Central Bank ত চাকৰিৰ সুযোগ, দৰমহা ১৬,৫০০ /-

WhatsApp Follow

Central Bank Of India Recruitment For Groupd D post – বেংকত কাম কৰিব বিচৰা চাকৰি প্ৰত্যাশীসকলৰ বাবে এক ডাঙৰ সোণালী সুযোগ। ভাৰত চৰকাৰৰ অধীনস্থ Central Bank ত প্ৰকাশ কৰিছে এক নতুন চাকৰিৰ অধিসূচনা। য’ত চাকৰি প্ৰত্যাশীসকলে ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা আবেদন কৰিব পাৰিব। দৰমহাৰ, শিক্ষাগত অৰ্হতা, আবেদন পদ্ধতি আৰু এই চাকৰিৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য পাবলৈ এই প্ৰতিবেদন সম্পূর্ণ পঢ়ক। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

Central Bank যোৱা ২০ ডিচেম্বৰত নতুন চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। প্ৰাৰ্থীসকলক দিয়া আনুষ্ঠানিক জাননীত উল্লেখ কৰা হৈছে যে কেৱল মধ্যমিক উত্তীৰ্ণৰ অৰ্হতা থকা প্ৰাৰ্থীসকলকহে কৰ্মচাৰী পদত নিযুক্তি দিয়া হ’ব। ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে এই পদত আবেদন কৰিব পাৰিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা লাভ কৰিব। যদি প্ৰাৰ্থীসকলে কৰ্মচাৰী হিচাপে চাকৰি পায় তেন্তে তেওঁলোকৰ দৰমহা ১৬৫০০ টকাৰ পৰা আৰম্ভ হ’ব।

আনুষ্ঠানিক অধিসূচনাত চাকৰি প্ৰত্যাশীসকলক কোৱা হৈছে যে এই চাকৰিৰ বাবে প্ৰাৰ্থীসকলৰ নিযুক্তি প্ৰক্ৰিয়া লিখিত পৰীক্ষা আৰু ভাষা পৰীক্ষাৰ জৰিয়তে কৰা হ’ব। অধিক সবিশেষ জানিবলৈ তলত দিয়া লিংকৰ পৰা অফিচিয়েল নটিফিকেচন ডাউনলোড কৰিব পাৰিব।

এই চাকৰিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰ পিছত আবেদন মাচুল জমা কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ ৯/১/২০২৪ । অধিক সবিশেষ জানিবলৈ তলত দিয়া লিংকৰ পৰা অফিচিয়েল নটিফিকেচন চাব পাৰিব।

Official NoticeClick Here
Official WebsiteClick Here
Apply OnlineClick Here

আৰু পঢ়ক – ভাৰতীয় নৌসেনাত চাকৰিৰ সুযোগ, আবেদনৰ অন্তিম তাৰিখ কেতিয়া ?