বাস্তু-শাস্ত্ৰৰ মতে ঘৰৰ এই দিশত ৰোপণ কৰক কলগছ ! জিলিকি উঠিব ভাগ্য

WhatsApp Follow

শাস্ত্ৰত তুলসীৰ পিছতে কল গছক অতি শুভ বুলি গণ্য কৰা হয়। বৃহস্পতি গ্ৰহৰ সৈতে ইয়াৰ সম্বন্ধ আছে বুলি কোৱা হয়। শুভ আৰু মাংগলিক কামত কল গছৰ বিশেষ গুৰুত্ব আছে।

কল গছৰ শিপা হালধীয়া সূতাৰ লগত দেহত ধাৰণ কৰিলে বৃহস্পতি শক্তিশালী হয়।যদি সঠিক দিশত কলগছ ৰোপণ কৰা হয় তেনেহলে বহু ৰোগৰ পৰাও হাত সাৰিব পৰা যায়।

কিন্তু এই কলগছবোৰ কোনটো দিশত ৰোপণ কৰিব লাগে আপুলি জানেনে ? বাস্তু-শাস্ত্ৰৰ দ্বাৰা ঘৰৰ কোন দিশত কল গছ ৰোপণ কৰিলে শুভ সেয়া জানিব পাৰি।

ঘৰৰ কোনটো দিশত কলৰ গছ ৰোপণ কৰিব নালাগে–

ঘৰত কলগছ ৰোপণ কৰিলে বৃহস্পতি ৰ সৈতে সম্পৰ্কিত সকলো সমস্যা আঁতৰ হয়।ঘৰৰ শিশুৰ পক্ষটো সদায় সুখী হৈ থাকে। বিবাহিত জীৱনত কোনো অসুবিধা নাহে।

বাস্তুৰ মতে,যদি আপুনি ঘৰৰ বাগিচাত কলগছ ৰোপণ কৰিবলৈ গৈ আছে,তেন্তে মনত ৰাখিব যে ইয়াক কেতিয়াও পূব বা দক্ষিণ দিশৰ দক্ষিণ-পূব কোণত অৰ্থাৎ বাগিচাৰ মধ্য স্থানত ৰোপন নকৰিব।

ইয়াৰ বাহিৰেও,বাস্তু শাস্ত্ৰত কোৱা হৈছে যে পশ্চিম দিশত কলগছ ৰোপণ কৰাটো সঠিক নহয়।


আৰু পঢ়ক
>> এলোভেৰা গছে আপোনাৰ জীৱন সলনি কৰিব পাৰে
>> ৰাতিপুৱা সাৰ পাই এই ৭টা কাম নকৰিব !


কলৰ চমৎকাৰী উপকাৰ সমূহ হৈছে–

যদি বৃহস্পত্তিয়ে সমস্যা প্ৰদান কৰে,তেন্তে বৃহস্পতিবাৰে কল দান কৰক।কিন্তু দান কৰাৰ দিনা আপুনি নিজে কল নাখাব। যদি বৃহস্পতি দুৰ্বল হয়,তেন্তে সূৰ্য্যোদয়ৰ সময়ত কল খাব।

ভগৱান গণেশক কলৰ মালা এটা আগবঢ়াওক। পিছত ইয়াক গ্ৰহণ কৰক ।ই শিশুৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যা সমাধান কৰিব।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment