বিয়াৰ প্ৰথম ৰাতি স্ত্রীক তই বুলি মাতিছিলো…

WhatsApp Follow

বিয়াৰ প্ৰথম ৰাতি স্ত্রীক তই বুলি মাতিছিলো। আৰু কৈছিলো তই মোক আপুনি বুলি মাতিবি, মোৰ ওচৰত অহাৰ চেষ্টা নকৰিবি কেতিয়াও,,, কাৰণ স্ত্রী আছিল একেবাৰে কয়লাৰ ড্রাম। নিখুত কলা তাইৰ গাৰ বৰণ,, প্রথম দিনা ঘৰত সোমাই বিচনাত চাই দেখিলো যেন ঠিক এটা কলা কুকুৰ কাপোৰ পিন্ধি বহি আছে।
ওঠত লাল লিপষ্টিক কপালত লাল ফোট,, ওয়াক থুুুু,,,, লাইট অফ কৰোঁতেই এনেকুৱা লাগিল যে এটা অন্ধকাৰ লৈ শুই আছো। নেহাৰ যৌনতাৰ ও ভাব হৈছিল সিদিনা ৰাতি, তাৰ পিছত বিচনাৰ পৰা তুলি দিছিলো তাইক।

যৌতুক বিৰোধী আছিলো আমি, সেই কাৰণে দেউতাৰ বক্তব্য আছিল যে বিনা যৌতুকত কাৰোবাৰ ছোৱালীক বৌ কৰি ঘৰত আনিবলৈ,, হাজাৰ অনিচ্ছা থাকিলেও দেউতাৰ গৰীব বন্ধুৰ কলা ছোৱালী জনীক বিয়া পাতিব লগীয়া হৈছিল মোৰ। কলেজৰ চেল্ফিবয় ৰ কপালত এনেকুৱা এজনী স্ত্রী আহিল যে আৰু চেল্ফিও তুলিব নোৱাৰি, মোৰ ফ্রেণ্ডচ্ বোৰে মোক বাৰে বাৰে কয় যে মোৰ স্ত্রীক লৈ ফুৰিবলৈ যাবলৈ, কিন্তু মই তাইক কেতিয়াও লৈ যোৱা নাছিলোঁ।
লাজ বুলি তো কিবা আছে?? ৰাতি হ’লে সদায় দেৰিকে ঘৰত আহো, তেতিয়াও তাই জাগি থাকে সদায়।

খোৱাৰ উলিয়াই দিয়ে,, মই একো কথা এ নাপাতো, কেনেকৈ পাতিম বাহিৰত ইমান ধুনীয়া ধুনীয়া ছোৱালীৰ লগত দেখা হয় আৰু ঘৰত কি এনেকুৱা আলকাতৰা কি ভাল লাগে? তাইৰ কি প্রয়োজন সেইটো মই কেতিয়াও সুধা নাই। ঘৰতে সকলোৰ কাপোৰ লোৱা হয়, খোৱা তো আছেই,,,, আৰু কি লাগে। এনেকৈয়ে পাৰ হৈ গ’ল প্রায় কেই মাহ মান।

সিদিনা মোৰ এজন ফ্রেণ্ড তাৰ গার্লফ্রেণ্ডৰ কাৰণে কিবা-কিবি কিনি পেক কৰাইছিল, আৰু সেইটো গৈ দিয়াৰ দ্বায়িত্ব আছিল মোৰ, বহুত ৰাতি গিফ্টবক্স লৈ ঘৰত আহিলো, ঘৰত সোমাই দেখিলোঁ তাই ছফাত শুই আছে।

ভাবিলো ভাত খালে তো?? মই নহালৈকে আকৌ তাই কেতিয়াও খোৱা নাছিল, মই শুই থাকিলো কিন্তু মনত উচ-পিচ হৈ আছে,,, তাইক মাতি তুলি কলো…… খাই তাৰ পিছত শুবি।

পিচদিনা ৰাতিপোৱা গিফ্টবক্সটো বিচাৰি দেখিলোঁ তাতে সকলো বস্তু নাই, ভিতৰত যি যি আছিলে তাই ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছিল। তাইৰ হাঁহি মুখ দেখি আৰু একো কোৱা নাই। বেচাৰী কলা বুলি কি সাজিব নোৱাৰি নেকি?? অকলে অকলে হাঁহিছিলো সিদিনা। তাৰ পিচত নতুন কৰি গিফ্ট লৈ দি আহিলো মই, তাৰ পিছত এদিন তাই বমি কৰিছিল মই বুজিব পাৰিছিলো যে তাই মা হ’ব বুলি।

ঠাণ্ডাৰ দিনত সিদিনা মা-দেউতা ফুৰিব গৈছিল গাওঁত, ঘৰত আছিলো মই আৰু তাই, সিদিনা ৰাতি অলপ সোনকালে ঘৰত গৈছিলো কাৰণ ঘৰত তাই অকলে আছিল। গাওঁৰ ছোৱালী কবও নোৱাৰী যদি ভুতৰ ভয় পায়। ঘৰত গৈ জানিব পাৰিলো যে ৰান্ধা হোৱা নাই, কাৰণ জানিব বিচৰাত তাই কলে…. মই ভাবিছিলো আপুনি বন্ধু সকলৰ লগত খাই আহিব। সেইকাৰণে দুপৰীয়াৰ অলপ ভাত আছিলে মোৰ হৈ যাব বুলি। মই ফ্রিজ খুলি দেখিলো অলপ ভাত আছে, কলো… কাপোৰ পিন্ধি ল, বল হোটেলত খাবি।

তাই যাব বিচৰা নাই যদিও, মই ও তাইক অকলে থৈ যাব পৰা নাই। অৱশেষত দুজন ওলালো,,, ৰাতিৰ চহৰ, তাই যেন হা কৰি চাই থাকিল, মই কলো… হাত ধৰ নহলে ভিৰত হেৰাই যাবি, সিদিনা প্রথম বাৰ তাই মোৰ লগত বাহিৰত ওলাইছিল। প্রথম মোৰ হাত ধৰিছিল, ইমানও বেয়া নাছিল মই ও তাইৰ আঙুলি ধৰিছিলোঁ যাতে তাই হেৰাই নাযায়। আৰু তাইক কৈ দিলো হোটেলত মোক আপুনি বুলি নামাতিবি, তুমি বুলি কবি ঠিক আছে তো,,
তাই মূৰ লৰচৰ কৰি হুমম কৰিলে। কিন্তু হোটেলত খোৱাৰ সময়ত এবাৰো তাই মোক মাতা নাই, উল্টা মই তাইক কৈছিলো,,তুমি আৰু কিবা খাবা নেকি??

সিদিনা দেখিলো মুখত লগোৱা ক্রীম টোৰ টিউব কাটি ক্রীম ওলাই আছিল, ক্রীম শেষ হৈ গ’ল কব তো পৰা মোক নেকি?? সিদিনা প্রথমবাৰ তাই মোৰ ওচৰত চেম্পু বিচাৰিছিল। মই সিদিনা তাইক লৈ মাৰ্কেট গৈছিলো কচমেটিক কিনি দিবলৈ, মোৰ প্রায় বন্ধুবোৰে সিদিনা দেখিছিল কিন্তু সকলোৱে বৌ বুলি যতেষ্ট ৰেচপেক্ট দিছিল সকলোৱে।

3 দিন পিছত তাইক লগত লৈ ফুৰিবলৈ যাবলৈ অনুৰোধ কৰিছিল। 3 দিন পিছত মই ও তাইক লৈ গৈছিলো বাইকত,, তাইৰ জীৱনৰ প্ৰথম লং ড্রাইভ আৰু ড্রাইভাৰ আছিলো মই আৰু মোৰ স্ত্রীক লৈ এই প্রথম বাৰ।

জীৱনত প্রথম বাৰ আজি তাইৰ কাৰণে ভগৱানৰ ওচৰত প্ৰার্থনা কৰিছোঁ, তাই যেন সুস্থ থাকে কাৰণ তাই আজি মা হ’ব আৰু মই দেউতা। নাজানো কৰ পৰা যে ইমান কন্ধা আহিছিল মোৰ, হস্পিটেলত বাৰে বাৰে তাইৰ ওচৰত গৈছিলো,, তাই হাতত ধৰি যিমান বাৰ কৈছিল তাইৰ বহুত ভয় লাগি আছে, সিমান বাৰ কৈছিলো.. ভয় নকৰিবা মই আছো। সিদিনা তাই বেলেগ কাকো বিচৰা নাছিল, অকল মোকহে বিচাৰিছিল। তাই বাৰে বাৰে মোক তাইৰ ওচৰত থাকিবলৈ কৈছিল। আৰু মই বাৰে বাৰে পর্দা উঠাই বাৰে বাৰে তাইক চাই আছিলো। চিজাৰিয়ানত নিয়া হৈছিল তাইক সন্তান পালোঁ, কিন্তু তাইক আৰু নাপালো তাইৰ দেহ ধৰি সিদিনা খুব কান্ধিছিলো।

এনেকুৱা লাগিছিল যে নিজৰ কলিজা চিঙি গ’ল। আজিও তাইৰ শ্মশানত গুচি যাওঁ আৰু চিঞৰী চিঞৰী কও…. “উভতি আহা তুমি, এটা ৰাতি তোমাৰ লগত গল্প কৰাৰ বাকী আছিল,, এটা চেল্ফি তোলাৰ বাকী আছিল। মই জানো মই তোমাক মৰম দিব পৰা নাই,, কিন্তু আজিহে গম পাই আছো যে কিয় বুকুৰ বাওফালে চিন-চিনাই বিষাই থাকে।