পৰকীয় প্ৰেম তাৰ পিছত শাৰীৰিক সম্পৰ্ক, সম্পূর্ণ পঢ়ক !

WhatsApp Follow

আজি মই এটা অপ্ৰীয় সত্য কথা লিখিব লৈছোঁ,হয়তো বহুতেই লিখনি টো ভাল নাপাব পাৰে কিন্তু লিখনি টো মোৰ নিজৰ দৃষ্টিত একেবাৰে শুদ্ধ।

সমাজত পৰোকীয় প্ৰেম অৰ্থাৎ নিজৰ পতি/পত্নী থাকোঁতেও আনৰ প্ৰতি দুৰ্বল হোৱা…?

আমি আনৰ প্ৰতি কেতিয়া দুৰ্বল অনুভৱ কৰোঁ জানে নে?

যেতিয়া আমাৰ পতি/পত্নীৰ মাজত কিছু দুৰ্বলতা থাকে,দুৰ্বলতা মানে বুজিছেই বহলাই ক’লে বেয়া দেখি। তেওঁ লিখনি ভাষাত বুজাই দিওঁ,যি আকৰ্ষণত আকৃষ্ট হৈ এজন পুৰুষ মহিলাৰ মাজত সম্পৰ্ক স্থাপন হয় তাৰ কথাই কৈছোঁ।

ধৰা হ’ল আপোনাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ ইচ্ছা সদায় যায়, কিন্তু আপোনাৰ পতি/পত্নীৰ মন মাহত এবাৰ বা দুবাৰ যায়।এনে ক্ষেত্ৰতো কিন্তু আপোনাৰ পতি/পত্নী আনৰ প্ৰতি দুৰ্বল হ’ব পাৰে।

দ্বিতীয় কাৰণ শাৰীৰিক গঠন,এয়াও বহলাই লিখিলে বহুতেই বেয়া পাব।যদি আপোনাৰ পতি/পত্নী আপোনাৰ শাৰীৰিক গঠনত সুখী নহয় তেওঁ আনৰ প্ৰতি দুৰ্বল হোৱাটো স্বাভাৱিক।

বিবাহ মানে সেই সত্য যুগৰ বান্ধোন নহয়,যে কপালৰ লিখনি ভাবি তেনেদৰে মন মাৰি জীৱনত জীয়াই থাকিব। বৰ্তমান আধুনিক মডাৰ্ণ সমাজ গতিকে এই বিবাহত সুখী নহ’লে, আপুনি নিজৰ ইচ্ছাত বিবাহ বিচ্ছেদ কৰি নিজৰ জীৱন নিজৰ মতে অতিবাহিত কৰিব পাৰে এয়া মোৰ আপোনাৰ সম্পুৰ্ণ স্বাধীনতা আছে।

সমাজত কিছুমান এনে ব্যক্তিও আছে যে, বিবাহ বিচ্ছেদৰ বাবে ক’ৰ্ট-কাছাৰী লৈ যাব মন নকৰে।তেনে ব্যক্তি গোপনে অবৈধ্য সম্পৰ্ক গঢ়ি তোলে…..!

ধৰা হ’ল মোৰ পত্নীৰ কথাই কলো… এতিয়া মোৰ পত্নী ভাল নলগা হৈছে, কিন্তু ৰাইজৰ ওচৰত বিবাহ কৰিছোঁ সহজতে এৰিব নোৱাৰোঁ।এৰিব গলেও উকিল ধৰি ডিভ’ৰ্চ দিব লাগিল,যদি পত্নীয়ে নিবিচাৰে তেন্তে জোৰ কৈ ডিভ’ৰ্চ দিব নোৱাৰে। তেতিয়া ক’ৰ্টত আপুনি প্ৰমাণ কৰিব লাগিব,যে অমুক কাৰণত মই মোৰ পতি/পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰিব বিচাৰোঁ।

টকা খৰচ হ’ব এই পদ্ধতিত লগতে যদি কোনো উচিত কাৰণ দেখাব নোৱাৰে, তেন্তে আইনে আপোনাকে দণ্ড দিব।

সেই বাবে মানুহে লুকাই চুৰকৈ বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰে,বা বহুত ক্ষেত্ৰত পলাই যায়।

বিবাহ মানে দুজন বিপৰীত লিংগৰ মন আৰু শাৰীৰিক মিলন, গতিকে কিছুমান ক্ষেত্ৰত নিজৰ ইচ্ছাৰ বিৰুদ্ধেও কিছুমান কাম কৰিব লগা হ’ব পাৰে। কিন্তু দেখা যায় বহুত ক্ষেত্ৰত শাৰীৰিক সম্পৰ্ক টো পত্নী/পতিৰ বহুত আপত্তি থাকে, এইটো নকৰিবা সেইটো নকৰিবা গতিকে এই কথাত আপোনাৰ লগৰ জনে বেয়া পোৱাটো স্বাভাৱিক।

শাৰীৰিক সম্পৰ্কত ইজনে সিজনৰ ওচৰত একেবাৰে নিজকে এৰি দিব লাগে,বা লগৰ যনে যি কয় সেয়া কৰিব লাগে।

যদি লগৰ জনে আপোনাৰ লগত সন্তুষ্ট নহয়, তেন্তে বেলেগ ফালে মন দিয়াটো স্বাভাৱিক নহয় জানো। আকৌ ধৰা পৰিলে অবৈধ্য সম্পৰ্ক, তেতিয়াও সিহতকে বেয়াকৈ কয় যে ঘৰত পত্নী থাকোঁতে পতি বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰিছে।পতি বেয়া ৰাইজৰ দৃষ্টিত, কিন্তু কোনোবাই এবাৰো প্ৰশ্ন কৰে নে কিহৰ অভাৱত পতিৰ স্বভাৱ নষ্ট হ’ল।নাই এই প্ৰশ্ন তেতিয়া কোনেও নকৰে, সকলোৱে কেৱল ক’ব পত্নী থাকোঁতে পতি বেলেগৰ লগত সম্পৰ্ক কৰিছে পতি বেয়া চৰিত্ৰ হীন।

ধৰা হ’ল এজন ঘৰত খোৱা মানুহক যদি হোটেলত খানা খোৱা বাবে বেয়া বুলি কয় তেতিয়া কেনেকুৱা লাগে, হোটেলৰ খানা কিয় খাই মানুহে কাৰণ ঘৰৰ খানাতকৈ সোৱাদ বেলেগ নহয় জানো।

ঠিক একেই দৰে বৈবাহিক জীৱনত যি সুখী নহয়,তেনে মানুহ বাধ্য হৈ পৰোকীয় সম্পৰ্ক গঢ়ি তোলে।

বিঃদ্ৰঃ…. হয়তো মোৰ চিন্তা ধাৰাৰ লগত আপোনাৰ চিন্তা ধাৰা নিমিলিব পাৰে, গতিকে যদি লিখনিৰ লগত একমত নহয় তেন্তে অনুগ্ৰহ 🙏 কৰি বিবাদ যাতে একেবাৰে নকৰে লিখনিত ধন্যবাদ 🙏
✍️ Shibu Saha

Leave a Comment