কান্দিলে আমাৰ শৰীৰৰ কি উপকাৰ হয় | Benefit Of Crying In Assamese

হা‍ঁহিৰ উপকাৰ আমি সকলোৱে জানো।  কিন্তু কন্দাৰো বহুতো উপকাৰিতা আছে জানিলে আচৰিত হ’ব।  কান্দাটো মানৱ জীৱনৰ বাবে বহু উপকাৰী।শৰীৰৰ পৰা টক্সিন (Toxins) বাহিৰ কৰে।  যেতিয়া মানুহ চিন্তা বা দুখত থাকে তেতিয়া শৰীৰত কেইবাবিধো টক্সিন উৎপন্ন হয়।  যদি এই টক্সিন মানুহৰ শৰীৰৰ পৰা বাহিৰ নহয় তেতিয়া বহুত অপকাৰ হ’ব পাৰে।  কান্দিলে শৰীৰৰ পৰা লাহে লাহে টক্সিন বাহিৰ হয় আৰু কিছু পৰিমানে দুখ-চিন্তা কম হয়।

১/ কান্দিলে মূৰৰ বিষ দূৰ হয়।

মূৰৰ বিষৰ বহুত কেইটা কাৰণ আছে, যেনে চিন্তা আৰু হতাশা।  কান্দিলে হতাশা দূৰ হয়, ফলে মূৰৰ বিষ ভাল হয়।

২/ টোপনি ভাল হয়।

এক অধ্যয়নত প্ৰকাশ পাইছে যে কান্দিলে ভালদৰে টোপনি আহে।  দৰাচলতে মানুহে যেতিয়া কান্দে তেতিয়া মগজু শান্ত হয় আৰু ভালকৈ টোপনি আহে।

৩/ মন ভালে থাকে।

মানুহৰ যেতিয়া আৱেগ বা দুখ বেছি হয় তেতিয়া মানুহে কান্দে।   কান্দাৰ ফলত মানুহৰ আৱেগ বা দুখ কম হয়। সেই বাবে মন ভালে থাকে।

আৰু পঢ়ক-

৪/ টেনচনৰ পৰা মুক্তি।

যেতিয়া কোনো ব্যক্তি টেনচনত থাকে, সেই সময়ত ব্যক্তিজনে কান্দি লয় তেতিয়া টেনচনৰ পৰা কিছু পৰিমানে সকাহ পায় ।   লগতে শৰীৰৰ পৰা Oxytocin আৰু Endorphins নামৰ ৰাসায়নিক দ্ৰব্য বাহিৰ হয় তেতিয়া ব্যক্তি জনৰ মনটো ভাল হয়।

৫/ মন শান্ত হয়।

প্রচুৰ পৰিমানে কান্দাৰ পিছত মানুহে শান্তি অনুভৱ কৰে,   আৰু এই শান্তি কেৱল কান্দাৰ পিছত পোৱা সম্ভৱ।  সেই বাবে কান্দিলে মনখুলি কান্দিব যাতে মনত কোন ধৰণৰ দুখ-কষ্ট নাথাকে।

৬/ চকুৰ বাবে উপকাৰী।

বাঢ়ি অহা প্ৰদূষণ আৰু প্ৰযুক্তিৰ বাবে আমাৰ চকুত বহুতো বেয়া প্ৰভাৱ পৰে।  এনে সময়ত ব্যক্তিজনে যদি চকুপানী উলিয়াই দিব পাৰে তেতিয়া চকু পৰিস্কাৰ হয়।  লগতে চকুৰ তৰলতা বৃদ্ধি পায় যিবোৰ আমাৰ চকুৰ বাবে বহুত উপকাৰী।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Leave a Comment