প্ৰেচাৰ কুকাৰত এই ৪টা বস্তু কেতিয়াওঁ ৰান্ধিব নালাগে !

Daily Job Update Follow

( These 4 things should never be cooked in a pressure cooker ) আপুনি জানেনে যে কিছুমান খাদ্য আপোনাৰ প্ৰেচাৰ কুকাৰত ৰান্ধিলেও সেই খাদ্যৰ পুষ্টিৰ মানদণ্ড নষ্ট হৈ যায়, বহুতেই প্ৰেচাৰ কুকাৰত ৰান্ধি সময় ৰাহি কৰোঁ, কিন্তু যদি আপুনি প্ৰেচাৰ কুকাৰত কিছুমান বস্তু ৰান্ধিছে, তেন্তে খাদ্য পুষ্টিৰ মানদণ্ড সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব । চাওঁ আহক আমাৰ Jibonor Shongram পেজত, প্ৰেচাৰ কুকাৰত কি কি খাদ্য ৰন্ধা উচিত নহয় –

১) ভাত, আমি প্ৰায়ে খৰখেদা কৰি প্ৰেচাৰ কুকাৰত ভাত ৰান্ধো, কিন্তু প্ৰেচাৰ কুকাৰত ভাত ৰান্ধিলে শৰীৰৰ বাবে বৰ বেয়া । গতিকে কিছু সময় থাকিলে নিশ্চয়কৈ বেলেগ এটা পাত্ৰত ভাত ৰান্ধিব ।

২) মাছ, প্ৰেচাৰ কুকাৰত মাছ কেতিয়াও ৰান্ধিব নালাগে, প্ৰেচাৰ কুকাৰত মাছ ৰান্ধিলে মাছ সোনকালে সিজাই যায়, গতিকে মাছ খোৱাটো ভাল নালাগে ! গতিকে প্ৰেচাৰ কুকাৰত কেতিয়াও মাছ ৰান্ধিব নালাগে ।

৩) কণী, প্ৰেচাৰ কুকাৰত কণী ৰন্ধা উচিত নহয় । আমি প্ৰায়ে প্ৰেচাৰ কুকাৰত কণী উতলাই লওঁ । কিন্তু সঠিক সময়ত প্ৰেচাৰ কুকাৰটো খুলি নিদিলে কণীটো ফাটি যাব আৰু ভিতৰৰ গোটেইখিনি লেতেৰা হৈ পৰিব ।

৪) শাক-পাচলি, প্ৰেচাৰ কুকাৰত কেতিয়াও শাক-পাচলি ৰন্ধা উচিত নহয় । প্ৰেচাৰ কুকাৰত শাক-পাচলি ৰান্ধিলে শাক-পাচলিৰ পুষ্টিকৰ মূল্য নষ্ট হয় ।

1 thought on “প্ৰেচাৰ কুকাৰত এই ৪টা বস্তু কেতিয়াওঁ ৰান্ধিব নালাগে !”

Leave a Comment