কোৱা হয় মানৱ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান আছে গীতাত। জীৱনৰ অন্তৰ্দৃষ্টি লাভ কৰাত গীতাৰ বাণী সমূহে যথেষ্ট প্ৰভাৱ পেলায়। অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা কথোপকথনৰ এই সাতটা বাণী আপোনালোকলৈ আগবঢ়ালোঁ , যিয়ে আপোনাৰ জীৱনতো অন্যতম গুৰুত্ব বহন কৰিব।
গীতাৰ বাণী
১) সত্যক কাহানিও ধ্বংস কৰিব নোৱাৰি । ভাল কিবা এটা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে ।
২) যি ঘটিছিল সেয়া ভালৰ বাবে আছিল, বৰ্তমান যি ঘটি আছে সেয়াও ভালৰ বাবেই আৰু ভৱিষ্যতে যি ঘটিব সেয়াও ভালৰ বাবেই হ’ব ।
৩) ফলাফলৰ বাবে চিন্তিত নহৈ সদায় নিজৰ কৰ্ম নিষ্ঠাৰে পালন কৰি যোৱা উচিত ।
৪) পৃথিৱীলৈ আমি খালী হাতেৰে আহিছিলোঁ । ধন-মান, সম্পৰ্ক সকলোবোৰ ইয়াতহে গঢ়িছো । পৃথিৱীৰ পৰা উভতি যাওঁতে অৰ্থাৎ মৃত্যুৰ সময়তো আমি খালী হাতেৰেই যাব লাগিব ।
৫) জন্ম হ’লে মৃত্যু অনিবাৰ্য । শৰীৰ ধ্বংস হ’ব কিন্তু আত্মা কেতিয়াও ধ্বংস নহয় । সেয়েহে সদায় মনত ৰাখিব যে আপুনি এক আত্মা, শৰীৰ নহয় । মৃত্যু হৈছে কেৱল ভৌতিক পৃথিৱীৰ পৰা আত্মাৰ ক্ষেত্ৰলৈ যোৱা এটি পথ ।
৬) গীতাই ধ্যানক যথেষ্ট গুৰুত্ব দিয়ে । ধ্যানে আভ্যন্তৰীণ শান্তি আৰু সাধনাত যথেষ্ট সহায় কৰে ।
৭) পৃথিৱী পৰিৱৰ্তনশীল । বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে সলনি হ’বই । আমি আমাৰ চৌপাশৰ মানুহ বা অন্যান্য পৰিস্থিতি সদায় একেই থাকিব বুলি আশা কৰিব নালাগে । সময়ৰ লগে লগে সকলো সলনি হয় আৰু সেই পৰিৱৰ্তনক আমি গ্ৰহণ কৰিব লাগে ।