প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই আবেদন কৰক !

WhatsApp Follow

আমাৰ পাঠকসকলে আমাক বিভিন্ন সময়ত সুধি থাকে কৃষকৰ বাবে অহা ছ’লাৰ আমি কেনেকৈ লাভ কৰিম। সকলোকে ব্যক্তিগতভাৱে জনোৱাতো সহজ নহয় গতিকে ছ’লাৰ পোৱাৰ সকলোখিনি কথা সামৰি আমি এই লেখাটো প্ৰস্তুত কৰিছো। প্ৰথমে আপোনাক জনাওঁ যে এই ছ’লাৰখন আপোনালোকে জিলা কৃষি কাৰ্যৰ ক্ৰয় কৰিলে আপুনি ৮৫ শতাংশ ৰাজসাহাৰ্যত লাভ কৰিব। অৰ্থাত আপুনি ১০০ টকাত মাত্ৰ ১৫ টকাহে দিব লাগিব। ইয়াৰ বাবে আপুনি এজন কৃষক হ’ব লাগিব। কৃষক নহলে আপুনি লাভ নকৰিব।

ৰাজ্যৰ প্ৰতিখন জিলাত কৃষি বিভাগে এতিয়া কৃষকলৈ আগবঢ়াই আছে ৰাজ সাহাৰ্যযুক্ত ছ’লাৰ। এই ছ’লাৰ লাভ কৰিবলৈ প্ৰথমে কৃষকজনে জিলা কৃষি কাৰ্যালয়লৈ গৈ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ বিষয়াসকলক লগ কৰক। তাৰপাছতে তেওঁলোকে আপোনালোকক আবেদন কৰিবলৈ জনাব। আবেদন কৰাৰ পাছতে আপোনাৰ আবেদন বিষয়াসকলে পৰীক্ষা কৰিব। আবেদন কৰিবলৈ তলত ক্লিক কৰক !

পৰীক্ষাত আপুনি ছলাৰ পোৱাৰ যোগ্যতা আছে বুলি বিবেচিত হোৱাৰ পাছতে ৩৩ হাজাৰ টকাৰ এটা ড্ৰাফট কাটিব লাগিব। তাৰ পাছতে আপুনি কিছুদিনৰ পাছতে ছলাৰ লাভ কৰিব। (ছ’লাৰখনৰ বিষয়ে সথিকভাৱে জানিবলৈ আপোনালোকে প্ৰথমে জিলা কৃষি কাৰ্যালয়লৈ গৈ সথিকভাৱে জানি লওঁক।)

লগতে চাওক – কেন্দ্ৰৰ নতুন আঁচনি, ঘৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব চিলাই মেচিন ! কেনেকৈ আবেদন কৰিব ?

উল্লেখ্য যে এজন কৃষকক এখন ছ’লাৰে কিমান সহায় কৰে সেয়া ভাৱিব নোৱাৰে। কৃষক এজনৰ বাবে পানী হৈছে মৌলিক বস্তু। পানী অবিহনে কৃষকজনৰ সকলো শ্ৰম অথলে যাব। এই পানীয়েই কৃষকজনক দিনটোৰ আঠ-ন ঘন্টা যোগান ধৰিব ছলাৰখনে। পুখুৰীৰ পানী শুকাই গ’লেও ছলাৰখনৰ দ্বাৰা চলি থকা পানী পাম্পেৰে কৃষকজনে পুখুৰীত পানী যোগান ধৰি থাকিব পাৰিব। আবেদন কৰিবলৈ তলত ক্লিক কৰক !

এইবোৰৰ ওপৰি কৃষকজনে বিভিন্নকামত ব্যৱহাৰ কৰিব পাৰে। যেনে- স্পিংকলাৰ ব্যৱহাৰ, সাৰ ছতিওৱা, গাহৰি গড়ালত মটৰেৰে পানী দি ছাফা কৰা, বয়লা কুকুৰা পুহিলে নিশা পোহৰৰ ব্যৱস্থা কৰা। এক কথাত বিজুলি প্ৰয়োজন হোৱা প্ৰতিটো কামতে কৃষকজনে ছ’লাখন ব্যৱহাৰ কৰিব পাৰিব।

আবেদন কৰিবলৈ তলত ক্লিক কৰক !

Apply Now