ধনতেৰছত ঝাড়ু ক্ৰয়ৰ পৰম্পৰা কিয় আছে, জানি লওক শাস্ত্ৰই কি কয়

WhatsApp Follow

হিন্দুধৰ্মত পোহৰৰ উৎসৱ দীপাৱলীৰ যথেষ্ট তাৎপৰ্য্য আছে। এই উৎসৱ ধনতেৰছৰ দিনা আৰম্ভ হৈ ভাই ডোজৰে শেষ হয়। ধনতেৰছৰ দিনা সকলোৱে ধনৰ দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰে। এই দিনটোত দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰিলে পৰিয়াললৈ কঢ়িয়াই আনে সুখ-সমৃদ্ধিৰ লগতে আশীৰ্বাদ।

এই সন্দৰ্ভত বহু লোকৰ মাজত বেলেগ বেলেগ ধৰণৰ বিশ্বাস প্ৰচলিত। এই দিনটোতে একাংশ লোকে বাচন-বৰ্তন ক্ৰয়ৰ বিপৰীতে আন একাংশই ঘৰত ৰূপৰ সামগ্ৰী অনাটো শুভ বুলি ভাবে। কিন্তু ধনতেৰছৰ দিনা ঝাড়ু ক্ৰয় কৰাটো অধিক শুভ মনা হয় কিয়? জানো আহক।

ধনতেৰছত ঝাড়ুৰ গুৰুত্ব

পৌৰাণিক বিশ্বাস অনুসৰি ধনতেৰছৰ দিনা ঝাড়ু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। মৎস্য পুৰাণত ঝাড়ুক দেৱী লক্ষ্মীৰ ৰূপ বুলি মনা হয়। সেয়েহে ধনতেৰছৰ দিনটোত ঝাড়ু ক্ৰয় কৰাটো সুখ-শান্তি আৰু ধন-সম্পত্তি বৃদ্ধি হৈ দৰিদ্ৰতা দূৰ কৰে বুলি বিশ্বাস কৰা হয়।

ধনতেৰছৰ দিনা ঝাড়ু ক্ৰয়ৰ সম্পৰ্কে আন এটা বিশ্বাস হ’ল ইয়াৰ ফলত মালক্ষ্মী ঘৰৰ পৰা কেতিয়াও ওলাই নাযায়। ইয়াৰ লগতে একাংশ লোকৰ মতে এই দিনটোত ঝাড়ু ঘৰলৈ আনিলে পুৰণি ঋণৰ পৰা মুক্তি লাভ কৰে আৰু ঘৰত ধনাত্মক শক্তিৰ সঞ্চাৰ ঘটে।

আপুনিও কিনিব পাৰে

ধনতেৰছৰ দিনা সোণ-ৰূপৰ সামগ্ৰী ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। এই দিনটোত বহুতে নতুন কাপোৰো, গাড়ী ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment