( According to the scriptures, what you need to do when you get up in the morning to be successful ) আমি এনেকুৱা কিছুমান কাম সদায় কৰি থাকোঁ যাৰ দ্বাৰা আমাৰ ঘৰত দৰিদ্ৰতাৰ আগমন হয়। আমি নিজৰ মংগল কৰিবৰ হ’লে যিবোৰ অমংগল আমি নিতৌ জীৱনত কৰি আছো সেইবোৰ নাইকিয়া কৰিব লাগিব। আৰু এই অমংগল বোৰৰ পৰা বাছি থাকিলেহে আমাৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হ’ব আৰু ভগৱান তথা মা লক্ষ্মীৰ কৃপা আমাৰ ওচৰত সদায় থাকিব। প্ৰথমেই আমি কথা পাতো যি কেইটা কাম আমি পোৱাই উঠি কৰিবলৈ এৰি দিব লাগে।
আমি ৰাতিপুৱা নকৰিবলগীয়া কাম কেইটা হৈছে –
১/ ৰাতিপুৱা ৪ ৰ পৰা ৭ বজাৰ সময়তো হৈছে ব্ৰহ্মকাল। এই সময়ছোৱাত মানুহে ভোগ বাসনাত লিপ্ত হ’ব নালাগে। এই সময়ছোৱাত ভোগ বাসনাত লিপ্ত হ’লেই আমাৰ দৰিদ্ৰ হোৱাৰ সময় চাপি আহে।
২/ ৰাতিপুৱা শুই উঠাৰ পাছত আমি কেতিয়াও এনেকুৱা দৃশ্য চাব নালাগে য’ত কাজিয়া হৈ থাকে। যেনে পশু পক্ষীয়ে কাজিয়া কৰা ফটো, ভিডিও আদি চাব নালাগে। আজিকালি প্ৰায় সকলো মানুহেই পুৱাই হাতত নিজৰ মোবাইলটো লৈ কিবা চোৱাত ব্যস্ত হৈ পৰে। তেনেক্ষেত্ৰত এনেধৰণৰ কাজিয়া কৰাৰ দৰে চিত্ৰ বা ভিডিও চাব নালাগে। অৰ্থাৎ মানুহেই হওক বা জীৱ জন্তুৱেই হওক কাৰো মাজত বাদ বিবাদ হোৱা চাব নালাগে। আৰু লগতে নিজৰ ঘৰখনতো কাৰো লগত কাজিয়া নকৰিবলৈ চেষ্টা কৰিব লাগে। যিমান শান্তিৰে পাৰি সেই ৰাতিপূৱাটো কটাব লাগে। যদি আপুনি পুৱাই পুৱাই খং ৰাগ কৰে তেন্তে ই আপোনাৰ ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ কৰে।
৩. ৰাতিপুৱা শুই উঠাৰ পাছত পোনে পোনে নিজৰ চেহেৰাতো আইনাত চাব নালাগে। ইও দৰিদ্ৰতাক প্ৰকট কৰে।
৪. শুই উঠিয়েই মুখ নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰায় মানুহে ৰাতি ভোকত আহাৰ গ্ৰহণ নকৰাকৈ শুই যায় কিন্তু পুৱাই সাৰ পাই খাবলৈ ধৰে। কিন্তু এনে কেতিয়াও কৰিব নালাগে।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
যদি আমি এই কেইটা উপায় অৱলম্বন কৰোঁ তেন্তে নিশ্চয়কৈ পৰিৱৰ্তন দেখা পাম। লগতে মা লক্ষ্মীৰ কৃপাও আমাৰ লগত সদায় থাকিব।
My date of birth 6/12/1975 morning 7.45 if you advice me better thanks . Useful I sometime used to follow advice