পৰবৰ্তীকালত পুনৰ ফাৰ্গুছন কলেজৰ পৰা ৭৩ শতাংশ নম্বৰ সৈ ৰাজনীতিবিজ্ঞানত স্নাতক হয়৷ আৰ্থিক দুৰাবস্থাৰ বাবে আনছাৰে স্নাতক হোৱাৰ পাছত আৰু পঢ়াশুনা আগবঢ়াই নিব নোৱাৰিলে৷ আনছাৰে পঢ়াশুনা সামৰাৰ কথা গম পাই তেওঁ পঢ়ি অহা কলেজৰ শিক্ষকে আনছাৰৰ পিতৃক পুত্ৰৰ পঢ়াশুনাত যাতে বাধা নিদিয়ে তাৰবাবে অনুৰোধ জনায়৷

আনছাৰৰ সফলতাৰ আঁৰত সোমাই আছে বহু পৰিশ্ৰম৷ চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত তেওঁ তিনিবছৰ ধৰি প্ৰতিদিনে ১২ ঘণ্টা কাম কৰিছিল৷ পৰিশ্ৰমৰ পৰা যি ধন লাভ কৰিছিল সেই ধনেৰে তেওঁ ইউপিএছচি ৰ কচিং কৰে৷ কচিং চেণ্টাৰটোৱেও তেওঁৰ আৰ্থিক অৱস্থালৈ লক্ষ্য ৰাখি কিছু ৰেহাইয়ো দিয়ে৷ একান্ত সাধনা, মনৰ জোৰত ২০১৫ চনত ইউপিএছচি পৰীক্ষাত প্রথম চেষ্টাতেই ৩৬১ তম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ মাত্ৰ ২১ বছৰ বয়সতে দেশৰ সৰ্বকনিষ্ঠ আইএএছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় আনছাৰ শ্বেখে৷

Leave a Comment