অকালতে বিধবা হোৱা নাৰী গৰাকীক কুলক্ষণী বুলি আজিও বহুতো পৰিয়ালত কোৱা হয় !

WhatsApp Follow

নাৰী আৰু অপ্ৰিয় সত্য কথাবোৰ!
🔴স্বামীৰ আয়ুস পত্নীৰ হাতত নাথাকে!
কিন্তু অকালতে বিধবা হোৱা নাৰী গৰাকীক কুলক্ষণী বুলি আজিও বহুতো পৰিয়ালত কোৱা হয় !
মৃত্যু ভগৱানৰ হাতত মৃত্যু কেনেকৈ ধৰি ৰাখিব পাৰিব?
তেওঁৰ স্বামীৰ মৃত্যুৰ বাবে তেওঁ কুলক্ষণী হ’ব নোৱাৰে!

🔴খুব সহজে নাৰী এগৰাকীৰ চৰিত্ৰক বিশ্লেষণ কৰিব পাৰি কিন্তু এগৰাকী নাৰীৰ পেটতে সেই সমাজ গঢ়িব পৰা ভাল মানুহ জন্ম হয়!
🔴নাৰী এক আচৰিত সত্তা…এগৰাকী সৎ নাৰীয়ে যদি কোনো পুৰুষৰ লগত থাকিম বুলি ভাৱে সেইজন পুৰুষ শূণ্য হলেওঁ…লগতে থাকিব আৰু যদি যাম বুলি ভাৱিব হেজাৰ ধনী হলেওঁ সেই জন পুৰুষৰ লগত নাথাকে ,প্ৰমাণীত!

🔴নাৰী থকা ঘৰ বহুত ধুনীয়া হয়…এদিন মা নাথাকিলে ঘৰখন শূণ্য হৈ পৰে!
যিমানে যিমান কথা নকওঁ…কিয় নাৰী নহলে কোনো এখন ঘৰে চলিব নোৱাৰে কিন্তু বহুতো পুৰুষৰ ঘৰ খনে নাৰীৰ মৰ্য্যদা দিব নোৱাৰে!
🔴নাৰী চলনাময়ী কথাটো সঁচা আপোনাৰ ভাগ্যহে ক’ব যে আপোনাৰ জীৱনত আপুনি কেনেকুৱা নাৰী লগ পাব!
যদি আপুনি সৎ নাৰী এগৰাকী লগ পোৱা তেনেহলে সেই নাৰীয়ে আপোনাৰ জীৱনে সলনি কৰি দিব পাৰে!
আৰু যদি অসৎ নাৰী এগৰাকী পোৱা আপুনি ধ্বংস হ’বলৈ বহুত বেছি সময়ৰ প্ৰয়োজন নহয়,প্ৰমাণীত!
🔴অকালতে বিবধা হোৱা বা বিবাহ বিচ্ছেদ হোৱা প্ৰতি গৰাকী নাৰীৰে দ্বিতীয় জীৱন সংগী বাচি লোৱাৰ অধিকাৰ আছে !

কিয়নো তেওঁ…বিধবা হোৱাৰ কথা ভগৱানে লিখি দিছে তেওঁৰ কপালত আৰু বিবাহ বিচ্ছেদ হোৱা মানে এনেকুৱা হ’ব পাৰে যে কোনো ভয়ানক দানৱৰ পৰা মুক্ত হৈ আহিছে!
সুখী হোৱাৰ অধিকাৰ সকলোৰে থাকে গতিকে তেওঁক সমালোচনা কৰাৰ কোনো অধিকাৰ নাথাকে সমাজৰ!

🙏নাৰীৰ পৰা সহানুভূতি পোৱাৰ বাবে লিখা নাই
বানান অথবা অন্য কিবা ভুল হলে আঙুলিয়াই দিব,ধন্যবাদ!
✍️ধ্ৰুৱজ্যোতি দাস

Disclaimer. এই কাহিনীটো ধ্ৰুৱজ্যোতি দাস নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. assameseblogger039.gmail.com

1 thought on “অকালতে বিধবা হোৱা নাৰী গৰাকীক কুলক্ষণী বুলি আজিও বহুতো পৰিয়ালত কোৱা হয় !”

Leave a Comment