৩গৰাকী IAS, এজন IPS, এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ

WhatsApp Follow

৪গৰাকী ভায়েক ভনীয়েকৰ মাজত তিনিজন আইএএছ আৰু এজন আইপিএছ৷ এটা পৰিয়ালৰ চাৰি সদস্যই দেশৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হোৱাটো অসাধাৰণ কথা৷ এই অসাধ্য সাধন কৰি দেখুৱালে উত্তৰপ্ৰদেশৰ প্ৰতাপগড়ৰ মিশ্ৰ পৰিয়ালে৷ ইউপিএছচি পৰীক্ষাত এটাৰ পিছত আনটো সন্তান উজলি উঠাত অত্যন্ত সুখী হৈ পৰিছে পিতৃ-মাতৃও৷

ভাৰত তথা বিশ্বৰ একমাত্ৰ কঠিন পৰীক্ষা হৈছে ছিভিল চাৰ্ভিছ পৰীক্ষা৷ ইউনিয়ন পাব্লিক চাৰ্ভিছ পৰীক্ষাত পাছ কৰিলে আইএএছ, আই পিএছৰ দৰে আমোলা হ’ব পাৰিব৷ প্ৰতি বছৰে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত বহে৷ প্ৰিলিমছ, মেইন আৰু ইণ্টাৰভিউ এই তিনিটা পৰ্যায় পাৰ কৰিলেহে আমোলা হ’ব পাৰি৷ এই পৰীক্ষাতেই সফলতাৰে উত্তীৰ্ণ হৈছে একেটা পৰিয়ালৰ চাৰিটাকৈ সন্তান৷

উত্তৰপ্ৰদেশৰ প্ৰতাপগড়ক অনিল মিশ্ৰৰ ৪টাকৈ সন্তান এতিয়া দেশৰ আমোলা৷ দুকোঠালীৰ ঘৰৰ পৰা ওলাই গৈ ৪ সন্তানে দেশৰ আগশাৰীৰ চাকৰিত যোগদান কৰিছে৷ অনিল মিশ্ৰৰ দুই পুত্ৰ আৰু দুইগৰাকী কন্যা সন্তানক অতি কষ্টেৰে পঢ়াৰ খৰচ যোগান ধৰিছিল অনিলে৷ গ্ৰামীণ বেংকত কাম কৰিছিল অনিল মিশ্ৰই৷ তেওঁ বিচাৰিছিল তেওঁৰ সন্তানকেইটা অফিচাৰ হওক৷ সেই সপোন পূৰণ কৰিলে তেওঁৰ চাৰি সন্তানে৷

অনিল মিশ্ৰৰ ডাঙৰটো সন্তান যোগেশ মিশ্ৰ আই এএছ অফিচাৰ৷ লালগঞ্জৰ পৰা স্কুলৰ পঢ়াশুনা শেষ কৰি তেওঁ মতিলাল নেহৰু নেশ্ব্যনেল ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা ইঞ্জিনিয়াৰিঙত স্নাতক হয়৷ তাৰপিছতেই তেওঁ ব্যক্তিগত খণ্ডত কৰ্মজীৱন আৰম্ভ কৰে৷ নয়ডাত তেওঁ চাকৰি কৰি থকা সময়তে ইউপিএছছি পৰীক্ষাৰ প্ৰস্তুতি চলায়৷ তাৰপিছতেই তেওঁ ২০১৩ চনত চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হয়৷

যোগেশৰ সৈতে তেওঁৰ ভনীয়েক ক্ষমাইয়ো ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতি কৰিছিল৷ ক্ষমাই কিন্তু প্ৰথমবাৰত পৰীক্ষাত পাছ কৰিব নোৱাৰিলে৷ তিনিবাৰ পাছ কৰিব নোৱাৰিও চেষ্টা এৰি নিদিলে ক্ষমাই৷ ব্যৰ্থতাৰ পৰা শিক্ষা লৈ চতুৰ্থবাৰত তেঁও উত্তীৰ্ণ হয়৷ ক্ষমাও বৰ্তমান আইপিএছ বিষয়া৷ যোগেশৰ আৰু এগৰাকী ভনীয়েক মাধুৰীয়ে লালগঞ্জক পৰা স্নাতক হোৱাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে এলাহবাদলৈ যায়৷

স্নাতকোত্তৰৰ পাছত তেওঁ ইউপিএছছি পৰীক্ষাত বহে৷ ২০১৪ চনত তেওঁ ছিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ বিষয়া হিচাপে ঝাৰখণ্ডত যোগদান কৰিছে৷ তিনিওগৰাকী ভাতৃ ভগ্নী আমোলা হোৱাৰ দেখি সৰু ভায়েক লোকেশেও ছিভিল চাৰ্ভিছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়৷ ২০১৫ ত লোকেশে বিহাৰত আইএঅছ অফিচাৰ হিচাপে যোগদান কৰিছে৷ চাৰিগৰাকী ভাতৃ-ভগ্নীৰ এই সাফল্যই এতিয়া উপিএছচি পৰীক্ষাৰ বাবে চেষ্টা চলাই থকাসকলৰ বাবেও অনুপ্ৰেৰণা হৈ পৰিছে৷

Leave a Comment