লক্ষ্মী ছোৱালীৰ ৫টা গুণ, জানক কি কি ?

WhatsApp Follow

এজনী ছোৱালী সকলো সময়তে অসহায়, অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁৰ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোন বোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। ছোৱালীৰ আধা জীৱন মানি লওঁতে লওঁতে কাটি যায়, সেয়া দেউতাৰ ঘৰতে হওঁক বা তেওঁৰ স্বামীৰ। ছোৱালী নিজৰ দেউতাকৰ বাবে সদায় special ; এজন দেউতাই তেওঁৰ ছোৱালীক বহু কষ্ট কৰি মানুহ হিচাপে গঢ় দিবলৈ যত্নপৰ থাকে।

সন্তানৰ কোনো সমস্যা হ’লে তাৰ মা সেয়া আগৰ পৰাই বুজি পাই কাৰণ সন্তান আৰু মা’ৰ সম্পর্ক অইন লোকতকৈ ১০ মাহ ১০ দিন আগৰ পৰাই থাকে। নাৰীক ভয় দেখুৱাকে পুৰুষত্ব বুলি নকয়, বৰং স্ত্ৰীৰ মুখত হাঁহি বিৰিঙাই দিয়াটোৱেই প্ৰকৃত পুৰুষত্ব । এজনী নাৰী জীৱনৰ সকলো সময় আনৰ বাবে জীয়াই থাকে ; জন্মৰ পিছত মা দেউতাৰ বাবে, বিয়াৰ পিছত স্বামীৰ বাবে আৰু সন্তান জন্মৰ পিছত সন্তানৰ বাবে। নাৰীৰ সন্মান পুৰুষে তেতিয়াহে বুজি উঠে যেতিয়া সেই পুৰুষ এগৰাকী নাৰীৰ পিতৃ হয়।

সেয়ে কোনোবাই নাৰীক খুব ভালকৈয়ে কৈছিল, ” কিছু সময় উলিয়াই তুমি মাজে মাজে তোমাৰ নিজৰ বাবে জীয়াই থাকিবলৈ শিকা, কাৰণ তুমি হাজাৰ পৰিশ্ৰম কৰিলেও এবাৰো কোনোৱে তোমাক জিৰণি লবলৈ নকব, বৰং তোমাৰ পৰা আৰু বেছিকৈ বিচাৰিব সকলোৱে ; আজি যিহেতু তুমি পৰিশ্ৰম কৰি ক্লান্ত হৈ গৈছা তেন্তে জিৰণি লবলৈ শিকা “। আৰু কৈছিল, ” নিজে যি বিচৰা সেইটো কৰা, আনে কি কব তাক মন নকৰিবা, কাৰণ তুমি যিদিনা জন্ম লৈছিলা সেইদিনাও মানুহে কৈছিল যে ছোৱালীহে জন্ম হ’ল” ।

নাৰীয়ে শাসন পছন্দ কৰে কিন্ত সেয়া খঙৰ মাধ্যমেৰে নহয়, আদৰ – মৰম আৰু মিঠা ভাষাৰে কৰা শাসন নাৰীয়ে খুব পছন্দ কৰে। নাৰীক দিবলৈ উপহাৰ হয়তো এই পৃথিৱীত বহুত আছে কিন্তু নাৰীক উপহাৰ হিচাপে যদি কোনোবাই সন্মান দিছে তেন্তে সেই উপহাৰতকৈ ডাঙৰ উপহাৰ এই পৃথিৱীত নাই।

ব্যৱহাৰ কৰা কপালৰ ফোঁট ঢিলা হৈ গলেও নাৰীয়ে সেইটো যত্নৰে ৰাখে, ভৰিত পিন্ধা মোজা এপাত হেৰাই গলেও পেলাই নিদিয়ে, চিঙা শাৰীখন – ভগা মোবাইলটো – ভাঙি যোৱা খাৰুযোৰ একো কামত নালাগে জানিও পেলাই নিদিয়ে নাৰীয়ে, ইয়াৰ কাৰণ হৈছে মায়া।


আৰু পঢ়ক
>> এই কামৰ বাবে ধন ব্যৱহাৰ কৰক, জীৱনলৈ আহিব সফলতা।
>> কোন ঘৰত ঈশ্বৰে কন্যা সন্তানৰ জন্ম দিয়ে [ শ্ৰীকৃষ্ণৰ বাণী ]


নাৰীয়ে ঘৰখনৰ পৰা সংসাৰ খনলৈ যিমানে কষ্ট নকৰক যিমানে ঘাম মাটিত নেপেলাওক কিয় পুৰুষৰ এটাই প্ৰশ্ন, “দিনৰ দিনটো কি কৰি থাকাহে “! ছোৱালীক দায়িত্বশীল হ’বলৈ শিকাবৰ প্ৰয়োজন নাই, নিজে কণী এটা ভাঁজিব নজনা ছোৱালী জনীয়েও যিদিনা তেওঁৰ মা অসুস্থ হৈ পৰে সেইদিনা ঘৰখনৰ সমস্ত কাম খুব সুন্দৰকৈ কৰি পেলাই।

সকলো নাৰীয়ে টকা নিবিচাৰে , নাৰীয়ে মৰম বিচাৰে ; নাৰীয়ে সচাঁ কথা পচন্দ কৰে , কিন্তু নাৰীয়ে মিথ্যাবাদীক সহজতে বিশ্বাসত লৈ নিজে বিপদত পৰে , নাৰীয়ে খুব ভাল অভিনয় কৰিব জানে , কিহৰ অভিনয় জানে ? হাজাৰ দুখ লুকাই ৰাখিও নিজে ভালে থকাৰ অভিনয় কৰে।

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ :- ১) খং বেছি ২) খুব সোনকালে মূৰ গৰম হয় ৩) মুখৰ ওপৰত তৰ্ক কৰিব জানে ৪) খঙৰ পৰিনীতিত যিকোনো কথা কৈ দিব পাৰে আৰু ৫) সকলো শেষত নিজেই কষ্ট পায়। কিন্ত ছোৱালীৰ এটাই ভুল যে তেওঁলোকে ল’ৰাৰ মিছা কথাবোৰ সহজে বিশ্বাসত লৈ পেলাই ।

তুমি নাৰী সেয়ে তুমি বহুৰূপী , আৰু তুমিয়ে নাৰী সমাজৰ মৰ্যদা ৰক্ষাকাৰী। পৰিয়ালৰ ফালে চাই নিজৰ ইচ্ছা, আশা – আকাংশা সমূহ বিসৰ্জন দিয়াৰ নামে হৈছে নাৰী । অসংখ্য যন্ত্ৰণা সহ্য কৰি হলেও এজনী নাৰীয়ে এটি সম্পৰ্ক, এখন সংসাৰ, এটি প্ৰেমৰ সম্পৰ্ক জীয়াই ৰাখিব বিচাৰে আৰু সেয়ে নাৰী হৈছে মায়াবতী আৰু মায়াবতী শব্দৰ কোনো পুৰুষবাচক শব্দ নাই।

এজনী নাৰীৰ বাবে আটাইতকৈ ডাঙৰ স্কুল হৈছে তেওঁৰ শহুৰৰ ঘৰখন ; যত শিক্ষকৰ অভাৱ নাই আৰু শিকাৰো শেষ নাই। মা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু সুৰক্ষিত বেংক যত আমি আমাৰ দুখ কষ্ট বোৰ কোনো বিনিময় নোহোৱাকৈ জমা ৰাখিব পাৰো আৰু বিনিময়ত লাভ কৰিব পাৰো অফুৰন্ত মৰম আৰু ভালপোৱা।

কোনো পুৰুষৰে এজনী নাৰীক চৰিত্ৰহীন কোৱাৰ অধিকাৰ নাথাকে, কিয়নো পুৰুষৰ স্পৰ্শ অবিহনে কোনো নাৰীৰ চৰিত্ৰ হৰণ নহয়। পৃথিৱীৰ সকলো নাৰী সুৰক্ষিত থাকক।

1 thought on “লক্ষ্মী ছোৱালীৰ ৫টা গুণ, জানক কি কি ?”

Leave a Comment