সপোনত এই ৬ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…

WhatsApp Follow

সপোন সকলোৱেই দেখে। নিশা টোপনিৰ সময়ত দেখা সপোন কেতিয়াবা ফলিয়াই কেতিয়াবা পুৱাই উঠি পাহৰি পেলোৱা হয়। স্বপ্ন শাস্ত্ৰত উল্লেখ থকামতে সপোনত কিছু প্ৰাণী দেখিলে আপোনাৰ ভাগ্য খুলিবই।

প্ৰতিটো সপোনৰেই কিছু অৰ্থ থাকে। সপোনত দেখা কিছু কথাই ভৱিষ্যতৰ ইংগিত দিয়ে। বহুতেই কিন্তু পুৱাই উঠি নিশা দেখা সপোনটো পাহৰি পেলাই। কোনবোৰ সপোনে ভাল সময়ৰ ইংগিত দিয়ে জানেনে ?

হাতীঃ সপোনত হাতী দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। যদি কোনোৱে সপোনত হাতী দেখে তেন্তে ইয়াৰ অৰ্থ হৈছে আগন্তুক সময়ত ব্যক্তিজনে প্ৰচুৰ সম্পদ অৰ্জন কৰিব। ইয়াৰোপৰি হাতী দেখা মানেই ঘৰলৈ সুখ-সমৃদ্ধি অহা।

গৰুঃ সপোনত গৰু দেখিলে খুবেই ভাল বুলি শাস্ত্ৰই দাবী কৰে। গৰু দেখাৰ অৰ্থ হৈছে ব্যক্তিগৰাকীৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে। সপোনত গৰু দেখিলে ব্যক্তিজনে সকলো কামতে সফলতা লাভ কৰে।

জেঁঠিঃ জেঠি দেখাটোও শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। জেঠি দেখা মানেই হঠাতেই ধনৰ আগমন ঘটা।

শহাপহুঃ সপোনত শহাপহু দেখিলে খুবেই শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। শহা দেখামানেই জীৱনত প্ৰেমৰ আগমন হ’ব। যিকোনো কৰ্মতে সফলো হ’ব।

ফেঁচাঃ সপোনত ফেঁচা দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। এইদৰে ফেঁচা দেখা মানেই আপোনাৰ খ্যাতি বাঢ়িবলৈ আৰম্ভ হৈছে। লক্ষ্মীৰ বাহন ফেঁচা দেখিলে সম্পদ লাভৰ যোগ বুলিও শাস্ত্ৰত উল্লেখ আছে।

কলা সাপঃ সপোনত কলা ৰঙৰ সাপ দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। কলা সাপ দেখা মানেই আপোনাৰ সুখ্যাতি বাঢ়িবলৈ আৰম্ভ কৰিছে। ইয়াৰ অৰ্থ হৈছে অচিৰেই আপোনাৰ ইচ্ছাপূৰণ হ’ব।

1 thought on “সপোনত এই ৬ জন্তু দেখিলেই খুলিব আপোনাৰ ভাগ্য…”

Leave a Comment