সপোনত সহবাস আৰু নগদ ৫০,০০০ হাজাৰ টকাৰ জৰিমনা

WhatsApp Follow

২০১০ চনৰ মাৰ্চ মাহৰ কথা ৷ তেতিয়া মই কলিকতাৰ ভলভো কোম্পানীটোত ৰিজিওনেল মেনেজাৰৰ পদত কৰ্মৰত হৈ আছিলো ৷ সেইসময়তে ছিংগাপুৰৰ ভলভো এছিয়া পেছিফিক কাৰ্য্যালয়ে মোক ভলভো বাংগালোৰ কাৰ্যালয়ৰ চাৰিজনীয়া দল এটাক অৰুনাচলৰ কিমিৰ কামেং হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্পটোত কৰ্মৰত পেটেল ইন্জিনীয়াৰিঙ নামৰ প্ৰতিষ্ঠানটোলৈ লৈ যোৱাৰ দায়িত্বত দিলে ৷ অৰুনাচল বুলি কলেই সচৰাচৰ মোৰ মনটো উৎফুল্লিত হৈ পৰে ৷ ১৯৯৪ চনত North Eastern Regional Institute of Science & Technology চমুকৈ নেৰিষ্টত (NERIST) পঢ়ি থকা দিনৰ পৰাই এই ঠাইখনৰ বৰ্ণিল প্ৰাকৃতিক সৌন্দৰ্য্য, বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ, কলা সংস্কৃতি আৰু জীৱন শৈলীৰ সতে মই একাত্মভাৱে বান্ধ খাই পৰিছিলো ৷ তেতিয়াই লোহিত নদীৰ উত্তৰ পাৰৰ কিম্বদন্তিত পৌৰাণিক পূৰ্ব পুৰুষ আবোটানিৰ সতি সন্ততি নিচি, আদি, আপাটনি, মিচিং, তাগিন আদি জনগোষ্ঠীৰ সামাজিক পৰম্পৰা, ৰীতি, নীতি, আৰু ধৰ্মীয় বিশ্বাস আমাৰ ভৈয়ামৰ বাসিন্দাসকলতকৈ অনন্য বুলি জানিব পাৰিছিলো ৷ নেৰিষ্টত পঢ়ি থকা সময়তে বহু সহপাঠী নিচি, আদি আৰু আপাটনি বন্ধুৰ সতে মোৰ সুহৃদ সম্পৰ্ক গঢ়ি উঠিছিল ৷ আজিও সেই বন্ধু সকলৰ সতে পৰস্পৰে পৰস্পৰক খা খবৰ ৰাখি বিপদে আপদে সহায় সহযোগ কৰি বন্ধুত্ব বজাই ৰাখিছো ৷


অৱশেষত এদিন বহু প্ৰতীক্ষাৰ অন্তত বাংগালোৰৰপৰা অহা সহকৰ্মীৰ দলটোক নেতৃত্ব দি কলিকতাৰ পৰা কিমিলৈ বুলি গুৱাহাটী অভিমুখে ৰাওনা হৈছিলো ৷ ৰাতিপুৱাই বিমানযোগে আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত গুৱাহাটীৰ ভলভো ডীলাৰ কাৰ্যালয়ৰ পৰা ব্যবস্থা কৰি ৰখা গাড়ীখনেৰে আহি প্ৰায় বিয়লি চাৰিমান বজাত ভালুকপঙ পাইছিলোহি ৷ ভালুকপঙত অৰুনাচলৰ প্ৰদেশৰ আৰক্ষী তালাচী চকীটোৰ আৰক্ষী বিষয়া জনে আমাৰ ইনাৰ লাইন পাৰ্মিট সমূহ নিৰিক্ষণ কৰি আগবাঢ়ি যোৱাৰ অনুমতিও দিলে ৷
ভালুকপঙ পাৰ হোৱাৰ খন্তেক পাছতেই আমি এজাক প্ৰবল ধুমুহাৰ সন্মুখীন হ’ব লগা হ’ল ৷ বৰষুণৰ প্ৰাবল্যতা ইমানেই অধিক আছিল আমি অকোৱা পকোৱা পাহাৰীয়া পথত গাড়ীখন চলাই যোৱাটোও বিপদসংকুল হৈ পৰিছিল ৷ কিন্ত চালক জনৰ নিপুণ পাৰদৰ্শিতাৰ বাবে অটব্য অৰণ্যৰ মাজৰ লুংলুঙীয়া পাহাৰীয়া দূৰ্গম পথেৰে ৰাতি ন’মান বজাত গৈ আমি অৱশেষত কিমি হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্প পাইছিলো গৈ ৷ আমি গৈ পোৱাৰ লগে লগে প্ৰকল্পটোৰ নদীবান্ধ নিৰ্মাণৰ দায়িত্ব থকা পেটেল ইন্জিনীয়াৰিঙ নামৰ প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক শ্ৰী যুত উগ্ৰসেন সিং ডাঙৰীয়াই আহি লগ কৰিল৷ তেওঁ আমাক প্ৰতিষ্ঠানটোৰ অতিথি আবাসত থকা শোৱাৰ ব্যৱস্থা কৰি পুৱা ল’গ পোৱাৰ প্ৰতিশ্ৰুতি দি বিদায় লৈছিল ৷

ৰাতিপুৱা সোনকালে উঠি আমি আটাইকেইজনে লঘু আহাৰ গ্ৰহণ কৰি উঠাৰ পাছত উগ্ৰসেন সিং ডাঙৰীয়ালৈ অপেক্ষা কৰিলো ৷ পেটেল ইন্জিনীয়াৰিঙৰ আমন্ত্ৰণ মৰ্মে আমি গৈছিলো কিমিৰ কামেং হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্পটোৰ বিকম আৰু টেঙা নদীত বনাই থকা বান্ধ দুটাত ব্যৱহাৰ হৈ থকা কেইখনমান ভলভো আৰটিকুলেটে হাউলাৰ মেছিন পৰীক্ষা কৰিবলৈ। গতিকে মেছিন কেইখন চাবলৈ যোৱাৰ ব্যবস্থা উগ্ৰসেন সিং ডাঙৰীয়াই কৰি ৰাখিছিল ৷ পাছে বহু সময়লৈকে অপেক্ষা কৰাৰ পাছটো তেখেত আহি নোপোৱাত কিনকিনীয়াৰ বৰষুণ জাক মুৰত লৈয়েই চিধা তেওঁৰ কাৰ্য্যালয় পালোগৈ ৷ কাৰ্য্যালয়ৰ চকিদাৰ জনে কোৱা মতে সিং ডাঙৰীয়া এখন জৰুৰী মিটিঙৰ বাবে ৰাতিপুৱাই টানেল নিৰ্মাণৰত পাহাৰখনৰ কাষৰ গাঁও খনলৈ গৈছে বুলি গম পালো ৷ প্ৰতিষ্ঠানটোৰ বাকী মুৰব্বী বিষয়া সকলো মিটিঙ খনলৈ যোৱাৰ কথা জানিব পাৰি অতিথি আবাসতে তেওঁৰ কাৰণে অপেক্ষা কৰাৰ থিক হ’ব বুলি উভতি আহিলো ৷
সম্পূৰ্ন দিনটোৰ অপেক্ষাৰ অন্ত পেলাই বিয়লি চাৰিমান বজাত সিং চাহাব ভাগৰি জুগৰি আমি থকা অতিথি আবাস পালেহি ৷ আহিয়েই তেওঁ আমাক দিনটো সময় দিব নোৱাৰাৰ বাবেই দুখ প্ৰকাশ কৰি নৈশ ভোজনৰ সময়ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জনাই নিজৰ আবাসলৈ গ’ল ৷
নিশা আঠমানবজাত কথামতেই সিং চাহাবৰ পুনৰ অতিথি আবাসলৈ আহিল ৷ তেওঁৰ আতিথ্যত আমি আটাইকেইজন সহকৰ্মীয়ে সুস্বাদু নিশাৰ ভোজন কৰাৰ পাছত একুৰা জুই চাৰিও কাষে বহি ইটো সিটো পতা কথাৰ মহলা মাৰিব ধৰিলো ৷
সেই কথাৰ মাজতে সিং চাহাবে তেওঁ ৰাতিপুৱাই নিৰ্মাণৰত টানেলটোৰ ওচৰৰ বস্তি খনলৈ এখন বিশেষ মিটিঙ কাৰণে যাব লগীয়া হোৱাত দিনটো আমাক সময় দিব নোৱাৰিলে বুলি জনালে ৷ গাওঁখনৰ মানুহ এঘৰৰ পোহনীয়া গাহৰি এটা প্ৰতিষ্ঠানটোৰ মাটি অনা ট্ৰাকএখনৰ খূন্দাত মৰাৰ বাবে ৰাইজে বহু সময়ৰ বাবে পথ অৱৰোধ কৰি ৰাখিছিল ৷ সিং চাহাব হতৰ সজাতি দ’লটোৰ তত্পৰতাত যেনিবা বিশ হেজাৰ টকাৰ জৰিমনা ভৰি পৰিশোধ কৰি ঘটনাটো সিমানতেই মোকাবিলা কৰি পেলোৱা হ’ল ৷

সিং চাহাবৰ কথাত আচৰিত হৈ মোৰ বাংগালোৰৰ পৰা অহা সহকৰ্মী এজনে সামান্য এটা গাহৰিৰ কাৰণে বিশ হাজাৰ টকাৰ জৰিমনা শুনি অলপ আচৰিতেই হৈছিল ৷ তেতিয়া সিং চাহাবে আমাক কেই বছৰমান আগত সেই গাওঁখনৰ আন এখন মিটিঙৰ অভিজ্ঞতাৰ
কাহিনী এটা কবলৈ আগ্ৰহ প্ৰকাশ কৰিলে ৷ সিং চাহাবৰ মুখত সেই বিশেষ মিটিংখনৰ কাহিনীটো শুনি আমাৰ আটাইৰে চকু কপালত উঠিছিল ৷ এটা কথা ঠিক যে এই কাহিনীটো শুনি আপুনিও বিশ্বাস অবিশ্বাসৰ দোমোজাত পৰি যাব ৷ আমাৰ নিচেই কাষৰিয়া ৰাজ্যখনৰ অনন্য সমাজিক জীৱনৰ ৰীতিৰ নীতি আৰু বিচাৰ ব্যৱস্থাৰ আধাৰত লিখা সেই বিশেষ মিটিঙখনৰ আৰঁৰ ঘটনাটোকে আজি আপোনালোকক অৱগত কৰাব বিচাৰিম ৷
কেইবছৰমান আগত অৰুনাচলৰ কামেং নদীৰ পাৰৰ কিমি নামৰ বিশেষ ঠাইখনত থকা পেটেল ইন্জিনীয়াৰিঙ কোম্পানীৰ অস্থায়ী কেম্পটোত এদিন পুৱাতেই হুৱা দুৱা লাগিল ৷ প্ৰতিষ্ঠানটোৰ চিফা বেটচিঙ প্লানটৰ বিহাৰী অপাৰেটৰ এজনক ওচৰৰ জনগোষ্ঠীয় গাওঁবাসীয়ে লপাথপা দি আটক কৰি লৈ গ’ল ৷ গাওঁবাসীৰ মতে অপাৰেটৰজনে গাওঁখনৰ জনগোষ্ঠীয় ছোৱালী এজনীৰ সতে যোৱাৰাতি গোপনে সহবাস কৰি অপৰাধ কৰিছে ৷ সেইবাবে ৰাইজে উচিত বিচাৰ কৰিবৰ বাবে বিহাৰী লৰাজনক আটক কৰি নিছে ৷ কথাটো কেউফালে ৰাষ্ট্ৰ হৈ পৰাত উগ্ৰসেন সিং সমন্বিতে পেটেল ইন্জিনীয়াৰিঙৰ সকলো মুৰব্বীৰ বিষয়াই অপাৰেটৰ জনৰ সুৰক্ষাৰ বাবে গাওঁখনলৈ ৰাওনা হ’ল ৷ উগ্ৰসেন সিং চাহাবে নিশা কৰ্তব্যৰত চুপাৰভাইজৰ জনক সোধপোচ কৰাত যোৱাৰাতি সেই অপাৰেটৰজন বেটচিং প্লানটৰ দায়িত্বত থকাৰ কথাটো স্বীকাৰ কৰিছিল ৷ কিন্ত অপাৰেটৰ জনে মেছিন বন্ধ কৰি দূৰ্গম ৰাতি সেই গাওঁখনলৈ গৈ তেনে এটা অপকৰ্ম কৰিব বুলি চুপাৰভাইজৰ জনে মানি ল’ব নোৱাৰিলে ৷

পেটেল ইন্জিনীয়াৰিঙ প্ৰতিষ্ঠানটোৰ পৰা যোৱা সজাতি দলটো গাওঁখনত উপস্থিত হোৱাৰ লগে লগে হাত ভৰি বান্ধি ৰখা বিহাৰী অপাৰেটৰ জনক ঘেৰি গোটখোৱা মানুহখিনি জাঙুৰ খাই উঠিছিল ৷ কিন্ত সেই মানুহখিনিৰ মাজৰ পৰা গাওঁখনৰ গাওঁবুঢ়াজনে সিং চাহাবহতঁক আথে বেথে নি বহিবলৈ দিলে ৷ ইতিমধ্যেই গাওঁবুঢ়া জনৰ তদাৰকীত অপাৰেটৰ জনক গাওঁৰ বুঢ়া মেথা মানুহ কেইজনমানে জেৰা আৰম্ভ কৰি দিছিল ৷ প্ৰচণ্ড জেৰাৰ সন্মুখীন হৈয়ো অপাৰেটৰ জনে কোনোপধ্যেই দোষাৰোপ মানি লোৱা নাছিল ৷ জেৰাৰ সময়ত লপাথপা খাইও সি গাওঁখনৰ কোনো ছোৱালীকে চিনিয়ে নাপাই আৰু কোনো দিনেই গাওঁখনলৈ অহা নাই বুলি বাৰে বাৰে কৈছিল ৷ অৱশেষত গাওঁবুঢ়াৰ নিৰ্দেশ মৰ্মে ভুক্তভোগী ছোৱালীজনীক সমাজৰ মাজলৈ লৈ অহা হ’ল ৷ ছোৱালীজনীয়ে সমাজৰ আগতে দোষীক চিনাক্ত কৰি যোৱাৰ ৰাতি তাই ভাত পানী খাই মাকৰ ওচৰত শুই থাকোতেই অপাৰেটৰ জনে আহি অপকৰ্মটো কৰি যোৱা বুলি ভঙা ভঙা হিন্দী ভাষাত দৃঢ়তাৰে কৈছিল ৷ ছোৱালীজনীৰ কথা শুনি কিংকৰ্তব্যবিমোৰ হৈ বিহাৰী অপাৰেটৰজনে ছোৱালীজনীয়ে মিছাকৈ দোষাৰোপ কৰিছে বুলি ৰাউচিযুৰি কান্দোনত ভাঙি পৰিছিল ৷ ইফালে ছোৱালীজনী নাছোৰ বান্দা ৷ তাই অপাৰেটৰ জনক এবাৰ দুবাৰ কিমিৰ বজাৰখনত এবাৰ দুবাৰ দেখিছে বুলিও কলে ৷ কিন্ত কথাটো হ’ল মাকেও ছোৱালীজনী ৰাতি তেওঁৰ ওচৰতেই আছিল বুলি জনাইছিল ৷ বাপেকেও ছোৱালীজনী যোৱাৰাতি শৌচ পেচাব কৰিবলৈ ঘৰৰ বাহিৰলৈ যোৱা নাই বুলি অকপট ভাবে স্বীকাৰ কৰিছিল ৷ মাক ,বাপেক আৰু ছোৱালীজনীৰ নিজা নিজা বক্তব্য শুনি গোট খোৱা মানুহখিনি হতবাক হৈ পৰিছিল ৷ মাক দেউতাকে কোৱা মতে যদি ছোৱালী জনী ঘৰৰ ভিতৰতে আছিল তেনেহলে ছোৱালী জনীয়ে কৰা দোষাৰোপৰ আঁৰত কি ৰহস্য লুকাই আছে জানিবলৈ সকলো অধীৰ হৈ পৰিছিল ৷ অৱশেষত গাওঁবুঢ়া সমন্বিতে কেইজনমান বুঢ়া মেথা মানুহে এটা আচুতীয়া চাংঘৰত ছোৱালীজনীক সোধপোচ কৰাৰ সিদ্ধান্ত ল’লে ৷ কিছুসময়ৰ সোধপোচৰ অন্তত গাওঁবুঢ়াৰ লগতে আন বুঢ়া মেথালোক সকলে মুখত মিচিক মাচাক হাঁহি মাৰি চাংঘৰটোৰ পৰা নামি আহিল ৷ তেওঁলোকৰ ফিচিঙা ফিচিঙি কথাবতৰাৰ পৰা আচল কথাটোনো কি উগ্ৰসেন সিং চাহাবহতে ওৰেই ধৰিবই পৰা নাছিল ৷ অৱশেষত যেনিবা মুখৰ তামোলৰ পিক মাটিত পেলাই গাওঁবুঢ়া জনে ৰহস্যৰ ভেদ ভাঙি জনাই দিলে যে আছলতে যোৱাৰাতি সপোনতেহে লৰা জনৰ সতে তাইৰ সহবাস অৰথাত স্বপ্নদোষ ঘটিছিল ৷

কথাখিনি শুনি বুকুৰ পৰা শিল এটা আঁতৰি যোৱাৰ দৰে লাগিছিল যদিও গাওঁবুঢ়াৰ মুখৰ পাছৰ কথাখিনিয়ে সিং চাহাবহতঁক আশ্বস্ত কৰি পেলালে ৷ গাওঁবুঢ়াৰ মতে বাস্তৱ শৰীৰৰ মিলন নহলেও লৰা-ছোৱালী হালৰ সপোনতে আত্মাৰ মিলন হৈছে ৷ গতিকে পূজা পাতল এভাগ দি মিথুন এটা বলি দি দুয়োটা আত্মাৰ মিলনক বিচ্ছেদ কৰাবই লাগিব বুলি গাওঁবুঢ়াই গলগলীয়া মাতেৰে দৃঢ়তাৰে ক’লে ৷ মিটিঙখনত থুপখাই থকা ডেকা বুঢ়া সকলোৱেই হাত তালি বজাই গাওঁবুঢ়াৰ কথাত সমৰ্থন জনোৱাত সিং চাহাবহতেও উপায়ান্তৰ হৈ অৱশেষত পঞ্চাশ হেজাৰ টকা আত্মাৰ মিলনৰ বিচ্ছেদৰ কাৰণে পাতিব লগীয়া পূজা পাতলৰ খৰছৰ বাবদ দি বিহাৰী অপাৰেটৰ জনক কোনোমতে মোকলাই আনিবলৈ সক্ষম হ’ল ৷ সিং চাহাবৰ মুখত সেই এই কাহিনীটো শুনাৰ পাছত মোৰ লগত যোৱা সহকৰ্মীসকলৰ পেটতে হাত ভৰি লুকাইছিল ৷ কিমিত থকা কেইদিন তেওঁলোকে ভুলতো কেম্পৰ বাহিৰলৈ ওলাবলৈ সাহস কৰা নাছিল ৷
এই ঘটনাটোৰ পৰা আচলতে আমি আমাৰ জনগোষ্ঠীয় সমাজ ব্যৱস্থা, সামাজিক দায়বদ্ধতা আৰু শৃংখলাবদ্ধ জীৱনশৈলীৰ দিশবোৰ মূল্যায়ণ কৰা উচিত ৷ কঠোৰ সামাজিক অনুশাসন আৰু ৰীতি নীতিৰ বাবে ভৈয়ামৰ তুলনাত পাহাৰীয়া সমাজত যৌন উৎপীড়ন অথৱা বলাৎকাৰ আদিৰ দৰে অপৰাধমূলক ঘটনা খুব কমেই ঘটে ৷ আমি আচলতে যিকোনো সমাজৰ ৰীতি নীতিবোৰক উলাই নকৰি তাৰ যথাসম্ভব তাৎপৰ্য্যতাৰ মূল্যায়ণ কৰাহে উচিত হ’ব ৷

চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ ৷

3 thoughts on “সপোনত সহবাস আৰু নগদ ৫০,০০০ হাজাৰ টকাৰ জৰিমনা”

Leave a Comment