Daily Job Update
Follow
শিলিখাৰ উপকাৰিতা জানেনে ? শিলিখা হৈছে এনে এবিধ ফল, য’ত আছে বহু ঔষধি গুণাগুণ। বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই। শিলিখা এলাৰ্জীৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ।
চুলিৰ ক্ষেত্ৰটো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কৌষ্ঠকাঠিন্যও দূৰ কৰে শিলিখাই। শিলিখা নিমখৰ লগত খালে কফৰ সমস্যা দূৰ হয়। কাঁহ, প্ৰমেহ, কৃমি, জ্বৰ, পেটফুলা, খজুৱতি, মূত্ৰাঘাত আদিৰ বাবে শিলিখা হৈছে মহৌষধ।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।